• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবোৰ কি? লাভলীনাক শুভেচ্ছা দিয়াৰ নামত নিজকে জহাবলৈ এয়া কি কৰিলে মন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 24, 2021 11:32 am
CM-Sports Minister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিকত অংশ লোৱা অসম কন্যা লাভলীনাক অসমবাসীয়ে হিয়া উজাৰি আশীৰ্বাদ দিছে। স্বাভাৱিকতে অসম গৌৰৱ লাভলীনাই পুনৰ অলিম্পিকত পদক জয়েৰে ৰাজ্যখনৰ লগতে দেশৰ মান বৃদ্ধি কৰাৰ আশা কৰিছে অসমৰ জনসাধাৰণে।

কিন্তু এইক্ষেত্ৰত আমাৰ নেতা-মন্ত্ৰীসকলে আৰম্ভ কৰা প্ৰতিযোগিতাত বহু অপ্ৰত্যাশিত ঘটনাও ঘটিবলৈ লৈছে।

Apply Now

সিদিনা মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোটেই মন্ত্ৰী-বিধায়কে ৰাজপথত চাইকেল চলাই লাভলীনাক শুভেচ্ছা জনালে।

বাতৰি অনুসৰি, ইয়াৰ বাবে ৰাজহুৱা ধন ভাঙি মন্ত্ৰী-বিধায়কসকলক চাইকেলবোৰো কিনি দিয়া হৈছে। সেয়া সত্য হ’লে কৰ’নাৰ এই সংকটকালত মন্ত্ৰী-বিধায়কসকলে চাইকেলেৰে লাভলীনাক শুভেচ্ছা দিয়াটো একপ্ৰকাৰ বিলাস বুলিয়েই ক’ব লাগিব।

নেতা-মন্ত্ৰী, বিধায়ক বা জনপ্ৰতিনিধিসকলে নীতি-আদৰ্শৰ কথা কোৱাই নহয়, ৰাজহুৱা প্ৰদৰ্শনতো তাৰ প্ৰতিফলন দাঙি ধৰা উচিত।

ছচিয়েল মিডিয়াত এগৰাকী য়ুজাৰে ব্যংগ কৰি কৈছে যে এইদৰে চাইকেল চলাই লাভলীনাক শুভেচ্ছা দিয়াতকৈ মন্ত্ৰী-বিধায়কসকলৰ মাজত প্ৰদৰ্শনীমূলক বক্সিং প্ৰতিযোগিতা এখন পাতি শুভেচ্ছা জনালে অধিক ‘পজিটিভ বাৰ্তা’ গ’লহেঁতেন।

তদুপৰি, সিদিনা শাসক বিৰোধী মন্ত্ৰী-বিধায়কসকলে মাস্ক পৰিধান নকৰা, সামাজিক দূৰত্ব বিধি নমনা আদি কথাবোৰে জনসাধাৰণক কি বাৰ্তা দিছে সেয়া ছচিয়েল মিডিয়া খুলিলেই উমান পোৱা যায়।

কিন্তু ইয়াতেই জানো শেষ হৈছে? লাভলীনাক শুভেচ্ছা দিয়াৰ নামত এইবাৰ স্বয়ং ক্ৰীডা আৰু যুৱ কল্যাণ, সাংস্কৃতিক, শক্তি তথা পৰ্যটন মন্ত্ৰী বিমল বৰাই কৰিলে আন এক কাণ্ড। ইয়াকে লৈ এতিয়া ছ’চিয়েল মিডিয়াত চলিছে সৰস চৰ্চা।

মন্ত্ৰী বিমল বৰাই লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাই ৰাজহুৱাভাৱে ডিছপ্লে’ কৰা এখন কাট আউটত নিজৰ ফটোখনকে লগাই দিছে।

ওপৰত ইংৰাজীত লিখা আছে- ‘’অভিনন্দন আৰু শুভেচ্ছা, লাভলীনা বৰগোঁহাই (বক্সাৰ)… টকিঅ’ অলিম্পিক-২০২০লৈ যোগ্যতা অৰ্জন কৰাৰ বাবে… আপুনি অসমৰ গৌৰৱ’’। তাৰ তলতে নিয়ম মতে থাকিব লাগিছিল লাভলীনাৰ ফটোখন। কিন্তু ক্ষমতাৰ ৰাগীত মন্ত্ৰীয়ে সকলো পাহৰি লগাই দিলে নিজৰেই ফটোখন।

এতিয়া এইখনক লৈ ছচিয়েল মিডিয়াত বিভিন্নজনে সৰস মন্তব্য দাঙি ধৰিছে।

এজনে লিখিছে,’’ লাভলিনাক ইম্মান বেলেগ লাগিছে ন…. বহুত আগৰ ফ’টো হবলা…চুলি চুটি আছিল আৰু অলপ গোঁফ আছিল, এতিয়া উঠালে ( এতিয়া কিছুমানৰ গালি বৰষিব মই লাভলিনাক ঠাট্টা কৰা বুলি’’।

https://twitter.com/BorahBedabrata/status/1418796342181306370

কিন্তু ইয়াতেই শেষ নহয়, সেই একেটা কামকে কৰিছে ৰাজ্যখনৰ বৰমূৰীয়া গৰাকীয়েও। সকলো বিষয়ৰে বিজ্ঞ বুলি পৰিচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো সেই একেটা কাণ্ডকে কৰিলে।

মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁৰ শুভেচ্ছা জনোৱা কাট আউটখনত ওপৰত একেখিনি কথাই লিখিলে, কিন্তু লাভলীনাৰ ফটোখন দিবলৈ পাহৰিলে। ওহো! পাহৰা নাই, নিজৰ ফটোখন লগাবলৈ। সঁচাকৈয়ে দৃষ্টিকটু হৈ পৰিছে এই ছবি।

https://twitter.com/jiten_borgohain/status/1418802292120186880

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বৰা-আপোনালোকে এটা কথা মনত ৰখা ভাল হ’ব যে আত্মপ্ৰচাৰৰ সুযোগ ল’ব লাগে সঁচা, সেইবুলি য’তে ত’তেই নহয়।

Who qualified for the #Olympics 😳#Assam https://t.co/rChdpRYNzn

— Anupam Bordoloi (@asomputra) July 23, 2021

জনসাধাৰণৰ দৃষ্টি এতিয়া আপোনালোকৰ প্ৰতিটো কামৰ ওপৰতে আছে। ৰাইজক বুৰ্বক সজাই নিজৰ ঢাক ঢোল বজোৱাৰ দিন উকলিল।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd