• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত মহা শিৱৰাত্ৰিৰ উখল-মাখল পৰিৱেশ আৰু পাঁচদিনীয়া মেলাৰ আৰম্ভণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 2:29 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পবিত্ৰ মহা শিৱৰাত্ৰি। এইবাৰ শিৱৰাত্ৰিৰ শুভ ক্ষণ দুদিনীয়াকৈ পৰিছে। আজি দেওবাৰৰ বিয়লি ৪ বাজি ১৪ মিনিটৰ পৰা আৰম্ভ হোৱা এই পবিত্ৰ মহূৰ্ত সোমবাৰৰ সন্ধিয়ালৈকে চলিব। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক শিৱসাগৰ চহৰতো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। ভক্তসকলে ধূপ-দীপ, নৈবেদ্যৰ লগতে গাখীৰ, পানী, ঘীউ আৰু মৌৰে শিৱলিংগত অভিষেক ঘটাইছে। বহুতে মহাদেৱক সন্তুষ্ট কৰিবলৈ ভাং আৰু ধতুৰাও অৰ্পণ কৰা পৰিলক্ষিত হৈছে।

মহা শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌল প্ৰাংগণত আজিৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলাও আৰম্ভ হৈছে। প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা এই মেলাৰ এক বিশেষ গুৰুত্ব আছে। ভাৰতৰ অন্যতম জাগ্ৰত শিৱধাম হিচাপে পৰিচিত এই দৌলত বিগত প্ৰায় তিনিশ বছৰে নিয়মীয়াকৈ শিৱ পূজা আৰু মেলা অনুষ্ঠিত হৈ আহিছে। আজিৰ দিনটোত সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।

Apply Now

ঐতিহাসিক তথ্য অনুসৰি, ১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই এই কৰদৈশিৰীয়া শিৱদৌল নিৰ্মাণ কৰাইছিল। তেতিয়াৰ কলঞ্চুপাৰ গাঁৱত এক বিশাল পুখুৰী খন্দোৱাই তাৰ পাৰত তিনিটা দৌল নিৰ্মাণ কৰা হৈছিল, যাৰ ভিতৰত শিৱদৌলটোৱেই আছিল আটাইতকৈ ওখ। প্ৰায় ১০৪ ফুট উচ্চতাৰ এই দৌলটোৰ শিখৰত এটা সোণৰ কলচি স্থাপন কৰা হৈছে। এই দৌলটো কেৱল ইয়াৰ অনন্য স্থাপত্যৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ গভীৰ আধ্যাত্মিক মাহাত্ম্যৰ বাবেও সমগ্ৰ দেশতে বিখ্যাত।

শিৱৰাত্ৰি উপলক্ষে এই দৌলটোৰ মহিমা দৰ্শন কৰিবলৈ ৰাজ্যৰ বাহিৰৰ পৰাও অসংখ্য সাধু-সন্ত আৰু পৰ্যটকৰ আগমন ঘটে। এই বিশাল ভক্তৰ সমাগমৰ বাবেই শিৱসাগৰৰ শিৱৰাত্ৰি মহোৎসৱক কুম্ভমেলাৰ এক সৰু সংস্কৰণ বুলিও অভিহিত কৰা হয়। যদিও আজি সন্ধিয়াৰ পৰাহে পূজাৰ মূল লগ্ন আৰম্ভ হ’ব, তথাপিও পুৱাৰে পৰা ভক্তৰ ভিৰত উখল-মাখল হৈ পৰিছে সমগ্ৰ দৌল চৌহদ। জিলা প্ৰশাসনেও ভক্তসকলৰ সুবিধাৰ্থে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd