অসমৰ চিৰবৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি সপ্তম মৃত্যু বাৰ্ষিকী।
এই উপলক্ষে আজি অসম চৰকাৰে এক স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰি এই অনুষ্ঠানতে অসম চৰকাৰে সাজি উলিওৱা সংগ্ৰহালয়টো মুখ্য মন্ত্ৰী সোণোৱালে উদ্বোধন কৰিব।
সংগ্ৰহালয়টো ‘সোণোৱালী সোঁৱৰণী’ নামেৰে নামাকৰণ কৰা হৈছে। ইফালে আছুৱেও দীঘলীপুখুৰীপাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।
এই উপলক্ষে পুৱা ১০ বজাত দীঘলীপুখুৰী পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা উক্ত অনুষ্ঠানত সন্ধিয়া ১০ হাজাৰ বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব আছুৰ ফালৰ পৰা জানিব পৰা গৈছে।
উক্ত অনুষ্ঠানত ৰাজ্যখনৰ বহু শিল্পীয়ে প্ৰয়াত শিল্পী গৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰিব। ইফালে আজি ৰাজ্যৰ ভিন্ন প্ৰান্ততে সুধাকণ্ঠ গৰাকীৰ শ্ৰদ্ধাঞ্জলি জনাব।