• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ কাম কাজত? ভাঙি পৰিছে ইখনৰ পিছত সিখন দলং

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 17, 2022 7:28 am
Bridge collapsed

ভাঙি পৰা শিৱসাগৰৰ চূনপোৰা চেপন সংযোগী দিচাং নদীৰ দলংখন। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে ডিমৌকিনাৰ বাঁহগড় সংযোগী দলং ভাঙি দুটুকুৰা হোৱাৰ পিছত দেওবাৰে পুনৰ আন এখন দলং ভাঙি দুটুকুৰা হ’ল শিৱসাগৰত।

চূনপোৰা চেপন সংযোগী দিচাং নদীৰ ওপৰত নঙলামৰাত থকা দলংখন দেওবাৰে পুৱা মাজতে ভাঙি দুটুকুৰা হয়। সেই সময়ত দলংখনেদি পাৰ হোৱা শিল ভৰ্তি এখন ডাম্পাৰ কথমপি ৰক্ষা পৰে। 

শিৱসাগৰ জিলাৰ তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, থাওৰা আৰু মাহমৰাৰ একমাত্ৰ সংগমস্থলী তথা ব্যস্ততাপূৰ্ণ  যাতায়তৰ পথ এই চেপন-চূনপোৰা পথ। এই পথটোৰ ওপৰতে অৱস্থিত এইখন দলং। এই দলংখনেই  দেওবাৰে পুৱা ভাঙি দুটুকুৰা হয়।

Apply Now

ইয়াৰ বাবে চেপন, মাহমৰা, থাওৰা, শিৱসাগৰ,নাজিৰা,  চৰাইদেউ অঞ্চলৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত আহি এক বৃহৎ সমস্যা।

লগতে পঢ়ক: Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

কিয়নো এই দলং পাৰ হৈয়ে দৈনিক শ শ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অহা যোৱা কৰে। এতিয়া দলংখন ভাঙি পৰাত গভীৰ সংকটত পৰিছে অঞ্চলবাসী।

১৯৭২ চনত সেই সময়ৰ থাওৰাৰ বিধায়ক দুৰ্গেশ্বৰ শইকীয়াৰ কাৰ্যকালত নিৰ্মাণ হোৱা দিচাং নদীৰ এই দলংখন ১৯৭৭ চনত যাতায়তৰ বাবে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। দলংখন ইমানেই ঠেক আছিল যে একে সময়তে এই দলঙৰ ওপৰেদি দুখন গাড়ী পাৰ হব পৰা নাছিল।

৪৫ টা বছৰ অতিক্ৰম কৰা এই দলঙত বিগত কিছু বছৰত গাত সৃষ্টি হোৱাৰ লগতে মাজে মাজে ফাঁট মেলিছিল। সেই সম্পৰ্কত স্থানীয় দল সংগঠনে লোক নিৰ্মাণ বিভাগক অৱগত কৰিছিল। 

লগতে পঢ়ক: আৰক্ষী বিষয়াক অপমান, কৰ্তব্যত বাধা প্ৰদান কৰা উদণ্ড বিজেপি বিধায়কে শাস্তি লাভ কৰিব নে?

আনহাতে, বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহু সংগঠনে।

ইপিনে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ অভিযোগ যে  এই পথেদি সৰু ডাঙৰ দৈনিক শ শ গাড়ী চলাচল কৰে অ’এনজিচিৰ। কিন্তু বিগত ৪৫ বছৰ ধৰি অ’এনজিচিয়ে দলংখন পুনৰ নিৰ্মাণ বা সময়মতে মেৰামতি নকৰাৰ বাবে আজি ভাঙি দুটুকুৰা হয়। যাৰ বাবে দেওবাৰে অ’এনজিচিৰ বিৰুদ্ধে টায়াৰ জ্বলাই  তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা দল সংগঠনে।

ঘটনাস্থলীত শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল আৰু নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজক অতি শীঘ্ৰে বিকল্প ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক:দাম বাঢ়িল মাৰুতি গাড়ীৰ; ৪.৩শতাংশ পৰ্যন্ত দাম বঢ়ালে কোম্পানীয়ে

ইপিনে ২১’ৰ উপ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই থাওৰাত আহি ঘোষণা কৰিছিল যে অতি সোনকালে চূনপোৰা চেপন সংযোগী পথৰ দিচাং নদীৰ ওপৰত দলং নিৰ্মাণ কৰা হব।

পিচে আজি পৰ্যন্ত এই দলং নিৰ্মাণৰ কোনো ব্যৱস্থা হাতত নল’লে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd