অসম-অসমীয়াৰ হকে সততে মাত মতা শৃংখল চলিহাক বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত গ্ৰেপ্তাৰ কৰা কাৰ্য উদ্বেগজনক আৰু গৰিহণাযোগ্য। এক প্ৰেছ বিবৃতিযোগে আম আদমি পাৰ্টীয়ে অভিযোগ কৰে যে বিজেপি চৰকাৰে চৰকাৰবিৰোধী কণ্ঠবোৰ পৰিকল্পিতভাৱে নোহোৱা কৰিবলৈ চেষ্টা কৰি আছে।
সত্তৰৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাতকৈ ঘৃণনীয় অৱস্থা বৰ্তমান সময়ত বিজেপি চৰকাৰে অঘোষিতভাৱেই দেশৰ লগতে অসমতো চলাই আছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মতা যিকোনো লোককে কাৰাগাৰত ভৰাই থোৱা সাধাৰণ ঘটনাত পৰিণত হৈছে। শৃংখল চলিহাকো চৰকাৰখনে উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা কাৰ্য বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ এক অংশ মাত্ৰ।
অহংকাৰত মত্ত হৈ থকা বিজেপিয়ে চৰকাৰবিৰোধী কণ্ঠক এনেদৰে ৰুদ্ধ কৰি দীৰ্ঘদিন শাসন কৰি থাকিব পাৰিব বুলি যদি ভাবি আছে, তেন্তে দলটোৰ চিন্তাৰ দৈন্যত আম আদমি পাৰ্টীয়ে পুতৌ কৰিছে।
শৃংখল চলিহাই যদি কোনো ব্যৱসায়ীক আইনবিৰুদ্ধ আচৰণ কৰিছে, তেন্তে আপে ইয়াক কেতিয়াও সমৰ্থন নকৰে। এই গোচৰত তেওঁ একেদিনাই জামিনো লাভ কৰিছিল। কিন্তু এনে সৰু গোচৰৰ আঁৰ লৈ তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে কেতিয়াও সহ্য নকৰে আৰু বিজেপি চৰকাৰে কাপুৰুষৰ দৰে কৰা এনে কাৰ্যক অতি নিম্ন স্তৰৰ ৰাজনীতি বুলি অভিহিত কৰে।