• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোৱালপাৰা কোৱাৰেন্টাইন চেণ্টাৰে মনা নাই কোনো ধৰণৰ প্ৰটকল; অভিযোগ এগৰাকী UPSC ছাত্ৰীৰ

"নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো কোৱাৰেন্টাইন চেণ্টাৰতে ৰখা হৈছে লোকক, নতুনকৈ আনি আছে বহু লোক"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2020 9:16 pm
index.jpg656
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহিঃ ৰাজ্যৰ পৰা ট্ৰেইন বাছ যোগে প্ৰতিদিনে অসমলৈ অনা হৈছে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক।

তেনে সময়তে গোৱালপাৰা কোৱাৰেন্টাইন চেণ্টাৰে মনা নাই কোনো ধৰণৰ প্ৰটক’ল।

Apply Now

এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চেণ্টাৰটোত কোৱাৰেন্টাইন হৈ থকা এগৰাকী মুম্বাইত UPSC অধ্যয়নৰত ছাত্ৰী আয়েশাই।

নৰ্থ ইষ্ট নাওৰ আগত আয়েশাৰ গুৰুতৰ অভিযোগ “পূৰ্বৰ কোভিড-১৯ পৰীক্ষাত নিগেটিভ অহাৰ পাছতো কোৱাৰেন্টাইন চেণ্টাৰৰ পৰা যাবলৈ দিয়া হোৱা নাই। কিন্তু প্ৰতিদিনে নতুন নতুন লোকক আনি থকা হৈছে চেণ্টাৰটোলৈ।”

উল্লেখযোগ্য যে, যোৱা ২৩ মাৰ্চত দিল্লীৰ পৰা আহি গোৱালপাৰাৰ দস্তিনগৰৰ নিজ বাসগৃহতে তেওঁ আৰু তেওঁৰ পিতৃ কোৱাৰেন্টাইন হৈ আছিল। কিন্তু উক্ত অঞ্চলত যোৱা ৫ মে’ত এজন ইমাম এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছতে তেওঁলোকক গোৱালপাৰা কলেজ কোৱাৰেন্টাইন চেণ্টাৰলৈ লৈ অনা হৈছিল।

আজি চেণ্টাৰটোত তেওঁ আৰু তেওঁৰ পিতৃয়ে ১১ দিন অতিক্ৰম কৰিছে।

আয়েশাই জনোৱা অনুসৰি এই ১১ দিনত তেওঁলোকৰ দুবাৰকৈ স্বাৱ চেম্পল সংগ্ৰহ কৰা হ’ল আৰু তৃতীয় টেষ্ট কৰিবলৈ বাকী আছে।

কিন্তু পূৰ্বৰ দুটা ফলাফলৰ ৰিজাল্ট বৰ্তমানলৈকে লাভ কৰা নাই ছাত্ৰীগৰাকী আৰু তেওঁৰ পিতৃয়ে।

দুয়োগৰাকীয়ে ১৪ দিনৰ কোৱাৰেন্টাইন শেষ হোৱালৈ অপেক্ষা কৰি আছে যদিও তেওঁলোকৰ লগৰ এটা পৰিয়ালক ১৯ দিন ধৰি ৰখাই থোৱা হৈছে চেণ্টাৰটোত।

যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি পৰিয়ালটোৰ মফিজুদ্দিন আহমেদ নামৰ সদস্যজন যোৱা ২৭ এপ্ৰিলত ক’ৰ’ণাত আক্ৰান্ত হৈছিল আৰু তাৰ পাছতে তেওঁৰ পৰিয়ালৰ সদস্যক অনা হৈছিল চেণ্টাৰটোলৈ। আজি চেণ্টাৰটোত ১৯ দিন উকলিব পৰিয়ালটোৰ।

তাৎপৰ্যপূৰ্ণভাৱে মফিজুদ্দিনক যোৱা ১৩ মে ৰ দিনা গুৱাহাটী MMCH ৰ পৰা মুক্তি দিয়া হয় যদিও এতিয়ালৈকে পৰিয়ালটোক কেতিয়া মুকলি কৰি দিয়া হ’ব তাক লৈ এতিয়াও একো নিশ্চিত হোৱা নাই বুলি আয়েশাই অভিযোগ কৰে।

আয়েশাই আৰু কয় “বৰঞ্চ দৈনিক নতুন নতুন লোকক অনা হৈছে কোৱাৰেন্টাইন চেণ্টাৰটোলৈ। তেওঁলোকক গেটৰ বাহিৰত এৰি দি প্ৰশাসনৰ লোকে তেওঁলোক কোন কোঠাত থাকিব সেয়া নিৰ্দিষ্ট কৰি নিদিয়ে।”

ইপিনে পূৰ্বৰে পৰা কোৱাৰেন্টাইন হৈ থকা লোকসকলে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৃথক পৃথককৈ আছে আছে আৰু পৃথক বাথৰুম ব্যৱহাৰ কৰি আহিছে বুলিও তেওঁ কয়।

“তেনে পৰিপ্ৰেক্ষিতত এনেকৈ দৈনিক নতুন মানুহ আনি থাকিলে কেনেকৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিম? কেনেকৈ পৃথককৈ বাথৰুম ব্যৱহাৰ কৰিব পাৰিম? যদি নতুনকৈ অহা কোনো ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকে বাথৰুম ব্যৱহাৰ কৰে তেন্তে তাৰ পৰা আমাৰ ভাইৰাছ সংক্ৰমণ নহ’ব নেকি?” ভুক্তভোগী যুৱতীগৰাকীৰ গোৱালপাৰা জিলা প্ৰশাসনলৈ প্ৰশ্ন।

ইতিমধ্যে কোৱাৰেন্টাইন চেণ্টাৰৰ কৰ্তৃপক্ষক তেওঁলোকৰ সমস্যা বোৰৰ বিষয়ে অৱগত কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd