• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাস্থ্যবিভাগত ৯০০০পদত দিয়া হ’ব নতুন নিযুক্তি; ছেপ্টেম্বৰতেই প্ৰকাশ পাব বিজ্ঞাপন

চিকিৎসা মহাবিদ্যালয়-দন্ত চিকিৎসা মহাবিদ্যালয়ত ৭০ গৰাকী টীচিং-ন'ন টীচিং ফেকাল্টীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্যমন্ত্ৰীৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 4, 2021 3:46 pm
Kesab Mahanta appointment distribution
246
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্যবিভাগত ৯০০০পদত দিয়া হ’ব নতুন নিযুক্তি; ছেপ্টেম্বৰতেই প্ৰকাশ পাব বিজ্ঞাপন

ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত নতুনকৈ ৭০ গৰাকীক নিযুক্তি দিছে ৰাজ্য চৰকাৰে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শনিবাৰে আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চৰকাৰী দন্ত-চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদত ৩১ গৰাকী আৰু চিকিৎসা মহাবিদ্যালয়ৰ অশৈক্ষিক অনুষদ (ন’ন-টীচিং ফেকাল্টী)ৰ ৩৯টা পদত বাচনি লাভ কৰা এই নৱনিযুক্ত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গুৱেল, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, আয়ুক্ত (খাদ্য সুৰক্ষা আৰু পৰিদৰ্শন) মনালিছা গোস্বামী, বিশেষ সচিব কৃষ্ণা গোহাঁই, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰ নাথ নাটেকে ধৰি বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গই অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত ৰাজ্যৰ একাধিক নতুন চিকিৎসা মহাবিদ্যালয়ৰ ন’ন টীচিং ফেকাল্টীৰ ৫গৰাকী ক্লিনিকেল ছাইক’ল’জীৰ প্ৰৱক্তা, ১৮গৰাকী মেডিকেল ছ’চিয়েল ৱৰ্কাৰ, ৬গৰাকী চাইক্ৰিয়াট্ৰিক ছ’চিয়েল ৱ’ৰ্কাৰ, ৭গৰাকী জুনিয়ৰ ফীজিচিষ্ট, ৩গৰাকী চাইল্ড চাইক’ল’জিষ্ট আৰু চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৩১গৰাকী প্ৰৱক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

নৱনিযুক্ত সকলক সম্বোধন কৰি অনুষ্ঠানৰ মুখ্য অতিথি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, “মানৱসেৱাৰ বাবে আগবাঢ়ি অহা আপোনালোক প্ৰতিগৰাকীকে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডলৈ আদৰণি জনাইছো। এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ অংশ হিচাপে জনসাধাৰণক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাটোৱেই আমাৰ সকলোৰে দায়িত্ব। আমাৰ সমাজ বস্তুবাদী হৈ গৈ আছে আৰু বহুসময়ত ব্যৱসায়িক মানসিকতায়ো চিকিৎসা সেৱাৰ ক্ষেত্ৰখনক কম-বেছি পৰিমাণে প্ৰদূষিত কৰা পৰিলক্ষিত হয়। আজি নিযুক্তি লাভ কৰা প্ৰতিগৰাকীয়েই এনে প্ৰদূষণৰ পৰা নিজকে মুক্ত ৰাখি স্বাস্থ্য বিভাগৰ সুনাম বৃদ্ধিৰ প্ৰয়াসৰত হ’ব বুলি আমি আশাবাদী।”

এই অনুষ্ঠানৰ মঞ্চৰ পৰাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলৰ লগতে ৰাজ্যত চিকিৎসা সেৱাত নিয়োজিতসকলক মনৰ পচন্দৰ স্থানলৈ বদলি বিচাৰি স্বাস্থ্য বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফূৰাৰ পৰা আঁতৰি থাকিবলৈও সোঁৱৰাই দিয়ে।

স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, “আমাৰ স্বাস্থ্য বিভাগত প্ৰতিগৰাকী চিকিৎসক-চিকিৎসাকৰ্মীয়েই জনসাধাৰণৰ সেৱাৰ বাবেহে নিয়োজিত হৈ আছে। এই কথা প্ৰত্যেকেই আগন্তুক দিনত সদায়ে মনত ৰখা উচিত। আপোনালোকক যি ঠাইতেই নিযুক্তি দিয়া হৈছে, তাতেই ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ মানসিকভাৱে প্ৰস্তুত হৈ আছে বুলি আমি আশা কৰিছো। কোনেও যাতে যোগদানৰ বাবে পচন্দৰ স্থান বিচাৰি স্বাস্থ্য বিভাগত লাগি নাথাকেহি, তাৰ বাবে আজিয়েই সকলোকে আমি কৈ থ’ব বিচাৰিছো।ৰাইজক সেৱা কৰিবলৈ য’তে সুবিধা পাইছে, তাতে সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো।”

আগন্তুক চাৰি-পাঁচ বছৰতে অসমত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা ২৩খনলৈ বৃদ্ধি পাব বুলি জানিবলৈ দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত স্বাস্থ্যসেৱা খণ্ডৰ গুণগত মান উন্নীত কৰাৰ লগতে চিকিৎসা আন্তঃগাঁথনিও ক্ষিপ্ৰতাৰে সম্প্ৰসাৰিত কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ শাৰীলৈ তোলাৰ বাবে ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ অংশ হিচাপে ৰাজ্যত বৰ্তমান ৮খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ নিৰ্মাণকাৰ্য বহুখিনি আগবাঢ়িছে আৰু পুনৰ নতুনকৈ আৰু ৫খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো নিৰ্মাণ কাৰ্য্য অতি শীঘ্ৰে আৰম্ভ হ’ব।

নতুন চৰকাৰখনে যোৱা ১০ মে’ত দায়িত্বভাৰ গ্ৰহণৰ পাছতে যোৱা চাৰিটা মাহত স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ১৬৬গৰাকী বিশেষজ্ঞ চিকিৎসক, ৪৮২গৰাকী এমবিবিএছ চিকিৎসক, ৩২৭গৰাকী সামূহিক স্বাস্থ্য বিষয়া আৰু ৮৯৬গৰাকী ষ্টাফ নাৰ্ছ নিযুক্তি দিয়া বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অতি কম দিনৰ ভিতৰতে আন ৩০০গৰাকী চিকিৎসককো স্বাস্থ্য সেৱা খণ্ডত নিযুক্তি দিয়া হ’ব বুলি তেওঁ সদৰি কৰে।

স্বাস্থ্যমন্ত্ৰী মহন্তই ঘোষণা কৰে “আজিৰ ৭০ গৰাকীকে ধৰি মুঠ ১,৯৪১গৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মী, টেকনিচিয়ানক ইতিমধ্যে এইখন চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত নিযুক্তি দিয়াৰ পাছত স্বাস্থ্যসেৱা খণ্ডত নতুনকৈ ৮৮৫৫টা পদত নিযুক্তিৰ বাবেও চলিত ছেপ্টেম্বৰতে আনুষ্ঠানিকভাৱে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব।”

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd