• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজ্যপালক ভুৱা সমৰ্থন পত্ৰ দিছিল থালাপতি বিজয়ে? বিজয়ৰ বিৰুদ্ধে এহাজাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 6:45 pm
242
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুত চৰকাৰ গঠনক লৈ চলি থকা টনা-আঁজোৰাৰ মাজতে এইবাৰ অভিনেতা তথা তামিলাগা ভেট্টি কাজাগাম চমুকৈ টিভিকে দলৰ মুৰব্বী থলপতি বিজয়ৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিজেপি আৰু এডিএমকেৰ সহযোগী দল আম্মা মক্কাল মুনেত্রা কাজাগামৰ প্রধান টিটিভি দীনকৰণে বিজয়ৰ বিৰুদ্ধে ৰাজ্যপালক ভুৱা সমৰ্থন পত্ৰ জমা দিয়াৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। চেন্নাইৰ গুইণ্ডি থানাত দিয়া এই অভিযোগত কোৱা হৈছে যে চৰকাৰ গঠনৰ দাবী জনাবলৈ বিজয়ে যিখন সমৰ্থন পত্ৰ ব্যৱহাৰ কৰিছে সেয়া সম্পূৰ্ণৰূপে ভুৱা। দীনকৰণ হৈছে তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জয়ললিতাৰ বান্ধৱী শশীকলাৰ ভতিজাক আৰু বৰ্তমান এএমএমকে দলৰ মুৰব্বী।

দীনকৰণৰ অভিযোগ অনুসৰি বিজয়ে ৰাজ্যপালৰ ওচৰত ১১৯ গৰাকী বিধায়কৰ সমৰ্থন থকাৰ যিখন তালিকা জমা দিছে তাত এএমএমকে দলৰ বিধায়ক এছ কামৰাজৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু কামৰাজে তেনেকুৱা কোনো সমৰ্থন পত্ৰত স্বাক্ষৰ কৰা নাই বুলি দীনকৰণে দাবী কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে ৰাজ্যপালৰ ওচৰত জমা দিয়া সমৰ্থন পত্ৰৰ ফটোকপিটোত জালিয়াতি কৰা হৈছে। আনকি আন এটা দল ভিসিকৰ নেতা থল তিৰুমালব্যনেও জনাইছে যে বিজয়ক সমৰ্থন কৰাৰ সন্দৰ্ভত তেওঁলোকে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই। যদিও ইয়াৰ আগদিনা বিজয়ে তেওঁৰ চৰকাৰক দলিত দলটোৱে সমৰ্থন কৰিব বুলি দাবী কৰিছিল।

Apply Now

তামিলনাডুৰ শেহতীয়া নিৰ্বাচনত বিজয়ে সাত দশকৰ পুৰণি ডিএমকে আৰু এডিএমকেৰ আধিপত্য ভংগ কৰি সকলোকে আচৰিত কৰি দিছে। ২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে ১১৮ খন আসনৰ প্ৰয়োজন যদিও এইবাৰ কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে বিজয়ৰ টিভিকে দলে ১০৮ খন আসনত জয়লাভ কৰি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে। যিহেতু বিজয়ে নিজে দুখন আসনত জয়ী হৈছে সেয়েহে বৰ্তমান তেওঁৰ দলৰ বিধায়ক সংখ্যা ১০৭ জন। আনহাতে ডিএমকে-কংগ্ৰেছ-বাম মিত্ৰজোঁটে ৭৪ খন আৰু এডিএমকে-বিজেপি জোঁটে ৫৩ খন আসন লাভ কৰিছে।

ৰাজনৈতিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে কাৰণ ডিএমকে ৫৯ খন আসনত জিকিলেও দলৰ মুৰব্বী এম কে ষ্টেলিন পৰাজিত হৈছে। চৰকাৰ গঠনৰ বাবে যিহেতু বিজয়ৰ হাতত প্ৰয়োজনীয় সংখ্যক বিধায়ক নাই সেয়েহে তেওঁ বিভিন্ন দলৰ সমৰ্থন বিচাৰিছে। কংগ্ৰেছ আৰু বাওঁ দলসমূহে ইতিপূৰ্বে বিজয়ক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে যদিও ৰাজ্যপাল বিশ্বনাথ আৰ্লেকাৰে এতিয়ালৈকে তেওঁক শপত গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা নাই। ৰাজ্যপালৰ মতে ১১৮ জন বিধায়কৰ স্পষ্ট সমৰ্থন নোপোৱালৈকে তেওঁ চৰকাৰ গঠনৰ অনুমতি দিব নোৱাৰে। এনে এক সন্ধিক্ষণতে সমৰ্থন পত্ৰ জালিয়াতিৰ এই অভিযোগে বিজয়ৰ বাবে চৰকাৰ গঠনৰ পথ অধিক কঠিন কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd