• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰখনৰ বিত্তীয় অৱস্থা অতি শোচনীয় সেয়া হিমন্ত বিশ্ব শর্মাৰ বক্তব্যই প্ৰমাণ কৰিলে : দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2020 6:32 pm
index.jpg44
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা অতি শোচনীয় সেয়া স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ বক্তব্যই প্ৰমাণ কৰিলে বুলি মন্তব্য কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে শইকীয়াই কয় ‘চৰকাৰখনৰ বিত্তীয় অৱস্থা যে অতি শোচনীয়, সেয়া যোৱা কালি মন্ত্ৰী ড° শৰ্মাৰ প্ৰেছ মেলত ওলাই পৰিল। কাৰণ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিত্তীয় পেকেজৰ পৰা সৰ্বসাধাৰণে একো নেপাই মাত্ৰ চৰকাৰৰ উদং হোৱা বিত্তীয় পুঁজিতহে ব্যৱহাৰ হ’ব।‘

Apply Now

ইয়াৰোপৰি অসম চৰকাৰে আৰম্ভ কৰা ডিজিটেল পাঠ্যক্ৰমৰ জৰিয়তে, শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ মনত এক মানসিক হেঁচা পৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কিয়নো গ্ৰামাঞ্চলত বহুতো পৰিয়ালৰ হাতত স্মাৰ্ট ফোন নাই, যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শৈক্ষিক বৈষম্যৰ সৃষ্টি হ’ব।‘

সেয়েহে এই বিষয়ে শিক্ষা মন্ত্ৰীক বিষয়টো চালি জাৰি চাই আকৌ এবাৰ চিন্তা কৰিবলৈ শইকীয়াই অনুৰোধ জনায়।

ইপিনে, ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ মাহিলী মাচুল কম কৰি দি অভিভাৱক সকলক অলপ সকাহ দিবলৈ শিক্ষা মন্ত্ৰীক তেওঁ অনুৰোধ জনায় লগতে কয় ‘কিয়নো এই সময়ত, যিহেতু ক্লাছ আৰম্ভ হোৱা নাই সেয়েহে নিশ্চিত ভাৱে বিদ্যালয়ৰ বিদ্যুৎ মাচুল তথা ল’ৰা ছোৱালীক অনা নিয়া কৰা গাড়ী সমূহৰ ইন্ধনৰ খৰচ কমিছে। এই লাভ চৰকাৰে বিদ্যালয়সমূহৰ জৰিয়তে অভিভাৱক সকললৈ প্ৰেৰণ কৰাৰ এক ব্যৱস্থা লওক।‘

তাৎপৰ্যপূৰ্ণভাৱে  কোভিড১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে যিমান প্ৰস্তুত হ’ব লাগিছিল সিমান নোহাৱাটো ইতিমধ্যে ৰাজ্য চৰকাৰৰ কিছুমান মন্তব্যৰ পৰা গম পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ এক উদাহৰণ দি কয়,  ‘যেনেকৈ বহিঃ ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ ব্যক্তিসকলক বৰ্তমান চৰকাৰে অসমলৈ আনিবলৈ দেখুওৱা অনীহা তেওঁলোকৰ মন্তব্যৰ পৰা ধৰিব পৰা গৈছে।‘

‘কোভিড১৯ৰ বাবে ৰাজ্যৰ এক বিপৰ্যয়ৰ সময়ত, চৰকাৰী প্ৰেছ মেলত ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই ৰাজ্যিক বিজেপিৰ সভাপতিক কাষত বহুৱাই দলীয় প্ৰচাৰ তথা ৰাজনৈতিক মুনাফা লোৱাৰ প্ৰচেষ্টাক মই গৰিহণা দিছোঁ।‘ শইকীয়াই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক কটাক্ষ কৰি কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd