• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নৰেন্দ্ৰ মোদীয়ে নহয়, ৰাম মন্দিৰৰ প্ৰথম শিলান্যাস কৰিছিল প্ৰয়াত ৰাজীৱ গান্ধীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 5, 2020 12:57 pm

2 min read

index.jpgk
790
VIEWS
Share on FacebookShare on Twitter

আজি অযোধ্যা ৰাম মন্দিৰৰ ভূমিপূজনৰ লগতে শিলান্যাসৰ গাঠনি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি এই ভূমিপূজনৰ দিনাই কংগ্ৰেছৰ দাবী কৰিছে যে পাঁচ দশকৰ পূৰ্বে ৰাম মন্দিৰৰ শিলান্যাসৰ গাঠনি কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

ৰাজীৱ গান্ধীৰ অতি ঘনিষ্ঠ কংগ্ৰেছ কমল নাথে দাবী কৰিছে যে ৰাম মন্দিৰৰ প্ৰথমবাৰ শিলান্যাস কৰাৰ লগতে মন্দিৰৰ দুৱাৰ খলি দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে।

এক সৰ্বভাৰতীয় সংবাদ সংস্থাত দিয়া এক সাক্ষাৎকাৰত কমল নাথে কয়, “আমি আৰম্ভণিৰ পৰাই মন্দিৰ নিৰ্মাণৰ সমৰ্থন কৰি আহিছো, ভাৰতেই একমাত্ৰ দেশ য’ত সকলোৰে সন্মতিৰে মন্দিৰ নিৰ্মাণ সম্ভৱ। ১৯৮৬ চনতে ৰাম মন্দিৰৰ দুৱাৰ ৰাজীৱ গান্ধীয়ে মুকলি কৰাৰ কথা পাহৰি গ’লে নহ’ব। ১৯৮৯ চনতেই ৰাম মন্দিৰৰ ভূমিপূজন কৰা হৈছিল।”

কমল নাথৰ মতে উল্লেখ্য যে, ১৯৮৬ চনৰ ৰাজীৱ গান্ধীৰ দিনত প্ৰথম দুৱাৰ খোলা হৈছিল। উত্তৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বীৰ বাহাদুৰ সিঙে মন্দিৰৰ শিলান্যাস কৰি দুৱাৰ খুলিবলৈ ৰাজীৱ গান্ধীক সন্মত কৰোৱাইছিল।

তেতিয়াৰ পৰাহে হিন্দুসকলে ৰামলালাৰ দৰ্শন কৰাৰ অনুমতি লাভ কৰি আহিছে বুলি দাবী কমল নাথৰ।

ইয়াৰ পূৰ্বে ৰাজীৱ গান্ধীৰ অনুৰোধ মৰ্মে ১৯৮৫ চনত দূৰদৰ্শনত ৰামায়ণ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল।

১৯৮৯ চনৰ নিৰ্বাচনত ৰাজীৱ গান্ধীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল।

ইয়াৰ পিছতে বিশ্ব হিন্দু পৰিষদক শিলান্যাস কৰাৰ অনুমতি প্ৰদান কৰিছিল ৰাজীৱ গান্ধীয়ে আৰু ১৯৮৯ চনৰ ৯ নৱেম্বৰৰ শিলান্যাসৰ কাৰ্যসূচীলৈ নিজৰ মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী বুটা সিঙক প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছিল।

অৱশ্যে ৰাজীৱ গান্ধীৰ ৰাম মন্দিৰৰ প্ৰথম শিলান্যাসৰ সেই প্ৰচেষ্টাক হিন্দত্ববাদী সংগঠনবোৰে অস্বীকাৰ কৰা নাই।

Recent News

5636c540ce40979bb1d8ad27138e0857a1ae3813cbaaaf5a25ffd29a7fb83d38-750x375

কৰ’নাৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল

Pradhan-Mant

কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে চৰকাৰে, মৃত্যু ঘটিলেও পৰিয়ালে নাপাব সাহায্য!

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd