গা বেয়া লগাৰ বাবে ৰাস্তাত গাড়ী ৰখাই নামিছিল বিয়া পাতিবলৈ গৈ থকা দৰা। সেয়াই কাল হ’ল। বিয়াৰ কিছু মুহূৰ্তৰ পূৰ্বেই এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সুবোধ কুমাৰে। এই ঘটনাই উত্তৰ প্ৰদেশৰ বাঘপত জিলাত আনন্দৰ মাজত হঠাতে নমাই আনিছে বিষাদৰ ছাঁ।
পৰিয়ালৰ একমাত্ৰ সন্তান সুবোধৰ এনে মৃত্যুত অলপ আগলৈকে যিখন ঘৰত সাজ-সজ্জা, গান-বাজনা আৰু আনন্দৰ জোৱাৰ উঠিছিল, মুহূৰ্তৰ ভিতৰতে তাত বিৰাজ কৰিলে শোকৰ পৰিৱেশে।
ঘটনাটো সংঘটিত হৈছে বাঘপতৰ বিনাউলি আৰক্ষী থানা এলেকাত। স্থানীয় পিচোকৰা গাঁৱৰ বাসিন্দা সুবোধ কুমাৰে দেওবাৰে নিশা তেওঁৰ বৰযাত্ৰীসকলক লৈ সৰুৰপুৰ কালান গাঁৱত উপস্থিত হৈছিল। পঞ্চায়ত ভৱনৰ সন্মুখত বৰযাত্ৰীৰ বাবে জলপানৰ ব্যৱস্থা কৰা হৈছিল। তাতেই গাড়ী ৰখাই কিছু সময়ৰ বাবে জিৰণি লৈছিল সমগ্ৰ বৰযাত্ৰীৰ দলটোৱে।
পৰিয়ালৰ লোকে জনোৱা মতে, হঠাতে শৰীৰত অস্বস্তি অনুভৱ কৰিছিল সুবোধে। গাড়ীৰ পৰা নামি ৰাস্তাৰ কাষলৈ গৈ বমি কৰিবলৈ আৰম্ভ কৰে তেওঁ। ঠিক সেই সময়তে বিপৰীত দিশৰ পৰা তীব্ৰ বেগত এখন ট্ৰাক আহি জোৰেৰে খুন্দা মাৰে। আকস্মিক এই ঘটনাত চাৰিওফালৰ পৰা চিঞৰ-বাখৰ কৰি দৌৰি আহে বৰযাত্ৰীৰ দল।
আহত অৱস্থাত সুবোধক লগে লগে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁক তাৰ পৰা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু তেতিয়ালৈকে সকলো শেষ। জিলা চিকিৎসালয়ৰ চিকিৎসক ৰাজ সিঙে জনোৱা মতে, দেওবাৰে নিশা প্ৰায় দহ বজাত সুবোধক চিকিৎসালয়লৈ অনা হৈছিল। কিন্তু চিকিৎসালয় আহি পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল।
ঘটনাৰ খবৰ পাই বিনাউলি থানাৰ আৰক্ষী ঘটনাস্থলত উপস্থিত হয়। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইফালে, ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আৰক্ষীয়ে জনোৱা মতে, ওচৰৰ হাইৱে আৰু আশে-পাশে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা হৈছে। পৰিয়ালৰ তৰফৰ পৰা অভিযোগ পোৱাৰ পিছতে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিব আৰক্ষীয়ে।
দৰাৰ মৃত্যুৰ খবৰত ভাগি পৰিছে কইনাৰ পৰিয়ালবৰ্গও। বিয়াৰ সাজত সাজি-কাচি থকা এগৰাকী যুৱতীৰ জীৱনৰ অন্যতম সুখৰ দিনটোৱেই পৰিণত হ’ল এক বিভীষিকাময় ৰাতিলৈ। সুবোধ পৰিয়ালৰ একমাত্ৰ ল’ৰা আছিল, যাৰ ফলত এই অকাল বিয়োগে সমগ্ৰ গাঁৱখনকে স্তব্ধ কৰি তুলিছে।
পৰিয়ালৰ আত্মীয় সুখপাল সিঙে জনোৱা মতে, দৰাই অলপ অসুস্থ অনুভৱ কৰাৰ বাবেই গাড়ীৰ পৰা নামিছিল। কিন্তু কোনে জানিছিল যে সেই কেইটা মুহূৰ্তই তেওঁৰ জীৱনৰ শেষ মুহূৰ্ত হৈ পৰিব!আৰক্ষীয়ে জনাইছে যে ট্ৰাক চালকৰ পৰিচয় জানিবলৈ চেষ্টা চলাই থকা হৈছে আৰু দোষীৰ বিৰুদ্ধে অতি শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।





