• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টপচেম চিমেন্ট, ৰটাৰী ক্লাব, আৰু আৰ্য বিদ্যাপীঠ স্কুলৰ অধ্যক্ষলৈ প্ৰতিবন্ধী আদালতৰ চমন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 17, 2021 5:46 pm

3 min read

Topcem-cement-2-1024x512-750x375
350
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে প্ৰতিবন্ধী ব্যক্তিৰ সুৰক্ষা আইন,২০১৬ৰ অধীনত প্ৰতিবন্ধী ব্যক্তিৰ বাবে থকা আয়ুক্তৰ ওচৰত দাখিল কৰা এক আবেদনৰ ভিত্তিত প্ৰতিবন্ধীৰ আয়ুক্তৰ আদালতে মঙলবাৰে টপচেম চিমেন্টৰ চেয়াৰমেন, ৰটাৰী ক্লাৱ অফ গুৱাহাটী আৰু আৰ্যবিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষলৈ চমন জাৰি কৰিছে।

আইন অনুসৰি এখন অসামৰিক আদালতৰ দৰে ক্ষমতা থকা প্ৰতিবন্ধী ব্যক্তিৰ বাবে থকা ৰাজ্যিক আয়ুক্তৰ আদালতে জাননী প্ৰেৰণ কৰা সংশ্লিষ্ট ব্যক্তিসকলক অহা ২৩ মাৰ্চত ৰাতিপুৱা ১১-৩০ বজাত সোঁশৰীৰে আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

লগতে প্ৰতিবন্ধীৰ এই আদালতে আবেদনকাৰীকো উক্ত দিনৰ নিৰ্দিষ্ট সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

আবেদনকাৰী প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকাৰে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক টয়লেট ব্যৱহাৰৰ সুবিধা লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে টপচেম চিমেন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

উল্লেখ্য যে যোৱা ২৮ জানুৱাৰিত টপচেম চিমেন্টে ইয়াৰ চি এছ আৰ কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এটা টয়লেট ব্লক নিৰ্মাণ কৰিছিল।

টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটো ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ এক উদ্যোগৰ অন্তৰ্গত আছিল।

দুৰ্ভাগ্যজনকভাৱে, টপচেম চিমেন্টে নিৰ্মাণ কৰা টয়লেট ব্লকটোত প্ৰতিবন্ধী শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে কোনো সুবিধা নাই।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক নৃপেন মালাকৰে  প্ৰতিবন্ধী লোকসকলৰ বাবে থকা আয়ুক্ত দেবেশ্বৰ বৰাক লগ ধৰি টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে অভিযোগ আনি এখন আবেদন দাখিল কৰিছিল।

‘’আমি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতে নিৰ্মাণ কৰা নতুন টয়লেট ব্লকটো দেখি আচৰিত হৈছো,’’-আবেদনত মালাকৰে কৈছিল।

WhatsApp Image 2021-03-17 at 4.38.00 PM

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ সম্পাদক গৰাকীয়ে লগতে কৈছিল যে এইটো আশ্চৰ্যজনক কথা যে টপচেম চিমেন্ট কৰ্তৃপক্ষ আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ সদস্যসকলে টয়লেট ব্লকটো নিৰ্মাণ কৰাৰ সময়ত প্ৰতিবন্ধীসকলৰ প্ৰতি সামান্যতমো সন্মান প্ৰদৰ্শন কৰাৰ সৌজন্যতা নেদেখুৱালে।

‘’প্ৰতিবন্ধী লোকৰ অধিকাৰ আইন,২০১৬ অনুসৰি, বৰ্তমান প্ৰতিবন্ধীলোকৰ সুবিধা থকাকৈ টয়লেট নিৰ্মাণ কৰাটো বাধ্যতামূলক,’’- মালাকৰে উল্লেখ কৰিছিল।

মালাকৰে প্ৰতিবন্ধী লোকৰ বাবে থকা আয়ুক্তগৰাকীক টপচেম চিমন্ট আৰু ৰ’টাৰী ক্লাৱ অফ গুৱাহাটী লুইতৰ বিৰুদ্ধে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছিল।

আনহাতে, টপচেম চিমেন্ট লগতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শৈক্ষিক ব্লকৰ মাজভাগতে এটা শ্ৰেণীকোঠা (কোঠা নং ১২) টয়লেটলৈ ৰূপান্তৰ কৰাৰ বাবেও জগৰীয়া।

কৈলাশ চন্দ্ৰ লোহিয়াৰ নেতৃত্বৰ লোহিয়া গ্ৰুপৰ এটা প্ৰতিষ্ঠান টপচেম চিমেন্টে অধিক ধন ব্যয় কৰি আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত প্ৰতিবন্ধীসকলৰ বাবে সুবিধা ৰাখি এটা সম্পূৰ্ণ নতুন টয়লেট চৌহদ নিৰ্মাণ কৰিব পাৰিলেহেতেন।

ইয়াৰ পৰিৱৰ্তে টপচেম চিমেন্ট কৰ্তৃপক্ষই ৪০ বছৰ পুৰণি আসাম টাইপৰ শ্ৰেণীকোঠাৰ ভিতৰতে মাত্ৰ ছয় ফুট ওখ তিনিখন পৃথক দেৱাল সাজি টয়লেট ব্লকটো নিৰ্মাণ কৰিছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd