• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮টা পদ্ধতিৰে সংঘটিত এ পি এছ চি কেলেংকাৰিৰ ২টা পদ্ধতিৰহে তদন্ত হৈছে : অখিল গগৈ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 11, 2018 8:23 pm

4 min read

Akhil_Rakesh
87
VIEWS
Share on FacebookShare on Twitter

“এ পি এছ চিৰ কেলেংকাৰি মুঠতে ৮টা পদ্ধতিৰে সংঘটিত হৈছিল। কিন্তু দুটা পদ্ধতিৰে তদন্ত কৰা হৈছে। এই কেলেংকাৰিৰ তদন্ত যিধৰণে হ’ব লাগিছিল, সেই ধৰণে কৰা হোৱা নাই। গতিকে এয়া এক ভেকো-ভাওনাত পৰিণত হৈছে।”

শনিবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে এই গুৰুতৰ অভিযোগ তোলে।

তেওঁৰ মতে কেলেংকাৰি ৮টা পদ্ধতিৰে হোৱা সত্ত্বেও কেৱল ফৰেনচিক ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰিহে এই তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াত ৰহস্য আছে।

কেলেংকাৰিৰ পদ্ধতিৰ বৰ্ণনা দি গগৈয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ-পত্ৰ আগতীয়াকৈ মুকলি কৰি দিয়া হৈছিল বুলি দাবী কৰি কয়,  “অনুসন্ধান কৰি গম পোৱা গ’ল যে এখন এখন উত্তৰ পত্ৰ প্ৰাৰ্থীসকলে ৫ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল।”

দ্বিতীয় কেলেংকাৰি পদ্ধতি হ’ল মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ বিক্ৰী কৰি দিয়া হৈছিল। অনুসন্ধান মৰ্মে একোখন প্ৰশ্ন কাকতৰ বাবদ প্ৰাৰ্থীৰ পৰা ৭ লাখ টকাকৈ লোৱা হৈছিল।

তৃতীয় পদ্ধতিৰ বিষয়ে উল্লেখ কৰি অখিল গগৈয়ে কয় যে মূল পৰীক্ষাৰ উত্তৰ বহীসমূহ পৰীক্ষাত নিলিখি খালীকৈ ৰাখি পৰৱৰ্তী সময়ত উত্তৰ লিখাৰ ব্যৱস্থা কৰিছিল।

তেওঁৰ মতে, “কিছু সংখ্যক প্ৰাৰ্থী ইমানেই গাধ আছিল যে প্ৰশ্নকাকত পোৱাৰ পাছতো তেওঁলোকে উত্তৰসমূহ মুখস্থ কৰিব পৰা নাছিল। সেইসকলৰ সুবিধাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত কেৱল নাম আৰু ৰোল নং লিখি পৰৱৰ্তী সময়ত অধ্যক্ষই তেওঁলোকক বহীসমূহ সম্পূৰ্ণ কৰিবলৈ ষ্ট’ৰ ৰূমৰ পৰা দি দিছিল। অধ্যক্ষৰ ঘৰত নাইবা কোনো ঠাইত উত্তৰসমূহ চাই চাই লিখি পাছত বহীখন প্ৰাৰ্থীজনে আকৌ ঘূৰাই দিছিল।”

কেলেংকাৰিৰ চতুৰ্থ পদ্ধতি হ’ল, নকল উত্তৰ বহী ছপা কৰি সেই উত্তৰবহীসমূহত প্ৰাৰ্থীসকলক পৰীক্ষাৰ পাছত লিখিবলৈ দিয়া।

পঞ্চম পদ্ধতি হ’ল : তেনে নকল বহী সমূহত পৰীক্ষাৰ্থীয়ে নিজে নিলিখি অন্য কোনো অভিজ্ঞ লোকে লিখি দিয়া। হেমেন  দাস নামৰ গ্ৰেপ্তাৰ নোহোৱা বিষয়াজনকো এনেদৰেই অন্য লোকে লিখি দিছিল।

ষষ্ঠ পদ্ধতি হ’ল- মৌখিক সাক্ষাৎকাৰৰ ক্ষেত্ৰত নম্বৰসমূহ বৃদ্ধি কৰা নাইবা কমকৈ দিয়া।

সপ্তম পদ্ধতি : একোখন বহীত যদি এটা প্ৰশ্নৰ বাবদ ২০ নম্বৰ থাকে, তাৰ ঠাইত দিয়া হয় ২৫ নম্বৰ বা ২২ নম্বৰ। যিহেতু বহীখন ৬ মাহৰ পাছত জ্বলাই দিয়াৰ নিয়ম আছে, নিজৰ বাদে আনে বহীখন চাব নোৱাৰে, গতিকে কোনেও ধৰিব নোৱাৰে। (এই কথাটো অখিল গগৈক তথ্যবিজ্ঞ মহলে দিয়া বুলি কয়।)

তেওঁৰ মতে, এনেকুৱা ধৰণৰ অলেখ বহী আছে, যিবোৰ অলপ তদন্তৰ আওতালৈ আনিলেই অনেক প্ৰাৰ্থী কাৰাগাৰলৈ যোৱাটো নিশ্চিত।

অষ্টম পদ্ধতি : পৰীক্ষা বহীত পৰীক্ষকে নম্বৰ কমাই দিয়া বা নিলিখা উত্তৰতো নম্বৰ দিয়া, মুঠ নম্বৰতকৈ অধিক নম্বৰ দিয়া ইত্যাদি।

এইদৰে কেলেংকাৰিৰ পদ্ধতিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যাখ্যা দাঙি ধৰি অখিল গগৈয়ে কয়, “উপৰোক্ত আঠটা পদ্ধিতৰে কেলেংকাৰি সংঘটিত হৈছিল যদিও দুটা পদ্ধতিৰ ওপৰতহে তদন্ত প্ৰক্ৰিয়া কৰা হৈছে।

তেওঁৰ মতে, তদন্তই সামৰি লোৱা পদ্ধতি দুটা ক্ৰমে : ভুৱা বহীবিলাক কেৱল ফৰেনচিকৰ জৰিয়তে প্ৰমাণ কৰা হৈছে। লগতে বহীখনত যদি বেলেগে প্ৰশ্নৰ উত্তৰটো লিখি দিছে তেন্তে সেইটো ধৰা পৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ফৰেনচিক ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি তদন্তটো সুৰজিৎ সিং পানেছাৰে ইচ্ছানুসৰি কৰিছে নে বেলেগ তথ্য-প্ৰমাণৰ অভাৱত কেৱল ফৰেনচিক ৰিপ’ৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে কৃষক নেতা অখিল গগৈয়ে।

তথ্য-পাতি আইন অনুসৰি ফৰেনচিক পৰীক্ষাৰ ৰিপ’ৰ্ট মূল প্ৰমাণ নহয়, এইটো এটা অতিৰিক্ত তথ্য প্ৰমাণহে। অখিলে এইদৰে কয়।

হাস্যকৰভাৱে ২০১৫ চনৰ এ পি এছ চি পৰীক্ষাসমূহ প্ৰাৰ্থীয়ে পেকেইজ আকাৰত, অৰ্থাৎ প্ৰাৰম্ভিক, মুখ্য পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ  এই হিচাপত একেলগে ক্ৰয় কৰিব পাৰে নাইবা পৃথক পৃথককৈও ক্ৰয় কৰিব পাৰে বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে।

তেওঁ লগতে কয় যে কেৱল ফ’ৰেনচিক ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি ৰাকেশ পালৰ ভাতৃ ৰাজেশ পালৰ প্ৰেছত ছপা কৰা নকল বহীসমূহৰ পৰাই এতিয়া দুই এগৰাকী ৰাজপত্ৰিত বিষয়া জালত পৰি আছে।

অখিল গগৈয়ে কয়, “এই পদ্ধতিসমূহৰ বহু আইনগত সুৰুঙা আছে। যিবোৰৰ সুযোগ গ্ৰহণ কৰি জেলত থকা এ পি এছ, এ চি এছ বিষয়াসমূহ বাছি যাব পাৰে বা তেওঁলোকৰ শাস্তি নহ’ব পাৰে।”

তাৎপয্যপূৰ্ণভাৱে, ৰাকেশ পালৰ দিনত বাছনি হোৱা ৯০ শতাংশ প্ৰাৰ্থীয়েই আছিল কেলেংকাৰিৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থী বুলি সদৰী কৰি তেওঁ লগতে কয় “৯০ শতাংশ প্ৰাৰ্থীৰ ১০ শতাংশ প্ৰাৰ্থীও তদন্তৰ আওতালৈ অহা নাই।”

উল্লেখ্য যে ২০১৫ চনত তেওঁ উচ্চ ন্যায়ালয়ত দিয়া গোচৰ মৰ্মে উচ্চ ন্যায়ালয়ে বহীসমূহ জ্বলাই নিদি সংৰক্ষিত কৰিবৰ বাবে নিৰ্দেশ দিয়া বুলি সংবাদমেলত জানিবলৈ দি কৃষক নেতা অখিল গগৈয়ে কয়, “বহীসমূহ সংৰক্ষণ কৰি ৰাখিবলৈ নিৰ্দেশ নিদিয়াহেঁতেন এগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেহেঁতেন।”

উচ্চ ন্যায়ালয়ে একেটা ৰায়তে চি বি আই তদন্ত ঘোষণা কৰিছিল বুলি জানিবলৈ দিয়ে কৃষক নেতাগৰাকীয়ে।

আনহাতে, বৰ্তমানলৈকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চি বি আইৰ তদন্ত আৰম্ভ কৰা নাই বুলি অভিযোগৰ আঙুলি তুলি তেওঁ লগতে কয় ‘অতি সোনকালে উচ্চ ন্যায়ালয়ত  সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননা কৰা গোচৰ ৰুজু কৰা হ’ব।

Recent News

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd