• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছিয়ান গেমছৰ ট্ৰায়েল: দিল্লী উচ্চ ন্যায়ালয়ে বিনেশ ফোগাটক নিদিলে সকাহ, মল্লযুঁজ ফেডাৰেচনলৈ জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 4:29 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে (১৮ মে’) মল্লযোদ্ধা বিনেশ ফোগাটক ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ নিৰ্বাচনী ট্ৰায়েলত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে।

হিন্দুস্তান টাইমছৰ খবৰ অনুসৰি, ন্যায়াধীশ পুৰুষেন্দ্ৰ কুমাৰ কৌৰৱৰ নেতৃত্বাধীন বিচাৰপীঠে কয় যে ফোগাটক ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা ইতিমধ্যে অযোগ্য ঘোষণা কৰা হৈছে। সেয়েহে, ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ (ডব্লিউ এফ আই) এছিয়ান গেমছৰ নিৰ্বাচনী নীতি আৰু ৯ মে’ৰ জাননীখনক প্ৰত্যাহ্বান জনোৱা তেওঁৰ আৱেদনৰ ওপৰত কোনো অন্তৱৰ্তীকালীন সকাহ দিব পৰা নাযায়। এই জাননীৰ জৰিয়তে ফোগাটক ২৬ জুনলৈকে নেচনেল অ’পেন ৰেংকিং টুৰ্ণামেণ্টকে ধৰি সকলো ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত বাধা দিয়া হৈছিল।

Apply Now

উল্লেখ্য যে, তিনিবাৰৰ অলিম্পিয়ান মল্লযোদ্ধা বিনেশ ফোগাটক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে নতুন নিৰ্দেশনা অনুসৰি মে’ মাহৰ শেষৰ ফালে হ’বলগীয়া এছিয়ান গেমছৰ নিৰ্বাচনী ট্ৰায়েলৰ বাবে অযোগ্য ঘোষণা কৰিছিল। ফেডাৰেচনে স্পষ্ট কৰি দিছিল যে কেৱল আহমেদাবাদত ২০২৫ চনৰ ছিনিয়ৰ নেচনেল চেম্পিয়নশ্বিপ, গাজিয়াবাদত অনুষ্ঠিত ২০২৬ চনৰ ছিনিয়ৰ ফেডাৰেচন কাপ আৰু ভিলাইত অনুষ্ঠিত ২০২৬ চনৰ ৰাষ্ট্ৰীয় অনুৰ্ধ-২০ প্ৰতিযোগিতাৰ পদক বিজয়ীসকলেহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। এই নিৰ্দেশনাত লগতে কোৱা হৈছিল যে খেলুৱৈসকলৰ পূৰ্বৰ প্ৰদৰ্শন বা নিয়মৰ শিথিলতাৰ ওপৰত কোনো গুৰুত্ব দিয়া নহ’ব।

জানিব পৰা মতে, ২০১৮ চনৰ এছিয়ান গেমছৰ চেম্পিয়ন বিনেশ ফোগাটে পেৰিছ অলিম্পিকৰ ফাইনেলত ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবে অযোগ্য ঘোষণা হোৱাৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত অৱসৰ গ্ৰহণ কৰিছিল। যোৱা বছৰৰ ডিচেম্বৰ মাহত তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰি পুনৰ খেলপথাৰলৈ উভতি অহাৰ কথা ঘোষণা কৰিছিল, কিন্তু এতিয়ালৈকে তেওঁ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। ৬ মে’ৰ নিৰ্দেশনাৰ পিছত, ৯ মে’ত ডব্লিউ এফ আইয়ে ফোগাটলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। ইয়াত বিনেশৰ বিৰুদ্ধে অনুশাসনহীনতা আৰু ডোপিং বিৰোধী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু তেওঁক ২০২৬ চনৰ ২৬ জুনলৈকে ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল।

