নিৰ্বাচনলৈ দিন যিমানেই চমু চাপিছে সিমানেই ছ’চিয়েল মিডিয়াত বৃদ্ধি পাইছে ফেক নিউজৰ প্ৰকোপ। একাংশ দুষ্ট চক্ৰই নিউজ পৰ্টেলৰ আৰ্হিত বেনামী ফেচবুক পেজ খুলি লৈ বিগত কিছুদিন ধৰি দিনে-নিশাই ছ’চিয়েল মিডিয়াত ফেক নিউজ বিয়পাই থকা পৰিলক্ষিত হৈছে। এই বেনামী ফেচবুক পেজসমূহৰ অধিকাংশই প্ৰতিষ্ঠিত নিউজ চেনেলৰ আৰ্হিত কিছুমান ডিজাইন প্ৰস্তুত কৰি ফেক নিউজ প্ৰকাশ কৰি আহিছে। শাসক পক্ষক লাভান্বিত কৰিবলৈ এই দুষ্ট চক্ৰটোৱে বেনামী ফেচবুক পেজসমূহৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ কেবাগৰাকী জ্যেষ্ঠ নেতা আৰু মুখপাত্ৰৰ নামত ভুৱা বাতৰি প্ৰকাশ কৰাতো আমাৰ দৃষ্টিগোচৰ হৈছে। কংগ্ৰেছৰ উপৰিও আন বিৰোধী দলৰ নেতাসকলকো এই বেনামী পেজসমূহে টাৰ্গেট কৰি লৈছে। ৰাইজে যাতে সন্দেহ কৰিব নোৱাৰে তাৰ বাবে মাজে-সময়ে শাসক পক্ষৰ দুই-এজন নেতাক লৈয়ো কাচিৎ দুই-এটা ভুৱা বাতৰিও প্ৰস্তুত কৰা দেখা গৈছে।
ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগে দিনে-নিশাই অহৰহ ফেক নিউজ বিয়পাই অহা দুটা বেনামী ফেচবুক পেজ চিনাক্ত কৰি উলিয়াইছে। এই বেনামী ফেচবুক পেজ দুটা হৈছে ‘নতুন সংবাদ’ আৰু ‘দিছপুৰ বাৰ্তা’।
একেদৰে নিউজ পৰ্টেলৰ আৰ্হিত প্ৰায়ে ফেক নিউজ বিয়পাই অহা আন এটা ফেচবুক পেজ হৈছে ‘গুৱাহাটী টাইমছ’। উক্ত বেনামী ফেচবুক পেজকেইটাই পোষ্ট কৰা বাতৰিসমূহক দেখা মাত্ৰকে বিশ্বাসত নল’বলৈকো নেটিজেনসকলক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। এই সন্দৰ্ভত বৰাই আৰু কয়, ”এই তিনিওটা ফেচবুক পেজ হৈছে বেনামী ফেচবুক পেজ। নতুন সংবাদ নামৰ পেজটোত ফোন নম্বৰ আৰু ঠিকনা একোৰেই উল্লেখ নাই। বাকী দুটা পেজত ফোন নম্বৰ উল্লেখ আছে যদিও সেই ফোন নম্বৰকেইটা সক্ৰিয় হৈ থকা নাই। গুৱাহাটী টাইমছ নামৰ পেজটোত থকা 8721832789 নম্বৰটো অস্থায়ীভাৱে বন্ধ হৈ আছে বুলি কয়। দিছপুৰ বাৰ্তা পেজটোত থকা 9128738824 নম্বৰটোতো ফোন নালাগে। অৰ্থাৎ এয়া স্পষ্ট যে কোনো দুষ্ট চক্ৰই নিৰ্বাচনৰ সময়ত কংগ্ৰেছ আৰু বিৰোধী দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ এইদৰে বেনামী ফেচবুক পেজ খুলি লৈছে।’’ শীঘ্ৰে এই বেনামী ফেচবুক পেজকেইটাৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ অধীনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ তৰফৰ পৰা গোচৰ ৰুজু কৰা হ’ব বুলি জানিবলৈ দিয়ে অধ্যক্ষ বেদব্ৰত বৰাই।





