• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাম মন্দিৰক বেছিকৈ গুৰুত্ব দিয়া বিজেপিৰ শাসনত অন্য মন্দিৰৰ কিয় এই দুৰৱস্থা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 7, 2020 8:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহোমৰ ৰাজত্বৰ পৰাই ঐতিহ্যৰ ধ্বজাবহনকাৰী তথা পৌৰাণিক বিশ্বাস মতে ব্ৰহ্মাই সৃষ্টি কৰা নৱগ্ৰহ মন্দিৰৰ আজি কিয় এই দূৰৱস্থা?

ধ্বংসস্তুপলৈ থেলি দিয়া হৈছে নেকি ঐতিহ্য বিজাড়িত নৱগ্ৰহ মন্দিৰক?

Apply Now

বাতৰিটোৰ আৰম্ভণিতে এনেবোৰ প্ৰশ্ন কৰিছো এইবাবেই যে বিজেপি চৰকাৰৰ শাসনতে শিলপুখুৰীস্থিত চিত্রাচল পাহাৰত অৱস্থিত নৱগ্ৰহ দেৱালয় জহি খহি যোৱাৰ উপক্ৰম হৈছে।

যোৱা ৫ আগষ্টত ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পুজন অনুষ্ঠিত হৈ গ’ল। কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰৰ নিৰ্মাণৰ বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে।

তেনে সময়তে পোহৰলৈ আহিছে অন্য মঠ-মন্দিৰৰ দুৰৱস্থা।

নৱগ্ৰহ দেৱালয়ৰ গম্বুজৰ বেৰৰ চাৰিওফালে ফাঁট মেলাৰ লগতে কিছু কিছু ঠাইত খহিবলৈ আৰম্ভ কৰিছে।

কেৱল সেয়াই নহয় এজাক সামান্য বৰষুণতে পানী জমা হয় মন্দিৰটোৰ ভিতৰত।

দুৰ্ভাগ্যৰ বিষয় এয়ে যে ২০১৫ চনৰে পৰা মন্দিৰটোৰ মেলা ফাটেৰে বৰষুণৰ পানী পৰি ডোঙা বান্ধি আহিছে।

বিগত কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰায় ২ কোটি ৬৩ লাখ টকা মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবদ মোকলাই দিয়া হৈছিল যদিও নিৰ্বাচনৰ বাবেই সেই ধন মন্দিৰ পৰিচালনা কমিটিৰ হাতত নপৰিলহি বুলি মন্দিৰৰ এগৰাকী পূজাৰীয়ে জনায়।

পৰৱৰ্তী সময়ত জিএমডিএক ৪০ লাখ টকা মোকলাই দিছিল যদিও আজি সেই ধন কাৰ পকেটত সোমাল বা কি হ’ল তাৰ হিচাপ কাৰোৰে হাতত নাই।

প্ৰশ্ন হয়, নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ সমান্তৰালকৈ গুৰুত্ব দিব নে অন্য মঠ-মন্দিৰৰ মেৰামতিত?

ইপিনে, ২০১৯-২০ বৰ্ষৰ বাজেটত ১০০ বছৰ পুৰণি মন্দিৰ, মছজিদ, গীৰ্জালৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে বছৰি ১০ লাখ টকাকৈ সাহায্য আগ বঢ়োৱা হ’ব বুলি বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও প্ৰকৃততে সেয়া যেন ঘোষণাতে সীমাবদ্ধ। কিয় অসম দৰ্শন আঁচনিয়ে স্পৰ্শ কৰা নাই নৱগ্ৰহ দেৱালয়ক? সেয়াও এক বিচাৰ্য বিষয়।

মন্দিৰ পৰিচালনা কমিটিয়ে বাৰম্বাৰ ৰাজ্য চৰকাৰক মন্দিৰৰ দুৰৱস্থাৰ বিষয়ে অৱগত কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু বৰ্তমানো গা লৰা নাই ৰাজ্য চৰকাৰৰ।

ইপিনে, মন্দিৰৰ গম্বুজটোৰ তলৰফালে এন্দুৰে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। এন্দুৰে বহু ঠাইত গাঁত খান্দি সুৰংগসদৃশ অৱস্থাৰ সৃষ্টি কৰিছে।

আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত অৰ্থ্যাৎ ১৭৫১ চনতে স্থাপিত হোৱা এই ঐতিহ্য বিজড়িত ৫০০ বছৰৰ পুৰণি মন্দিৰক ৰাজ্য চৰকাৰে নিজেই ধ্বংসৰ গৰাহলৈ থেলি দিব নেকি? এই সময়ত এয়া লক্ষণীয় বিষয়।

মন্দিৰটোৰ আজিৰ এই অৱস্থাত উদ্বিগ্ন হৈ পৰিছে মন্দিৰ পৰিচালনা কমিটি। মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি মোকোলাই দিবলৈ ৰাজ্য চৰকাৰক টানি অনুৰোধ জনাইছে মন্দিৰৰ পূজাৰী পংকজ প্ৰতিম শৰ্মাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd