• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বাবে বৰ্ধিত ঋণৰ বোজা আশীৰ্বাদ হ’ব নোৱাৰে; বিধান সভা, ৰাইজক বিভ্ৰান্ত কৰিছে মুখ্যমন্ত্ৰীয়ে: অজাপ

চৰকাৰী নীতি-কৰ্মপদ্ধতিত অসমক শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ তালিকাত আৰোহনৰ লক্ষ্যণ নাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 7:32 pm
Assam
163
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা ধাৰাবাহিকভাৱে গ্ৰহণ কৰি থকা ৰাজহুৱা ঋণ ৰাজ্যখনৰ বাবে আশীৰ্বাদ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত দিয়া যুক্তি খাৰিজ কৰি অসমৰ দৰে ৰাজ্যৰ বাবে ৰাজহুৱা ঋণ এক অভিশাপহে বুলি মত প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷

দলটোৰ মতে, ৰাজহুৱা ঋণক আশীৰ্বাদ বুলি কৈ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ লগতে অসমৰ ৰাইজকো বিভ্ৰান্ত কৰাৰ অপপ্ৰয়াস চলাইছে৷ উন্নয়নৰ প্ৰয়োজনত ঋণ লোৱাটো চৰকাৰ এখনৰ বাবে স্বাভাৱিক প্ৰক্ৰিয়া যদিও অসম চৰকাৰে ঋণ লৈ সম্পদ গঢ়িব পৰা নাই বৰং ঋণৰ ধনৰ অপব্যৱহাৰ কৰি ৰাজ্যখনৰ ওপৰত ঋণৰ বোজা বৃদ্ধিহে কৰিছে; আৰু এনে অপব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ আনিব নোৱাৰিলে ৰাজ্যখনৰ আৰ্থিক সংকট অধিক গভীৰ হ’ব বুলি দলটোৱে মত প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম বিধান সভাত বিত্ত বিভাগৰ পৰিপূৰক দাবী মঞ্জুৰী প্ৰস্তাৱৰ ওপৰত চলা বিতৰ্কত অংশগ্ৰহশ গ্ৰহণ কৰি ঋণ লোৱাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি লগতে কৈছিল যদিও যে ঋণ গ্ৰহণৰ বিৰোধিতা কৰাটো ৰাজ্যৰ উন্নয়নৰ প্ৰচেষ্টাৰ বিৰুদ্ধে এটা পৰিকল্পিত ষড়যন্ত্ৰ৷

আজি জাতীয় পৰিষদৰ উপসভাপতি চমছেৰ সিং, সম্পাদক অমৃৎ খাটনীয়াৰ আৰু পুতলী কায়স্থ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শিশিৰ কলিতাই এখন সংবাদ মেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰাই নহয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘ঋণ গ্ৰহণৰ বিৰোধিতা কৰা মানে ৰাজ্যৰ উন্নয়নৰ বিৰুদ্ধে ষড়যন্ত্ৰ’ বোলা বক্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰে৷

সংবাদ মেলৰ আৰম্ভণিত দলক প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে সদ্যসমাপ্ত অসম বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰীবৰ্গ আৰু শাসক পক্ষৰ বিধায়কসকলে গুৰুত্বপূৰ্ণ বিষয়সমূহ বিধানসভাত উত্থাপন কৰিবলৈ বিৰোধীক সুযোগ নিদিয়াটো আৰু উত্থাপন কৰিলেও হুলস্তুল তথা তুচ্চ-তাচ্ছিল্য কৰি বিৰোধীক নস্যাৎ কৰিবলৈ চলোৱা দৃষ্টিকটু প্ৰচেষ্টাই অসম বিধানসভাৰ গৰিমা হ্ৰাস কৰিছে৷

তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যৰ মূলধনী ব্যয়ৰ বাবেহে চৰকাৰে ঋণ লৈছে, আৰু তাৰ দ্বাৰা সম্পদ সৃষ্টি কৰা হৈছে৷ কিন্তু অসম চৰকাৰে যি ঋণ লৈছে, তাৰ মূলধনাংশ আৰু সুতৰ টকা ৰাজহৰ পৰাই উভতাই দিব লাগিব৷ অথচ ঋণৰ টকাৰে অসম চৰকাৰে ৰাজহ আহৰণকাৰী সম্পদ গঢ়িব পৰা নাই, বৰং সেই ধন মুখ্যতঃ অপব্যৱহাৰ হৈছে৷”

ভাৰতৰ দৰে দুখীয়া দেনৰ বাবে ৰাজহুৱা ঋণ গ্ৰহণ কৰাটোক নিটি আয়োগ, ৰিজাৰ্ভ বেক আৰু এফ আৰ বি এম পৰ্যালোচনা সমিতিয়ে কেনেকৈ নিৰুৎসাহিত কৰিছে, তাৰ তথ্য দাঙি ধৰি ৰহমানে কয়, “আমি এতিয়া নিটি আয়োগ বা ৰিজাৰ্ভ বেংক আদি চৰকাৰী কৰ্তৃত্বশালী কৰ্তৃপক্ষকৰ কথা মানিম নে সততে মিথ্যাচাৰত লিপ্ত হোৱা আৰু নিজৰ বক্তব্যক সঁচা প্ৰমাণ কৰিবলৈ অশুদ্ধ তথ্য দাঙি ধৰা ব্যক্তি বুলি পৰিচিত ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মানিম৷”

ৰহমানে লগতে উদাহৰণ দাঙি ধৰি কয় যে ডঃ শৰ্মা কংগ্ৰেছত থাকোতে তৰুণ গগৈ চৰকাৰৰ পোন্ধৰ বছৰত দুটা কথাৰ কাৰণে প্ৰফুল্ল কুমাৰ মহন্তক বিধান সভাত অনবৰত ককৰ্থনা কৰিছিল৷ তাৰে এটা হ’ল গুপ্তহত্যা আৰু আনটো ঋণ৷ মহন্ত চৰকাৰে লোৱা ঋণৰ বোজা তৰুণ গগৈ চৰকাৰে বহন কৰিবলগা হোৱাৰ কথাক লৈ মহন্তক অনবৰত সমালোচনা কৰা আৰু বিজেপিত যোগদানৰ পিছত অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত ঋণৰ বোজা বঢ়োৱাৰ বাবে তৰুণ গগৈক সমালোচনা কৰা ডঃ শৰ্মাই এতিয়া ঋণ গ্ৰহণৰ পক্ষত উকালতি কৰা কাৰ্য্য পৰস্পবিৰোধী স্থিতি বুলি ৰহমানে মত প্ৰকাশ কৰে৷

দলৰ উপসভাপতি তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া চমছেৰ সিঙে প্ৰশাসনিক কৰ্মজীৱনৰ অভিজ্ঞতাৰ পৰা কয় যে চৰকাৰে সম্পদ গঢ়িবৰ বাবে ঋণ গ্ৰহণ কৰাটো একো দোষনীয় কথা নিশ্চয় নহয়, কিন্তু সেই ঋণৰ সদব্যহাৰ হ’ব লাগিব৷ অসম চৰকাৰে গ্ৰহণ কৰি অহা ঋণৰ সদব্যৱহাৰ হোৱা নাই৷

ফলত দিনে দিনে ৰাজ্যখনৰ ওপৰত ঋণৰ বোজা বাঢ়ি গৈছে৷ ২০৬৬ চনত সৰ্বানন্দ সোণোৱাল চৰকাৰে দায়িত্ব লোৱাৰ সময়ত অসমৰ ঋণ আছিল ৩৫,৬৯০ কোি টকা৷ বৰ্তমানে এই পৰিমাণ বাঢ়ি প্ৰায় এক লাখ কোটি টকা হৈছে৷ ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ মুৰৰ ওপৰত থকা ঋণৰ পৰিমাণ ৩২ হাজাৰ টকা হৈছেগৈ৷ এনেদৰে ঋণ বাঢ়ি যোৱাটো উদ্বেগজনক৷

ৰাজ্যৰ মহাগাণনিক (কেগ)ৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি সিঙে কয় যে অসমৰ বিত্তীয় পৰিস্থিতিৰ ওপৰত মহাগাণনিকে সন্তোষ প্ৰকাশ নাই, উদ্বেগহে প্ৰকাশ কৰিছে৷ মহাগাণনিকে ঋণৰ সলনি নিজা ৰাজহৰ উৎস বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱাৰ প্ৰসংগলৈ উনুকিয়াই কয় যে ৰাজ্য চৰকাৰে নিজা ৰাজহ আহৰণকাৰী সম্পদ গঢ়াৰ উদ্যোগ লোৱা পৰিলক্ষিত হোৱা নাই৷

বিভিন্ন চৰকাৰী কাম কৰি বিলৰ ধনৰ বাবে দিছপুৰৰ মুখলৈ চাই থকা অসমৰ থলুৱা ঠিকাদাৰসকলৰ উদাহৰণ দি সিঙে কয় যে এয়া বিত্তীয় বিশৃঙ্খলাৰ এটা উল্লেখযোগ্য নিদৰ্শন৷ তেওঁ কয়, “আমাৰ দেশখন এখন কল্যাণকামী ৰাষ্ট্ৰ৷ কিন্তু আমাৰ ৰাজ্য়খনক কল্যাণ কিমান হৈছে৷ উদাহৰণস্বৰূপে নিটি আয়োগে প্ৰকাশ কৰা বহুমুখী দাৰিদ্ৰ্য সূচাংক (Multidimansional Poverty Index) প্ৰতিবেদনত অসমত ৩২.৬৭ শতাংশ লোক দৰিদ্ৰতাৰ মাজত বাস কৰে৷ অথচ কেৰালাত এই হাৰ মাত্ৰ ০.৭১ শতাংশ৷

আনহাতে সুপ্ৰশাসন জনসচেতনতা সূচাংক (Public Awareness Index on Good Governance)ত প্ৰথম স্থানত আছে কেৰালা৷ অসমৰ স্থান আছে ১৪ নম্বৰত৷ শিক্ষাৰ বিভিন্ন সূচাংকত অসমৰ স্থান একেবাৰে তলৰ শাৰীত৷ কিন্তু কেৰালা, পঞ্জাব আদি ৰাজ্য শীৰ্ষত আছে৷ তেওঁলোকেও ঋণ লৈছে৷ কিন্তু সেই ঋণ তেওঁলোকে উৎপাদনমুখী কামত ব্যৱহাৰ কৰিছে৷

এটা পৰিয়ালৰ মুৰব্বীৱহিচাপে মই যদি বেংকৰ পৰা ঋণ লওঁ আৰু সেয়া উৎপাদনমুখী কামত ব্যৱহাৰ নকৰি লাহ-বিলাহত খৰচ কৰো, তেনেহ’লে মোৰ মৃত্যুৰ পিছত মোৰ পৰিয়াল তথা আত্মীয়-স্বজনৰ ওপৰত সেই ঋণৰ বোজা পৰিব৷ একে কথা চৰকাৰৰ ক্ষেত্ৰতো খাটে৷ আমাৰ চৰকাৰে ঋণৰ ধন উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পৰা নাই৷ বৰং চৰকাৰী প্ৰচাৰ আৰু লাহ-বলাহত এই ধন ব্যয় কৰা হৈ আছে৷ তাৰ পোনপটীয়া প্ৰভাৱ জনতাৰ ওপৰত পৰিছে৷ অত্যাধিক মূল্যবৃদ্ধি তাৰেই এটা কাৰণ৷”

দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা মিডিয়া পেনালিষ্ট শিশিৰ কলিতাই কয় যে তেওঁ নিজে ৰাজ্যৰ এটা আগশাৰীৰ ব্যৱসায়ী সংগঠনৰ লগত জড়িত ব্যক্তি হিচাপে ব্যৱসায়-বাণিজ্যৰ জগতখনত কি ঘটিছে তাৰ আভাস তেওঁ পায়৷

উক্ত খণ্ডটোৰ একো বিকাশ হোৱা নাই বৰং ব্যৱসায়ীসকল ভীষণ সংকটত আছে বুলি উল্লেখ কৰি কলিতাই কয়, “যিকোনো ৰাজ্যত চৰকাৰক ৰাজহ প্ৰদান কৰা খণ্ডটোয়েই হৈছে ব্যৱসায়ীসকল৷ তেওঁলোকক সকাহ দিয়া মানে ৰাজ্যৰ অৰ্থনীতিক তৰান্বিত কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা৷”

“কিন্তু ৰাজ্য চৰকাৰে ব্যৱসায়ীসকলক কোনো প্ৰকাৰে উপকৃত কৰিব পৰা নাই৷ চৰকাৰখনে হিতাধিকাৰী আঁচনিসমূহৰ জৰিয়তে জনতাক কৰ্মবিমুখ কৰি তোলাৰ সলনি তেওঁলোকৰ উৎপাদনমুখী আৰু উদ্যোগী মানসিকতা গঢ়ি তোলা হ’লে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সাধন হ’লহেতেন৷”

তেওঁ লগতে কয় যে শাসক দলে অসমক দেনৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ একন কৰাৰ শ্লোগান দোহাৰি থাকে যদিও বাস্তৱ ক্ষেত্ৰত চৰকাৰে তাৰ ওলোটা কাম কৰি আছে৷ “নিটি আয়োগে প্ৰকাশ কৰা এছ জি ডি (বহনক্ষম উন্নয়ন সূচাংক)ৰ বিভিন্ন মানকসমূহ আপোনালোকে চাব, প্ৰায় সকলোতে অসমৰ স্থান তলৰ পৰা দুই-তিনি-চাৰি নম্বৰত আছে৷ এনে অৱস্থাৰ পৰা ৰাজ্যখনক শীৰ্ষ স্থানলৈ উন্নীত কৰিবলৈ হ’লে সুচিন্তিত নীতি লাগিব৷ কিন্তু অসম চৰকাৰে তেনে নীতি প্ৰস্তুত কৰা আমি দেখা নাই৷ ই ৰাজ্যখনক যে শীৰ্ষ পাঁচখন ৰাজ্যৰ স্থানলৈ উন্নীত কৰিব পৰাৰ লক্ষ্যণ নহয়৷” – কলিতাই কয়৷

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd