NORTHEAST NOW (Assamese)

নামনি অসমৰ বিভিন্ন অঞ্চলত বানৰ সংহাৰী ৰূপ, প্ৰাণ গ’ল এজনৰ

June 28, 2019 12:30 pm · এন ই নাও নিউজ
ফটো : য়ু বি

বিগত কিছু দিন ধৰি অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত নামনি অসমৰ কেইবাখনো জিলাত কালৰূপ ধাৰণ কৰিছে বানে। সংহাৰী ৰূপ ধাৰণ কৰা বানৰ ফলত আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল।

সম্প্ৰতি ফেনে ফোটোকাৰে বাঢ়ি অহা কালদিয়া আৰু মৰা পাগলাদিয়া নদীৰ পানীয়ে বাক্সা জিলাৰ উপৰি গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), বৰপেটা আৰু নলবাৰী অঞ্চলৰ বিস্তীৰ্ণ এলেকা বুৰাই ৰাইজৰ অন্যান্য ক্ষতি কৰাৰ লগতে নিঃশেষ কৰিছে কৃষকৰ আশাৰ খেতিডৰা।

তথ্য অনুসৰি বাক্সা জিলাৰ মছলপুৰত বানৰ কৱলত পৰি বৃহস্পতিবাৰে এজন লোকে মৃত্যবৰণ কৰিব লগীয়াও হৈছে।
বানে হাজাৰ হাজাৰ পৰিয়ালক আশ্ৰয়হীন কৰি তোলাৰ উপৰি বহু হেক্টৰ কৃষিভূমি নষ্ট হৈ পৰাত কৃষক সকলে এতিয়া ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিছে।

উল্লেখযোগ্য যে বিগত কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে অন্য নদীসমূহৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে যিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।।

Related News