• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত স্তব্ধ দেশ, স্তব্ধ নহয় মহৰ্ষি বিদ্যামন্দিৰৰ মাছুল সংগ্ৰহ!

লকডাউনত মাছুল বিচাৰি শিক্ষাৰ্থী-অভিভাৱকক হাৰাশাস্তি মহৰ্ষি বিদ্যা মন্দিৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 16, 2020 7:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি এতিয়া চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। স্তব্ধ সকলো তথা স্তব্ধপ্ৰায় দেশৰ শিক্ষা ব্যৱস্থা।

নতুন নিৰ্দেশনা নহা পৰ্যন্ত অহা ১৫ মে’ পৰ্যন্ত বন্ধ ৰাখিবলৈ দিয়া হৈছে দেশৰ সমূহ বিদ্যালয়,মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি অন্যান্য শিক্ষা প্ৰতিষ্ঠান।

Apply Now

কিন্তু লকডাউনক কেৰেপ নকৰে নেকি মহানগৰীৰ আগশাৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে?

কিয়নো অহা ৩০ এপ্ৰিলৰ পূৰ্বে ব্যক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠানে নামভৰ্তিৰ বাবে প্ৰদান কৰিছে বিশেষ নিৰ্দেশ ৷

গুৱাহাটীৰ শিলপুখুৰীস্থিত ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনৰ নাম মহৰ্ষি বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

লকডাউন চলি থকাৰ মাজতে যোৱা ১৪ এপ্ৰিলৰ দিনা বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালখনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকলৈ প্ৰেৰণ কৰিছে এক বিশেষ মেছেজ। য’ত অহা ৩০ এপ্ৰিলৰ ভিতৰত শিক্ষাৰ্থী সকলক নামভৰ্তি কৰিবলৈ নিৰ্দেশ দিছে।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী অভিভাৱকলৈ বিদ্যালয় কৰ্তৃপক্ষই প্ৰেৰণ কৰা বাৰ্তাত ২৬,৪৫০ টকা মাছুল এক লিংকৰ জৰিয়তে ৩০ এপ্ৰিলৰ পূৰ্বে প্ৰদানৰ বাবে কোৱা হৈছে।

এই বাৰ্তা লাভ কৰাৰ পাছতে এতিয়া বিপাঙত পৰিছে বহুকেইগৰাকী শিক্ষাৰ্থীৰ অভিভাৱক৷

কিয়নো ব্যৱসায়িক ক্ষেত্ৰ অথবা দৈনিক উপাৰ্জন কৰি ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ খৰছ বহন কৰি অহা বহু অভিভাৱকৰ লকডাউনৰ সময়ত স্তব্ধ হৈ পৰিছে ব্যৱসায় বাণিজ্য অথবা দৈনিক উপাৰ্জন।

কিন্তু ভূতৰ ওপৰত দানহ পৰাদি বিদ্যালয় কৰ্তৃপক্ষই প্ৰেৰণ কৰা এই বাৰ্তা পৰিছেহি হতাশগ্ৰস্ত অভিভাৱকৰ ওপৰত।

ইপিনে বিদ্যালখনৰ এই হঠকাৰী সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ গুৱাহাটী জিলা ছাত্ৰ সন্থাই। ছাত্ৰ সংগঠনটোৰ নেতৃত্বই এনে কাৰ্য্যৰ গৰিহণা দিছে ।

“চৰকাৰৰ নীতি-নিৰ্দেশনা নামানি এইখন বিদ্যালয়ে এই লকডাউনৰ সময়ত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিব বিচাৰিছে। বিদ্যালয় কৰ্তৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তৰ গৰিহণা দিছো। আমাক বহু অভিভাৱকে আহি অভিযোগ কৰিছেহি যে তেওঁলোকৰ হাতত লকডাউনৰ বাবে নামভৰ্তিৰ ধন নাই,” এনেদৰে কয় সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতা সুকুমাৰ বৰ্মনে।

এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে গুৱাহাটী জিলা ছাত্ৰ সন্থাই।

“এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে তথা বিদ্যালয় কৰ্তৃপক্ষই লকডাউন শেষ নোহোৱা পৰ্য্যন্ত তেওঁলোকৰ এই নিৰ্দেশনা বাতিল কৰিব লাগে,” এইদৰে কয় বৰ্মনে।

ইপিনে, এই সন্দৰ্ভত আমি বিদ্যালয়খনৰ উপাধ্যক্ষক সুধিবৰ বাবে যোগাযোগ কৰাত তেওঁৰ ফোন switch অফ বুলি কয়।

উল্লেখযোগ্য যে, কৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে শিক্ষানুষ্ঠান বন্ধ দিয়াৰ নিৰ্দেশনা দিয়াৰ পাছদিনাই বিদ্যালয় খোলা ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই।

প্ৰশ্ন হয়, বিদ্যালয় খনৰ অধ্যক্ষই চলাইছে নেকি একনায়কত্ব?

ইয়াৰোপৰি, ৰাজ্যৰ এই দুৰ্দিন তথা লকডাউনৰ সময়ত অভিভাৱকসকলে কিদৰে প্ৰদান কৰিব ধন? বুলিও এক প্ৰশ্ন উত্থাপন হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd