• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০ হাজাৰ ভিডিঅ’, ৪০ হাজাৰ ফটো আৰু একাউণ্টত ১.২০ কোটি টকা, অশ্লীল সামগ্ৰী বিক্ৰী কৰা অভিযন্তাৰ অপৰাধৰ কাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 3:29 pm
405
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হৰদৈত ইনষ্টাগ্ৰাম আৰু টেলিগ্ৰামৰ জৰিয়তে অশ্লীল সামগ্ৰী বিক্ৰী কৰা এজন বিটেক পাছ কৰা চতুৰ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজন প্ৰয়াগৰাজৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। বিকাশ নামৰ এই অভিযন্তাজনে ছচিয়েল মিডিয়াত ২১ টা চেনেল আৰু গ্ৰুপ খুলি প্ৰায় সাত হাজাৰ লোকক অশ্লীল সামগ্ৰী বিক্ৰী কৰি আহিছিল। আৰক্ষীৰ অনুসন্ধানত তেওঁৰ তিনিটা বেংক একাউণ্টত প্ৰায় ১.২০ কোটি টকা পোৱা গৈছে। বৰ্তমানলৈকে চলি থকা তদন্তত তেওঁৰ পৰা ১০ হাজাৰ আপত্তিজনক ভিডিঅ’ আৰু ৪০ হাজাৰ ফটো উদ্ধাৰ কৰা হৈছে।

এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে যোৱা এপ্ৰিল মাহত, যেতিয়া হৰদৈৰ এজন ছাত্ৰই এটা পৰ্টেলৰ জৰিয়তে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ছাত্ৰজনে জনাইছিল যে তেওঁৰ এটা কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইৰ জৰিয়তে প্ৰস্তুত কৰা অশ্লীল ভিডিঅ’ কোনোবাই টেলিগ্ৰামত আপলোড কৰিছে। এই অভিযোগ পোৱাৰ পিছতে আৰক্ষী সক্ৰিয় হৈ পৰে আৰু তদন্তৰ খাতিৰত এজন গোপন তথ্যদাতাক গ্ৰাহক সজাই অভিযুক্ত বিকাশৰ সৈতে যোগাযোগ কৰায়। বিকাশে সেই গোপন তথ্যদাতাজনক অশ্লীল ভিডিঅ’ দিয়াৰ বিনিময়ত তেওঁৰ চেনেল চাবস্ক্ৰাইব কৰিবলৈ কয় আৰু ৩৫০ টকা মাচুল বিচাৰি নিজৰ বেংক একাউণ্টৰ নম্বৰ আৰু আইএফএচচি ক’ড প্ৰদান কৰে। বেংকৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে অভিযান চলাই প্ৰয়াগৰাজৰ পৰা বিকাশক গ্ৰেপ্তাৰ কৰে।

Apply Now

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিকাশে ২০১৯ চনত প্ৰয়াগৰাজৰ এখন আগশাৰীৰ কলেজৰ পৰা বিটেক ডিগ্ৰী লাভ কৰিছিল। ২০২০ চনৰ পৰা তেওঁ এই অবৈধ ব্যৱসায় আৰম্ভ কৰে আৰু বিগত ছয় বছৰত তেওঁৰ সৈতে সাত হাজাৰ গ্ৰাহক জড়িত হৈ পৰে। তেওঁ গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰিছিল, য’ত ১ মাহৰ বাবে ৩৫০ টকা, ৩ মাহৰ বাবে ৪৫০ টকা আৰু ৬ মাহৰ বাবে ৬০০ টকাৰ মাচুল ধাৰ্য কৰা হৈছিল। এই ধন লাভ কৰাৰ পিছত তেওঁ গ্ৰাহকসকলক নিজৰ গোপন চেনেলৰ লিংক দি দিছিল। আৰক্ষীৰ মতে এই ব্যৱসায়ৰ জৰিয়তে তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছিল আৰু তেওঁৰ একাউণ্টত থকা ১.২০ কোটি টকাৰ বাহিৰেও পূৰ্বে বহুত ডাঙৰ লেনদেন হৈছিল।

অভিযুক্ত যুৱকজনে মানুহৰ ব্যক্তিগত মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিবলৈ নিজৰ কাৰিকৰী শিক্ষাৰ অপপ্ৰয়োগ কৰিছিল। কোনো ভিডিঅ’ৰ মাত্ৰ কেইচেকেণ্ডমানৰ ক্লিপ বা স্ক্ৰীণশ্বট পালেই তেওঁ গুগল লেন্স আৰু অন্যান্য আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সেই ভিডিঅ’টোৰ আচল উৎস আৰু আচল ফাইলটো বিচাৰি উলিয়াইছিল আৰু তাক ডাউনলোড কৰি নিজৰ চেনেলত আপলোড কৰিছিল। আশ্চৰ্যজনক কথাটো হ’ল যে বিকাশৰ দেউতাক ভাৰতীয় বায়ু সেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া। পঢ়া-শুনা শেষ কৰাৰ পিছত বিকাশে সদায় নিজৰ কোঠাৰ ভিতৰত লেপটপ আৰু কম্পিউটাৰ লৈ ব্যস্ত থকা বাবে পৰিয়ালৰ লোকে ভাবিছিল তেওঁ ঘৰৰ পৰাই অনলাইন চাকৰি কৰি আছে। কিন্তু আৰক্ষী ঘৰত উপস্থিত হোৱাৰ পিছতহে পৰিয়ালৰ লোকে জানিব পাৰিলে যে তেওঁলোকৰ পুত্ৰই আচলতে পর্ন’গ্ৰাফীৰ ব্যৱসায় চলাই আছিল। ধৃত বিকাশৰ গ্ৰাহকসকলৰ ভিতৰত বহু নাবালক ছাত্ৰও অন্তৰ্ভুক্ত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে আৰু এই সন্দৰ্ভত বৰ্তমান অধিক তদন্ত চলাই থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd