• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাৰিয়ানাত INLD নেতাক হত্যা; অভিযুক্তক গ্ৰেপ্তাৰ নকৰালৈকে মৃতদেহ পোষ্টমৰ্টেম কৰিব নিদিয়ে পৰিয়ালে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 26, 2024 7:23 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানাৰ ঝজ্জাৰত গুলীয়াই হত্যা কৰা ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ মুৰব্বী নাফে সিং ৰাথীৰ পৰিয়ালে অভিযুক্তক গ্ৰেপ্তাৰ নকৰালৈকে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অনুমতি নিদিয়ে।

সোমবাৰে সংবাদ মাধ্যমৰ আগত নাফে সিং ৰাথীৰ পুত্ৰ জিতেন্দ্ৰ ৰাথীয়ে কয় যে, ‘`যেতিয়ালৈকে আৰক্ষীয়ে মোৰ দেউতাৰ হত্যাকাৰীক নধৰে, তেতিয়ালৈকে আমি মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিদিওঁ। মোৰ সন্দেহ যে মোৰ দেউতাৰ হত্যাকাণ্ডত স্থানীয় বিজেপি নেতাৰ হাত আছে।”

ইপিনে, আইএনএলডিৰ মুৰব্বী নাফে সিং ৰাথীৰ হত্যাকাণ্ডক লৈ ৰহস্য বৃদ্ধি পাইছে। দেওবাৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে হত্যা কৰা ৰাথীক ৬ মাহ পূৰ্বে মৃত্যুৰ আশংকা কৰা হৈছিল। এই বিষয়ে জ্যেষ্ঠ আৰক্ষী বিষয়া তথা হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰকো অৱগত কৰা হয়৷ লগতে অতিৰিক্ত নিৰাপত্তা বিচাৰিছিল।

লগতে পঢ়কঃ লণ্ডনত থকা ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত প্ৰবাসী অধ্যাপিকাক দেশত প্ৰৱেশ কৰাত বাধা; কাৰণ কি?

দলৰ সাধাৰণ সম্পাদক অভয় চৌটালাই এনে বিস্ফোৰক দাবী উত্থাপন কৰি খট্টৰক পোনপটীয়াকৈ দোষাৰোপ কৰে। লোকসভা নিৰ্বাচনৰ পূৰ্বে আইএনএলডিৰ ৰাজ্যিক মুৰব্বীৰ হত্যাক লৈ পুনৰ উত্তপ্ত হ’বলৈ আগবাঢ়িছে হাৰিয়ানা।

দেওবাৰে নিশা বাহাদুৰগড়ৰ সমীপত ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ ৰাজ্যিক মুৰব্বী নাফে সিং ৰাথীৰ এছ ইউ ভি গাড়ীখনত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে। ইয়াৰ ফলত ৰাথী আৰু এজন আইএনএলডি কৰ্মীৰ মৃত্যু হয়। গুলীচালনাৰ পিছত যেতিয়া নেতাজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় তেতিয়া চিকিৎসকে কয় যে ৰাথীৰ গোটেই শৰীৰত একাধিক গুলীৰ আঘাত লাগিছে। বহু চেষ্টাৰ পিছতো তেওঁক বচাব পৰা নগ’ল।

সেই ঘটনাত ৰাথীৰ কেইবাজনো নিৰাপত্তাৰক্ষীও গুৰুতৰভাৱে আহত হয়। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

কুখ্যাত লৰেন্স বিষ্ণোই গেঙৰ সৈতে আইএনএলডিৰ ৰাজ্যিক মুৰব্বীগৰাকীৰ সম্পৰ্কৰ উৰাবাতৰি অভয় চৌটালাই অস্বীকাৰ কৰিছে। তেওঁৰ মতে, হাৰিয়ানা চৰকাৰে বিষ্ণোই গেঙৰ বিষয়টো উত্থাপন কৰি তেওঁলোকৰ দায়িত্বৰ পৰা হাত সাৰিব বিচাৰিছে। ৰাথীয়ে খোদ মুখ্যমন্ত্ৰী খট্টৰ, ৰাজ্যৰ গৃহমন্ত্ৰী অনিল ভিজ, ৰাজ্যিক আৰক্ষীৰ ডিজি আৰু ঝজ্জাৰৰ আৰক্ষী অধীক্ষকলৈ পত্ৰ লিখি নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছিল আৰু অতিৰিক্ত নিৰাপত্তা বিচাৰিছিল।

লগতে পঢ়কঃ দুটা সিংহই খালে ত্ৰিপুৰাৰ বন বিষয়াৰ চাকৰি; সিংহৰ নামকৰণক লৈ বিতৰ্ক গৈ পাইছিল আদালত

চৌটালাই দাবী কৰিছে যে ৰাথীয়ে নিৰাপত্তাৰ অভাৱতে এনেদৰে হত্যাৰ বলি হ’ববলগীয়া হ’ল। তেওঁ ৰাথীৰ মৃত্যুৰ বাবে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ জগৰীয়া কৰি চিবিআইৰ তদন্তৰ দাবী জনায়। আনহাতে, আৰক্ষীয়ে এনে নৃশংস হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। চিচিটিভিৰ ফুটেজ চাই দোষীক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত আছে।

Recent News

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd