• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৃণাৰ বিষবাষ্প বিয়পাই এতিয়া আদালতত পলায়নৰ বাট বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্তই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 1:52 pm
813
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সমাজ জীৱনত ঘৃণাৰ বিষবাষ্প বিয়পাই, মিয়া সম্প্ৰদায়ক লক্ষ্য কৰি লৈ নিৰ্মম ঘৃণাৰ মন্তব্য কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিজৰ কৰ্মকাণ্ডৰ বাবে ন্যায়ালয়ৰ কাঠগড়াত থিয় দিব লগা হোৱাত হয়তো ভয়ংকৰভাৱে শংকিত হৈ পৰিছে। পিআইএল নং ১৪/২০২৬-ৰ বিপৰীতে দাখিল কৰা তেওঁৰ শেহতীয়া শপনামাখনে প্ৰমাণ কৰিছে যে ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতাশালী ব্যক্তিজনে আজি আইনৰ সুৰুঙা বিচাৰি নিজৰ দায়িত্বৰ পৰা কেনেকৈ পলায়ন কৰিবলৈ চেষ্টা চলাইছে। ড০ হীৰেন গোহাঁইকে ধৰি সচেতন নাগৰিকসকলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এই জনস্বাৰ্থ জড়িত আবেদনখনত প্ৰত্যক্ষভাৱে প্ৰমাণিত হৈছে যে তেওঁৰ মন্তব্যই কেৱল ৰাজনৈতিক পৰিধি অতিক্ৰম কৰাই নহয়, বৰঞ্চ সংবিধানৰ মৌলিক আধাৰক চৰমভাৱে অৱমাননা কৰিছে।

স্মৰণীয় যে যোৱা ৭ ফেব্ৰুৱাৰীত বিজেপিৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত প্ৰচাৰিত সেই ভয়ংকৰ ভিডিঅ’টো আৰু মুখ্যমন্ত্ৰীৰ মুখনিসৃত “পইণ্ট ব্লেংক শ্বট”, “ন’ মাৰ্চি”, “ফৰেনাৰ ফ্ৰী আছাম” আৰু “ন’ ফৰগিভনেছ টু বাংলাদেশীছ”ৰ দৰে শব্দবোৰ অসমৰ প্ৰতিজন সচেতন নাগৰিকৰ মগজুত আজিও স্পষ্ট হৈ আছে। মুখ্যমন্ত্ৰীয়ে এতিয়া আদালতত থিয় দি আত্মপক্ষক সমৰ্থন কৰিবলৈ শংকিত হৈ প্ৰমাণসমূহ বাতৰিকাকতৰ বিচ্ছিন্ন মন্তব্য দি বিকৃত কৰা বুলি তুচ্ছ তাচ্ছিল্য কৰিছে। তেওঁৰ এই আচৰণক কেৱল এক আইনী কৌশল বুলিয়েই নহয়, বৰঞ্চ ৰাইজৰ স্মৃতিশক্তিক অৱমাননা কৰা এক নীচ প্ৰয়াস বুলি গণ্য কৰিব পাৰি। হিমন্ত বিশ্ব শৰ্মাই হয়তো ভাবিছে নেকি যে তেওঁৰ ঘৃণাৰ ভাষণবোৰৰ প্ৰমাণ কেৱল কাকত বা সামাজিক মাধ্যমতহে আৱদ্ধ হৈ থাকে? আচলতে তেওঁৰ সেই বিষাক্ত মন্তব্যবোৰ অসমৰ প্ৰতি গৰাকীৰ স্মৃতিত এনেদৰে খোদিত হৈ আছে যে কোনো শপনামা বা আদালতৰ নথিয়ে সেই সত্যক মচিব নোৱাৰে।

Apply Now

আদালতৰ শপতনামাত তেওঁ যি যুক্তি দিছে— যেনে অশ্বিনী কুমাৰ উপাধ্যায় গোচৰৰ নজিৰ বা আৰক্ষী তদন্তৰ দোহাই— সেয়া কেৱল গোচৰটোৰ পৰা পলায়ন কৰাৰ এক সুচতুৰ কৌশল। তেওঁৰ শপনামাৰ সাৰমৰ্ম এয়াই যে, ঘৃণাৰ ভাষণৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলিব নালাগে। যিগৰাকী ব্যক্তিৰ প্ৰৰোচনাত এতিয়া মিয়া সম্প্ৰদায়ৰ লোকসকলে অমানৱীয় মানসিক যন্ত্ৰণাৰ মাজেৰে জীয়াই আছে, সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া তেওঁৰ বিৰুদ্ধে গোচৰ চলাই আদালতে হস্তক্ষেপ কৰিব নালাগে বুলি যি যুক্তি দিছে, সেয়া চূড়ান্ত অগণতান্ত্ৰিক আৰু অমানৱীয় বুলিও চৰ্চা চলিছে।দৰাচলতে, মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টা কেৱল এজন ৰাজনীতিবিদৰ আত্মৰক্ষাৰ প্ৰয়াস নহয়, ই হৈছে এক স্বৈৰাচাৰী মানসিকতাৰ বহিঃপ্ৰকাশ। ৰাইজৰ মনত ঘৃণাৰ জুই জ্বলাই দি, এতিয়া বিচাৰৰ মজিয়াত সেই জুইৰ অস্তিত্বক অস্বীকাৰ কৰা এই আচৰণে অসমৰ গণতান্ত্ৰিক পৰম্পৰাক কলংকিত কৰিছে বুলিও চৰ্চা চলিছে। আদালতে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া ভৱিষ্যতে লক্ষণীয় হ’ব, কিন্তু ইতিহাসৰ চকুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই পলায়নবাদী মনোভাৱ আৰু ঘৃণাৰ ৰাজনীতি চিৰদিন এক লজ্জাজনক অধ্যায় হৈ ৰ’ব। অসমৰ সাধাৰণ ৰাইজে তেওঁৰ এই কুটিল অভিনয় বুজি পাইছে, আৰু ইয়াৰ উত্তৰ তেওঁ জনতাৰ আদালতত কেতিয়াবা নহয় কেতিয়াবা দিবই লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd