• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সবকা সাথ সবকা বিকাশৰ কথা কেৱল মুখতহে কয় চৰকাৰে – কংগ্ৰেছৰ ক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2023 2:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপিয়ে বাস্তৱিকতে সকলোৰে সম উন্নয়ন মুঠেই নিবিচাৰে ৷ অসমত দলটোৱে ক্ৰমাৎ নিজৰ প্ৰকৃত চৰিত্র উদঙাই দিছে। ৰাইজক ভালৰি বোলাবলৈ এনেধৰণৰ শ্লগান দিয়া বিজেপি চৰকাৰৰ দিনত এতিয়া অসমৰ জনগোষ্ঠীয় লোকসকলৰ অৱস্থা পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে। 

অসমৰ জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ কথা কোৱা দিল্লী  আৰু দিছপুৰৰ ডাবোল ইঞ্জিন চৰকাৰৰ দিনত জনজাতীয় লোকসকলে দুবেলা দুমুঠি ভালকৈ  খাবলৈ পোৱা নাই। যাৰ বাবে বহুলোকে আত্মহননৰ দৰে পথ বাচি ল’বলগীয়া হৈছে। ৰিক্সা চলাই পেট প্ৰৱৰ্তাই অহা লোকৰ ৰিক্সাৰ ওপৰতে কৰুণ মৃত্যু ঘটিছে। এনে অৱস্থাত জনজাতীয় উন্নয়নৰ   নামত যি পুঁজি আৱণ্টন দিয়া হৈছে সেই আৱণ্টিত পুঁজি সঠিকভাৱে সাধাৰণ মানুহৰ মাজলৈ যে যোৱা নাই সেই কথা শেহতীয়া ঘটনাসমূহে প্ৰমাণ কৰিছে। এই পুঁজিৰ কেনেধৰণৰ অপৰৱ্যৱহাৰ হৈছে সেই সন্দৰ্ভত এক সঠিক তদন্ত বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে । 

Apply Now

আজি সংবাদমেলযোগে পুঁজিৰ অপব্যৱহাৰৰ লগতে সামাজিকভাৱেও জনজাতীয় লোকসকলক বিজেপি চৰকাৰে অৱহেলাৰ দৃষ্টিৰে চাই আহিছে বুলিও অভিযোগ কৰে। মহানগৰীৰ শিলসাঁকোত জনজাতীয় লোকসকলক সময় নিদিয়াকৈ হঠাৎ জাননী দি উচ্ছেদ কৰা কাৰ্যৰ জৰিয়তেই চৰকাৰৰ জনজাতীয় লোক বিৰোধী নীতিৰ উমান পোৱা গৈছে বুলি প্ৰদেশ কংগ্ৰেছে দাবী কৰে। 

সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ এগৰাকী জনজাতীয় যুৱতী হোৱা বাবেই তেওঁৰ মৃত্যুৰ তদন্ত ইচ্ছাকৃতভাৱে বিজেপি চৰকাৰে লেহেমীয়া কৰিছে বুলিও সংবাদমেলত কংগ্ৰেছ নেতৃত্বই অভিযোগ  কৰে ৷ ৰাইজৰ কৰৰ ধনৰ শৰাধ কৰি জিলাই জিলাই কেবিনেট পাতি অপ্ৰয়োজনতো গোটেই অসমখন ঘূৰি ফুৰা মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ গাতে লাগি থকা প্ৰয়াত জোনমণি ৰাভাৰ গৃহলৈ গৈ কন্যাৰ পিছত পুত্ৰকো হেৰুওৱা মাতৃক এষাৰ মাত দিবলৈ মুখ্যমন্ত্ৰীয়ে কিয় আজিও সময় নাপালে বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে। 

সংবিধানৰ ষষ্ঠ অনুসূচী অনুযায়ী গঠিত হোৱা স্বায়ত্ত শাসিত পৰিষদসমূহক কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ তৰপৰ পৰাও বিভিন্ন পুঁজি যোগান ধৰা হয়। কিন্তু পুঁজি যোগান সত্বেও লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত শালমৰা গাঁৱত চৰম দাৰিদ্ৰতাৰ বাবে সৰুমাই নামৰ এগৰাকী মহিলাই দুই সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ কিয় হ’ল বুলিও কংগ্ৰেছ নেতৃত্বই বিজেপি চৰকাৰক প্রশ্ন কৰে। 

নাওবৈচাৰ মহিলাগৰাকীয়ে তেওঁৰ স্বামী অক্ষয় পায়েং দিন-হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়তে নিজৰ দুবছৰীয়া পুত্ৰ সন্তান আৰু ১৫ দিনীয় কন্যা সন্তানক হত্যা কৰি দৰিদ্ৰতাৰ বাবে আত্মহননৰ পথ বাচি লৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে যি গোচৰ ৰুজু কৰিছে সেই গোচৰত জিলা আয়ুক্ত আৰু  অন্যান্য বিষয়াসকলক জবাবদিহি কৰিছে। অৰুণোদয় আঁচনিৰ গুণগান কৰি থকাৰ সময়তে কেনেকৈ লখিমপুৰত এগৰাকী মিচিং জনগোষ্ঠীৰ মহিলাই পেটৰ ভোকত আত্মহত্যা কৰিব লগা হ’ল বুলি প্ৰশ্ন কৰিছে দলটোৱে।

কথাটো হ’ল ষষ্ঠ অনুসূচীৰ আধাৰত যি পুঁজি চৰকাৰে মুকলি কৰি দিছে সেই পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। গতিকে এইক্ষেত্ৰত চৰম দুৰ্নীতি হৈছে আৰু ইয়াৰ তদন্ত হব লাগে বুলি দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।

ক’ত কিমান পুঁজি চৰকাৰে স্বায়ত্ব শাসিত পৰিষদ আৰু জনজাতীয় উন্নয়ন পৰিষদসমূহক আৱণ্টন দিলে তাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈও কংগ্ৰেছে দাবী জনাইছে৷ 

আনহাতে, কিয় কলাইগাঁৱৰ খগেন বড়োৱে ধনৰ  অভাৱত গুৱাহাটীত ৰিক্সা চলাই ৰিক্সাতে মৃত্যুক সাবতিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে কংগ্ৰেছে । 

বিটিআৰৰ অন্তৰ্গত গোৰেশ্বৰত জনৈক যতীন নামৰ এজন দিব্যাংগ লোকে বিজুলীৰ বিল বৃদ্ধি পোৱাত বিজুলীৰ বিল আদায় দিব নোৱাৰি নাম-প্ৰসংগ পাতি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা ঘটনাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পোৱা বিষয়টোও আজিৰ সংবাদমেলত কংগ্ৰেছে উত্থাপন কৰে। 

চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কেৱল মুখতহে কয় বাবেই এনে ঘটনা হ’বলৈ পাইছে বুলিও কংগ্ৰেছে অভিযোগ কৰে। সেয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰী পুঁজিৰ সদব্যৱহাৰ নোহোৱা বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ চলিত বৰ্ষৰ ২৮ জুনত পত্ৰ প্রেৰণ কৰিবলগীয়া হৈছিল বুলিও কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd