গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন গৱেষণা কেন্দ্ৰৰ উদ্যোগত আজি কেন্দ্ৰটোৰ ৩৭তম প্ৰতিষ্ঠা দিৱস গাম্ভীৰ্য, চিন্তাশীলতা আৰু বৌদ্ধিক উন্মেষৰ মাজেৰে উদযাপন কৰা হয়। “বাজেট আবণ্টন আৰু ব্যয়ৰ জৰিয়তে মহিলাৰ উন্নয়ন: চৰকাৰী পদক্ষেপসমূহ” শীৰ্ষক আলোচনা আৰু পাৰস্পৰিক মত-বিনিময় অধিৱেশনখন কেৱল এক শৈক্ষিক কাৰ্যসূচীত সীমাবদ্ধ নাথাকি সমাজৰ বৰ্তমান আৰ্থ-সামাজিক বাস্তৱতাৰ এক গভীৰ বিশ্লেষণ হিচাপে পৰিগণিত হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপিকা শ্বাশ্বতী চৌধুৰী আৰু ৰাজ্যিক মিছন সমন্বয়ক ৰুবী ভাগৱতী শৰ্মা। ইয়াৰ উপৰিও বিভাগীয় মুৰব্বী অধ্যাপিকা পলি ভকলিন, বিভাগৰ অন্য অধ্যাপিকা সকল, গৱেষক সকল আৰু স্নাতক -স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বহুমাত্রিক আলোচনাৰ মঞ্চত পৰিণত কৰে।
বিভাগীয় মুৰব্বী অধ্যাপিকা পলি ভকলিনে নিজৰ ভাষণত কেন্দ্ৰটোৰ ঐতিহাসিক বিকাশৰ এক বিস্তৃত চিত্ৰ অঙ্কন কৰে। ১৯৮৯ চনত অৰ্চনা শৰ্মাৰ দূৰদৰ্শী প্ৰচেষ্টাৰে আৰম্ভ হোৱা এই গৱেষণা কেন্দ্ৰই সময়ৰ সৈতে শৈক্ষিক, সামাজিক আৰু নীতিগত ক্ষেত্ৰত নিজৰ পৰিসৰ বিস্তৃত কৰি আহিছে। নাৰী অধ্যয়ন বিষয়টোৰ জৰিয়তে লিংগসমতা, সামাজিক ন্যায় আৰু অধিকাৰভিত্তিক চিন্তাধাৰা প্ৰসাৰণত কেন্দ্ৰটোৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য।
মূল আলোচনা পৰ্বত অধ্যাপিকা শাশ্বতী চৌধুৰীয়ে চৰকাৰী বাজেটৰ গঠন, ৰাজহ আহৰণৰ উৎস আৰু ব্যয়ৰ দিশসমূহ বিশ্লেষণাত্মক ভাৱে ব্যাখ্যা কৰে। তেওঁ উল্লেখ কৰে যে বাজেট কেৱল অৰ্থনৈতিক দলিল নহয়, ই এখন সমাজৰ উন্নয়নৰ নীতিগত দিশ নিৰ্ধাৰণ কৰা এক গুৰুত্বপূর্ণ অস্ত্ৰ। তেওঁ দেখুৱায় যে শিক্ষা, স্বাস্থ্য, পুষ্টি, গ্ৰাম্য উন্নয়ন, সামাজিক সুৰক্ষা আৰু কর্মসংস্থানৰ দৰে ক্ষেত্ৰসমূহত বাজেটৰ সঠিক ব্যৱহাৰ অবিহনে সামগ্ৰিক উন্নয়ন সম্ভৱ নহয়।
তেওঁ লিংগভিত্তিক বাজেটৰ প্ৰাসংগিকতা ব্যাখ্যা কৰি কয় যে মহিলাসকলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ উন্নয়ন নিশ্চিত কৰিবলৈ বাজেট প্ৰস্তুতকৰণত লিংগ-সংবেদনশীল দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা অতি প্ৰয়োজন। এই প্ৰসংগত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বেটি বচাও বেটি পঢ়াও আঁচনিৰ জৰিয়তে কন্যা শিশু সুৰক্ষা আৰু শিক্ষাৰ প্ৰসাৰৰ কথা উল্লেখ কৰে। লগতে মাতৃত্বকালীন সহায়ৰ বাবে Pradhan Mantri Matru Vandana Yojana, স্বচ্ছ জ্বালানী প্ৰদানৰ বাবে Ujjwala Yojana আৰু সংকটগ্ৰস্ত মহিলাসকলৰ বাবে সহায় প্ৰদান কৰা One Stop Centre Scheme-ৰ কথাও তেওঁ ব্যাখ্যা কৰে।
তেওঁ লগতে উল্লেখ কৰে যে এই আঁচনিসমূহৰ সফলতা কেৱল ধন আবণ্টনৰ ওপৰত নিৰ্ভৰ নকৰে; ইয়াৰ সঠিক বাস্তৱায়ন, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ সচেতন অংশগ্ৰহণো সমানেই গুৰুত্বপূর্ণ।
ইয়াৰ পিছত ৰুবী ভাগৱতী শৰ্মা-এ মহিলা সুৰক্ষা আৰু ক্ষমতায়নৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপসমূহৰ ব্যৱহাৰিক দিশসমূহৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। তেওঁ Mission Shakti-ৰ অধীনত চলি থকা বিভিন্ন কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে মহিলাসকলৰ বাবে সুৰক্ষা, আইনী সহায়, মানসিক পৰামৰ্শ আৰু পুনৰ্বাসনৰ এক সমন্বিত ব্যৱস্থা গঢ়ি তোলা হৈছে।
তেওঁ স্পষ্ট কৰে যে মহিলাৰ বিৰুদ্ধে হোৱা সহিংসতা আৰু শোষণৰ বিৰুদ্ধে আইনী সুৰক্ষা নিশ্চিত কৰিবলৈ Protection of Women from Domestic Violence Act, Sexual Harassment of Women at Workplace Act আৰু POCSO Act-ৰ দৰে আইনসমূহ প্ৰচলিত আছে। এই আইনসমূহে মহিলাসকলক আইনী সুৰক্ষা প্ৰদান কৰাৰ লগতে ন্যায় লাভৰ পথ সুগম কৰে বুলি তেওঁ কয়।
লগতে কৰ্মস্থলত যৌন হাৰাশাস্তি বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে SHe-Box Portal ব্যৱহাৰৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অধিকাৰৰ বিষয়ে সজাগ হ’বলৈ আৰু অন্যায়ৰ বিৰুদ্ধে মাত দিবলৈ উৎসাহিত কৰে।
আলোচনাৰ অন্তত অনুষ্ঠিত প্ৰশ্নোত্তৰ পৰ্বত ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিভিন্ন সামাজিক আৰু একাডেমিক প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ নাৰী অধ্যয়ন বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কর্মসংস্থান, নীতি-স্তৰত স্বীকৃতি আৰু ক্ষেত্ৰ বিশেষত সুযোগ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়টো গুৰুত্বসহকাৰে আলোচিত হয়।অনুষ্ঠানৰ অন্তিম পৰ্বত আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন সৃষ্টিশীল প্ৰতিযোগিতা—ভ্ৰমণ বিৱৰণ লিখন, চিত্ৰনাট্য ৰচনা, চিন্তাধাৰা উপস্থাপন আৰু ই-পোষ্টাৰ প্ৰস্তুতকৰণৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ছাত্ৰী টিনা কলিতাই।