ফেডাৰেচনে জনোৱা অনুসৰি, অৱসৰৰ পৰা উভতি অহাৰ পিছত তেওঁ বিশ্ব ডোপিং সংস্থা ৱাডাৰ ডোপিং বিৰোধী নিয়মৰ অধীনত বাধ্যতামূলক ছমাহৰ জাননীৰ সময়সীমা সম্পূৰ্ণ কৰা নাই। অৱসৰৰ পৰা উভতি অহা যিকোনো খেলুৱৈৰ বাবে এই সময়সীমাটো বাধ্যতামূলক। বিনেশৰ আৱেদনৰ শুনানিৰ সময়ত আদালতে কয় যে ফোগাট মাতৃত্বকালীন ছুটীত থকা কথাটো তেওঁলোকে বুজি পাইছে, কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথাও মনত ৰখা উচিত। সেয়েহে মল্লযুঁজ ফেডাৰেচনক তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ দিব লাগে।

আদালতে লগতে কয় যে অন্তৱৰ্তীকালীন সকাহৰ বাবে এতিয়া সময় নাই। তেওঁক ইতিমধ্যে অযোগ্য ঘোষণা কৰা হৈছে, এনে অৱস্থাত আনটো পক্ষৰ কথা নুশুনাকৈ আদালতে কেনেকৈ সকাহ দিব পাৰে। বিনেশ ফোগাটৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ৰাজশেখৰ ৰাওৱে কয় যে এই গোচৰটোত দেখা পোৱাতকৈ বহুত বেছি কথা লুকাই আছে। তেওঁ বিনেশক বৰ্তমানৰ বাবে ট্ৰায়েলত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ দাবী জনাইছিল।

বিনেশৰ ফালৰ পৰা যুক্তি দিয়া হৈছিল যে তেওঁক ১০ আৰু ১১ মে’ত হ’বলগীয়া গোণ্ডা টুৰ্ণামেণ্টৰ বাবে পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়া হৈছিল, কিন্তু প্ৰতিযোগিতাৰ এদিন আগতে ৯ মে’ত তেওঁক এখন জাননী দিয়া হয় আৰু খেলপথাৰত উপস্থিত হোৱাৰ পিছত তেওঁক অংশগ্ৰহণ কৰাত বাধা দিয়া হয়। অধিবক্তাগৰাকীয়ে কয় যে এই বছৰ ফোগাটৰ বাবে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ এইটোৱেই একমাত্ৰ সুযোগ আছিল আৰু গৰ্ভাৱস্থা তথা সন্তান জন্মৰ পিছৰ জিৰণিৰ সময়ছোৱাৰ বাবেই তেওঁৰ সময়সীমা মিলি যোৱা নাছিল।

অৱশ্যে, আদালতে ফোগাটক ৯ মে’ৰ জাননীখনৰ ওপৰত এক বিতং উত্তৰ দাখিল কৰিবলৈ অনুমতি দিছে আৰু ডব্লিউ এফ আইক ৬ জুলাইত পৰৱৰ্তী শুনানিৰ আগতে ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল’বলৈ কৈছে। আদালতে কেন্দ্ৰীয় চৰকাৰ, ডব্লিউ এফ আই আৰু ভাৰতীয় অলিম্পিক সংস্থালৈও জাননী জাৰি কৰিছে।

উল্লেখযোগ্য যে এইটো ডব্লিউ এফ আই আৰু বিনেশ ফোগাটৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ এক নতুন ৰূপ। শেহতীয়াকৈ বিনেশ ফোগাটে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ শৰণ সিংৰ বিৰুদ্ধে চলি থকা যৌন নিৰ্যাতনৰ গোচৰত এক ডাঙৰ প্ৰকাশ কৰিছিল যে সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা ছয়গৰাকী মল্লযোদ্ধাৰ ভিতৰত তেৱোঁ এগৰাকী। ইয়াৰ লগতে তেওঁ সিঙৰ গৃহ অঞ্চলত প্ৰতিযোগিতা অনুষ্ঠিত কৰাক লৈয়ো তীব্ৰ বিৰোধিতা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd