প্ৰতিটো বিশ্বকাপতে সাধাৰণ ফুটবল অনুৰাগীয়ে বলটোৰ প্ৰতি আগ্ৰহী। বলৰ লগত বিভিন্ন ধৰণৰ পৰীক্ষাও কৰা হয়। ২০২৬ চনৰ বিশ্বকাপত ব্যৱহাৰ হ’ব সম্পূৰ্ণ নতুন প্ৰযুক্তিৰ বল। সাধাৰণতে আমাৰ অঞ্চলত ব্যৱহৃত বল, আনকি ভাৰতীয় ফুটবল বা বিদেশৰ বিভিন্ন প্ৰতিযোগিতাতো বায়ু ভৰাই ল’ব লগা হয়। অৱশ্যে এইবাৰৰ বিশ্বকাপৰ বলটো চাৰ্জ কৰিব লাগিব।
বলটো দেখিবলৈ কেনেকুৱা?
বলটোৰ ডিজাইনত ৰঙা, সেউজীয়া আৰু নীলা ৰঙৰ আকৰ্ষণীয় সংমিশ্ৰণ আছে, যিয়ে আয়োজক তিনিখন দেশক শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াত প্ৰতিখন দেশৰ প্ৰতীক হিচাপে বিশেষ চিহ্ন ব্যৱহাৰ কৰা হৈছে—কানাডাৰ বাবে মেপেল পাতৰ চিহ্ন, মেক্সিকোৰ বাবে ঈগল আৰু আমেৰিকাৰ বাবে তৰা।
বলটোৰ এটা পেনেলৰ ভিতৰত ১৪ গ্ৰাম ওজনৰ লঘু মোচন চেন্সৰ চিপ এটা সোমাই ৰখা হৈছে। এই উচ্চ নিখুঁত ৫০০ হাৰ্টজ চেন্সৰটোৱে বলৰ প্ৰতিটো স্পৰ্শ, গতি, ঘূৰ্ণন আৰু গতিপথ ৰিয়েল টাইমত অনুসৰণ কৰিবলৈ সক্ষম।
এই বলটোৰ নাম কি?
তিনিটা ঢৌৰ পৰাই ‘ত্ৰাইঅ’ণ্ডা’ নামটো আহিছে। ‘ট্ৰাইঅ’ণ্ডা’ বলৰ ডিজাইনতো আয়োজক দেশ তিনিখনক ফুটাই তোলা হৈছে।
মোচন চেন্সৰ চিপ
ই প্ৰতি ছেকেণ্ডত ৫০০ বাৰ তথ্য সংগ্ৰহ কৰিব পাৰে। ফলত বলৰ স্পৰ্শ, গতি, ঘূৰ্ণন, দিশ পৰিৱৰ্তন আৰু চলাচল ৰিয়েল টাইমত নিৰীক্ষণ কৰা সম্ভৱ হ’ব। ইয়াত ষ্টেডিয়ামৰ কেমেৰা চিষ্টেমৰ সৈতে সংযুক্তভাৱে উন্নত থ্ৰীডি ট্ৰেকিংৰ ব্যৱস্থা কৰা হ’ব। ভিএআৰৰ জৰিয়তে ৰেফাৰীয়ে অফছাইড, হেণ্ডবল, গ’ল লাইনৰ পৰিস্থিতি আৰু অন্যান্য গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ দ্ৰুত আৰু সঠিকভাৱে ল’ব পাৰিব।
গোটেই মেচখনতে এই চেন্সৰে অবিৰতভাৱে কাম কৰিব। সেয়েহে ইএটা সৰু ৰিচাৰ্জযোগ্য বেটাৰীৰ দ্বাৰা চালিত। মেচ আৰম্ভ হোৱাৰ আগতে বিশেষ চাৰ্জিং ডিভাইচ ব্যৱহাৰ কৰি বলটো সম্পূৰ্ণ চাৰ্জ কৰিব লাগিব।
ৰিচাৰ্জযোগ্য বেটাৰী
সংযুক্ত বল প্ৰযুক্তিয়ে দ্ৰুত আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। এই চেন্সৰটো ৰিচাৰ্জযোগ্য বেটাৰীৰ দ্বাৰা চালিত হ’ব। এবাৰ সম্পূৰ্ণ চাৰ্জ হ’লে বলটো প্ৰায় ছয় ঘণ্টা ধৰি চলিব পাৰে, যিটো সাধাৰণ মেচ, অতিৰিক্ত সময় আৰু পেনাল্টি শ্বুটআউটৰ বাবে যথেষ্ট। গতিকে খেলৰ সময়ত বেটাৰী শেষ হোৱাৰ সম্ভাৱনা অতি কম। স্বাভাৱিকতে বিশ্বকাপৰ ইতিহাসত ই এতিয়ালৈকে সৰ্বাধিক ব্যয়বহুল অফিচিয়েল বল।
কিমান দাম?
দ্য ছানৰ তথ্য অনুসৰি ইয়াৰ দাম ১৭৫ ডলাৰ, যিটো ভাৰতত প্ৰায় ১৬,৫০০ টকাৰ সমতুল্য। এই বলটো সংগ্ৰহ কৰিবলৈ ফুটবল অনুৰাগীয়ে ভাল পৰিমাণৰ ধন খৰচ কৰিব লাগিব।





