• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৫০ বছৰ পিছত আমেৰিকাত ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি পালে বগামূৰীয়া ঈগলে (Bald eagle)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 1:02 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আনুষ্ঠানিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে বগামূৰীয়া ঈগলক (Bald Eagle)। যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এখন আইনত স্বাক্ষৰ কৰি বগা মূৰ আৰু হালধীয়া ঠোঁট থকা এই চিকাৰী চৰাইটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে।

বছৰ বছৰ ধৰি আমেৰিকাত জাতীয় প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছে এই বগামূৰীয়া ঈগল। ১৭৮২ চনৰ পৰা আমেৰিকাৰ গ্ৰেট ছিলত চৰকাৰী নথি-পত্ৰত এই চৰাইবিধৰ ছাপ দেখা যায়। কিন্তু দীৰ্ঘদিন ধৰি আনুষ্ঠানিকভাৱে ইয়াক ৰাষ্ট্ৰীয় চৰাই হিচাপে ঘোষণা কৰা হোৱা নাই।

Apply Now

যোৱা সপ্তাহত আমেৰিকাৰ কংগ্ৰেছে আনুষ্ঠানিকভাৱে ঈগলটোক ৰাষ্ট্ৰীয় চৰাই বুলি নামকৰণ কৰি এখন বিধেয়ক গৃহীত কৰিছিল। ইয়াৰ পিছতে বিধেয়কখন আইনত পৰিণত কৰিবলৈ বাইডেনৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হয়।

নেশ্যনেল ঈগল চেণ্টাৰৰ নেশ্যনেল বাৰ্ড ইনিচিয়েটিভৰ সহ-অধ্যক্ষ জেক ডেভিছে এক বিবৃতিত কয় যে প্ৰায় ২৫০ বছৰ ধৰি আমি বগামূৰীয়া ঈগলক ৰাষ্ট্ৰীয় চৰাই বুলি কৈছিলো, যদিও সেয়া নাছিল। কিন্তু এতিয়া ই চৰকাৰী স্বীকৃতি লাভ কৰিছে আৰু ইয়াতকৈ বেছি আন কোনো চৰাইয়েই এই স্বীকৃতিৰ বাবে যোগ্য হ’ব নোৱাৰে।

বগামূৰীয়া ঈগলক জাতীয় চৰাই বুলি স্বীকৃতি দিয়াৰ ক্ষেত্ৰত সদায় সকলোৱে একমত হোৱা নাই।

লগতে পঢ়কঃ বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

আমেৰিকাৰ অন্যতম প্ৰতিষ্ঠাতা জনক বেঞ্জামিন ফ্ৰেংকলিনে এই চৰাইটোক দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ বাছি লোৱাত আপত্তি প্ৰকাশ কৰিছিল। কিন্তু কংগ্ৰেছৰ বৰ্তমানৰ বহু সদস্যই ফ্ৰেংকলিনৰ ধাৰণাত একমত নাছিল।

আমেৰিকাৰ ভেটেৰান এফেয়াৰ্ছ বিভাগৰ মতে, বিশ্বৰ আন আন প্ৰজাতিৰ ঈগলৰ দৰে বগামূৰীয়া ঈগলক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শক্তি, সাহস আৰু স্বাধীনতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। কিন্তু বগামূৰীয়া ঈগল কেৱল উত্তৰ আমেৰিকা অঞ্চলৰ মূল বাসিন্দা আছিল।

বগামূৰীয়া ঈগলক ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়াৰ পদক্ষেপৰ নেতৃত্ব দিছিল আমেৰিকাৰ মিনেছ’টা প্ৰদেশৰ আইনপ্ৰনেতাসকলে। চিনেটৰ এমি ক্লবুচাৰৰ মতে, মিনেছ’টা আমেৰিকাৰ অন্যতম ঠাই য’ত এনে ঈগল দেখা যায়।

আমেৰিকাত ১৯৪০ চনৰ নেচনেল এম্বলেম এক্ট অনুসৰি বগামূৰীয়া ঈগল এটা সংৰক্ষিত চৰাই। এই আইন অনুসৰি এই চৰাই বিক্ৰী আৰু চিকাৰ কৰাটো অবৈধ।

লগতে পঢ়কঃ নিৰ্বাচনী প্ৰতিবাদৰ মাজতে মোজাম্বিকৰ কাৰাগাৰৰ পৰা পলায়ন ডেৰ হাজাৰৰো অধিক কয়দীৰ

এসময়ত বগা মূৰৰ ঈগলটো বিলুপ্তিৰ পথত আছিল যদিও ২০০৯ চনৰ পৰা ইয়াৰ সংখ্যা বৃদ্ধি পাইছে।

বৰদিনৰ পূৰ্বে বাইডেনে ৫০খন আইনত স্বাক্ষৰ কৰে। ইয়াৰ ভিতৰত আছে বগামূৰীয়া ঈগলক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়াৰ বিধেয়ক। একেসময়তে তেওঁ বিশ্ববিদ্যালয় চৌহদত সংঘটিত হিংসা আৰু মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এখন বিধেয়কতো স্বাক্ষৰ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd