• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিন চমু, নিৰ্বাচনৰ পাছতেই মুখ্যমন্ত্ৰী জেললৈ যাব: গুৱাহাটীত পৱন খেৰাৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 10:52 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কংগ্ৰেছ চৰকাৰ গঠনৰ এসপ্তাহৰ ভিতৰতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব বুলি এক গুৰুতৰ হুংকাৰ দিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা এআইচিচিৰ যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই। কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত পৱন খেৰাই মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই কেৱল অসমতেই নহয়, দেশৰ বাহিৰতো অনেক সম্পত্তি জমা কৰিছে। ইয়াৰ উপৰি ওড়িশাৰ ক’ত ক’ত তেওঁ মাটি কিনিছে আৰু বিনিয়োগ কৰিছে, সেই সকলো তথ্য কংগ্ৰেছৰ হাতত আছে। নিশাৰ আন্ধাৰত তেওঁ কিয় বাৰে বাৰে ওড়িশালৈ যায় আৰু পুৰী-ভুৱনেশ্বৰৰ মাজত কি হয়, সেই সকলোবোৰ কথা অতি সোনকালেই পোহৰলৈ আহিব বুলি তেওঁ দাবী কৰে। দিল্লীত থকা তেওঁৰ মালিকসকলেও তেওঁক জেল যোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিব বুলিও খেৰাই উল্লেখ কৰে।

নিৰ্বাচনৰ প্ৰাকক্ষণত মহিলাসকলৰ মাজত ১ হাজাৰ টকাকৈ বিতৰণ কৰা বিষয়টোক লৈও তেওঁ তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে পৰীক্ষাৰ শেষ সময়ত পঢ়া-শুনা কৰা ছাত্ৰৰ দৰে চৰকাৰে নিৰ্বাচনৰ সময়তহে উন্নয়নৰ কামৰ অভিনয় কৰিছে। অৱশ্যে এই প্ৰৱঞ্চনা মহিলাসকলে বুজি পাইছে আৰু এইবাৰ তেওঁলোকে দুৰ্নীতিপৰায়ণ চৰকাৰক উৎখাত কৰিবই। ৰাজ্যত পথ নিৰ্মাণৰ ক্ষেত্ৰত এআই ব্যৱহাৰ কৰি মিছা প্ৰচাৰ চলোৱা বুলিও তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰে। লগতে শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও তেওঁ অভিযোগ তোলে।

Apply Now

ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়ত সোধা এক প্ৰশ্নৰ উত্তৰত পৱন খেৰাই কয় যে গৌৰৱ গগৈৰ নেতৃত্বত এতিয়াও আলোচনা চলি আছে। তেওঁৰ মতে, মিত্ৰতাৰ প্ৰসংগত বৰ্তমান মাত্ৰ কমা আৰু ছেমিকলনৰ দৰে যতিচিহ্নহে ব্যৱহাৰ হৈছে, কিন্তু কোনো বিষয়তে ফুলষ্টপ দিয়া হোৱা নাই। লগতে, হিমন্ত বিশ্ব শৰ্মাই ২০১৫ চনত বিজেপিৰ যোগদান কৰাৰ পূৰ্বে ঢাকাৰ মৌলানা ছিস্তি ফাইজাবাদীৰ পৰামৰ্শ লৈছিল বুলিও তেওঁ বিস্ফোৰক দাবী কৰে। যিজন ব্যক্তি বাংলাদেশৰ মৌলবীৰ পৰামৰ্শ লৈ দল সলনি কৰিছিল, সেইজনে আজি নিৰ্বাচনৰ সময়ত হিন্দু-মুছলমানৰ ৰাজনীতি কৰাটো শোভা নাপায় বুলিও খেৰাই মন্তব্য কৰে।

দেশত মোদী মেজিক দহ বছৰ আগতেই শেষ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী এজন কম্প্ৰমাইজড প্ৰধানমন্ত্ৰী। শেষত তেওঁ কংগ্ৰেছক এখন পুৰণি আৰু বিশ্বাসযোগ্য দোকানৰ সৈতে তুলনা কৰি কয় যে জাকজমকতা থকা নতুন দোকানৰ প্ৰতি আকৰ্ষিত হৈ মানুহে ঠগ খালে শেষত মানুহ আকৌ পুৰণি আৰু বিশ্বাসী দোকানখনলৈ ঘূৰি আহে। কংগ্ৰেছ হৈছে সেই পুৰণি ভাল দোকানখন, য’ত মানুহে আচল বস্তু আৰু ন্যায় পাব। এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ অন্যান্য জ্যেষ্ঠ নেতাসকলো উপস্থিত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd