• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮টা পদ্ধতিৰে সংঘটিত এ পি এছ চি কেলেংকাৰিৰ ২টা পদ্ধতিৰহে তদন্ত হৈছে : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2018 8:23 pm
Akhil_Rakesh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এ পি এছ চিৰ কেলেংকাৰি মুঠতে ৮টা পদ্ধতিৰে সংঘটিত হৈছিল। কিন্তু দুটা পদ্ধতিৰে তদন্ত কৰা হৈছে। এই কেলেংকাৰিৰ তদন্ত যিধৰণে হ’ব লাগিছিল, সেই ধৰণে কৰা হোৱা নাই। গতিকে এয়া এক ভেকো-ভাওনাত পৰিণত হৈছে।”

শনিবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে এই গুৰুতৰ অভিযোগ তোলে।

Apply Now

তেওঁৰ মতে কেলেংকাৰি ৮টা পদ্ধতিৰে হোৱা সত্ত্বেও কেৱল ফৰেনচিক ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰিহে এই তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াত ৰহস্য আছে।

কেলেংকাৰিৰ পদ্ধতিৰ বৰ্ণনা দি গগৈয়ে প্ৰাৰম্ভিক পৰীক্ষাৰ বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ-পত্ৰ আগতীয়াকৈ মুকলি কৰি দিয়া হৈছিল বুলি দাবী কৰি কয়,  “অনুসন্ধান কৰি গম পোৱা গ’ল যে এখন এখন উত্তৰ পত্ৰ প্ৰাৰ্থীসকলে ৫ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল।”

দ্বিতীয় কেলেংকাৰি পদ্ধতি হ’ল মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ বিক্ৰী কৰি দিয়া হৈছিল। অনুসন্ধান মৰ্মে একোখন প্ৰশ্ন কাকতৰ বাবদ প্ৰাৰ্থীৰ পৰা ৭ লাখ টকাকৈ লোৱা হৈছিল।

তৃতীয় পদ্ধতিৰ বিষয়ে উল্লেখ কৰি অখিল গগৈয়ে কয় যে মূল পৰীক্ষাৰ উত্তৰ বহীসমূহ পৰীক্ষাত নিলিখি খালীকৈ ৰাখি পৰৱৰ্তী সময়ত উত্তৰ লিখাৰ ব্যৱস্থা কৰিছিল।

তেওঁৰ মতে, “কিছু সংখ্যক প্ৰাৰ্থী ইমানেই গাধ আছিল যে প্ৰশ্নকাকত পোৱাৰ পাছতো তেওঁলোকে উত্তৰসমূহ মুখস্থ কৰিব পৰা নাছিল। সেইসকলৰ সুবিধাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত কেৱল নাম আৰু ৰোল নং লিখি পৰৱৰ্তী সময়ত অধ্যক্ষই তেওঁলোকক বহীসমূহ সম্পূৰ্ণ কৰিবলৈ ষ্ট’ৰ ৰূমৰ পৰা দি দিছিল। অধ্যক্ষৰ ঘৰত নাইবা কোনো ঠাইত উত্তৰসমূহ চাই চাই লিখি পাছত বহীখন প্ৰাৰ্থীজনে আকৌ ঘূৰাই দিছিল।”

কেলেংকাৰিৰ চতুৰ্থ পদ্ধতি হ’ল, নকল উত্তৰ বহী ছপা কৰি সেই উত্তৰবহীসমূহত প্ৰাৰ্থীসকলক পৰীক্ষাৰ পাছত লিখিবলৈ দিয়া।

পঞ্চম পদ্ধতি হ’ল : তেনে নকল বহী সমূহত পৰীক্ষাৰ্থীয়ে নিজে নিলিখি অন্য কোনো অভিজ্ঞ লোকে লিখি দিয়া। হেমেন  দাস নামৰ গ্ৰেপ্তাৰ নোহোৱা বিষয়াজনকো এনেদৰেই অন্য লোকে লিখি দিছিল।

ষষ্ঠ পদ্ধতি হ’ল- মৌখিক সাক্ষাৎকাৰৰ ক্ষেত্ৰত নম্বৰসমূহ বৃদ্ধি কৰা নাইবা কমকৈ দিয়া।

সপ্তম পদ্ধতি : একোখন বহীত যদি এটা প্ৰশ্নৰ বাবদ ২০ নম্বৰ থাকে, তাৰ ঠাইত দিয়া হয় ২৫ নম্বৰ বা ২২ নম্বৰ। যিহেতু বহীখন ৬ মাহৰ পাছত জ্বলাই দিয়াৰ নিয়ম আছে, নিজৰ বাদে আনে বহীখন চাব নোৱাৰে, গতিকে কোনেও ধৰিব নোৱাৰে। (এই কথাটো অখিল গগৈক তথ্যবিজ্ঞ মহলে দিয়া বুলি কয়।)

তেওঁৰ মতে, এনেকুৱা ধৰণৰ অলেখ বহী আছে, যিবোৰ অলপ তদন্তৰ আওতালৈ আনিলেই অনেক প্ৰাৰ্থী কাৰাগাৰলৈ যোৱাটো নিশ্চিত।

অষ্টম পদ্ধতি : পৰীক্ষা বহীত পৰীক্ষকে নম্বৰ কমাই দিয়া বা নিলিখা উত্তৰতো নম্বৰ দিয়া, মুঠ নম্বৰতকৈ অধিক নম্বৰ দিয়া ইত্যাদি।

এইদৰে কেলেংকাৰিৰ পদ্ধতিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যাখ্যা দাঙি ধৰি অখিল গগৈয়ে কয়, “উপৰোক্ত আঠটা পদ্ধিতৰে কেলেংকাৰি সংঘটিত হৈছিল যদিও দুটা পদ্ধতিৰ ওপৰতহে তদন্ত প্ৰক্ৰিয়া কৰা হৈছে।

তেওঁৰ মতে, তদন্তই সামৰি লোৱা পদ্ধতি দুটা ক্ৰমে : ভুৱা বহীবিলাক কেৱল ফৰেনচিকৰ জৰিয়তে প্ৰমাণ কৰা হৈছে। লগতে বহীখনত যদি বেলেগে প্ৰশ্নৰ উত্তৰটো লিখি দিছে তেন্তে সেইটো ধৰা পৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ফৰেনচিক ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি তদন্তটো সুৰজিৎ সিং পানেছাৰে ইচ্ছানুসৰি কৰিছে নে বেলেগ তথ্য-প্ৰমাণৰ অভাৱত কেৱল ফৰেনচিক ৰিপ’ৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে কৃষক নেতা অখিল গগৈয়ে।

তথ্য-পাতি আইন অনুসৰি ফৰেনচিক পৰীক্ষাৰ ৰিপ’ৰ্ট মূল প্ৰমাণ নহয়, এইটো এটা অতিৰিক্ত তথ্য প্ৰমাণহে। অখিলে এইদৰে কয়।

হাস্যকৰভাৱে ২০১৫ চনৰ এ পি এছ চি পৰীক্ষাসমূহ প্ৰাৰ্থীয়ে পেকেইজ আকাৰত, অৰ্থাৎ প্ৰাৰম্ভিক, মুখ্য পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ  এই হিচাপত একেলগে ক্ৰয় কৰিব পাৰে নাইবা পৃথক পৃথককৈও ক্ৰয় কৰিব পাৰে বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে।

তেওঁ লগতে কয় যে কেৱল ফ’ৰেনচিক ৰিপ’ৰ্টৰ ওপৰত ভিত্তি কৰি ৰাকেশ পালৰ ভাতৃ ৰাজেশ পালৰ প্ৰেছত ছপা কৰা নকল বহীসমূহৰ পৰাই এতিয়া দুই এগৰাকী ৰাজপত্ৰিত বিষয়া জালত পৰি আছে।

অখিল গগৈয়ে কয়, “এই পদ্ধতিসমূহৰ বহু আইনগত সুৰুঙা আছে। যিবোৰৰ সুযোগ গ্ৰহণ কৰি জেলত থকা এ পি এছ, এ চি এছ বিষয়াসমূহ বাছি যাব পাৰে বা তেওঁলোকৰ শাস্তি নহ’ব পাৰে।”

তাৎপয্যপূৰ্ণভাৱে, ৰাকেশ পালৰ দিনত বাছনি হোৱা ৯০ শতাংশ প্ৰাৰ্থীয়েই আছিল কেলেংকাৰিৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থী বুলি সদৰী কৰি তেওঁ লগতে কয় “৯০ শতাংশ প্ৰাৰ্থীৰ ১০ শতাংশ প্ৰাৰ্থীও তদন্তৰ আওতালৈ অহা নাই।”

উল্লেখ্য যে ২০১৫ চনত তেওঁ উচ্চ ন্যায়ালয়ত দিয়া গোচৰ মৰ্মে উচ্চ ন্যায়ালয়ে বহীসমূহ জ্বলাই নিদি সংৰক্ষিত কৰিবৰ বাবে নিৰ্দেশ দিয়া বুলি সংবাদমেলত জানিবলৈ দি কৃষক নেতা অখিল গগৈয়ে কয়, “বহীসমূহ সংৰক্ষণ কৰি ৰাখিবলৈ নিৰ্দেশ নিদিয়াহেঁতেন এগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াকো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেহেঁতেন।”

উচ্চ ন্যায়ালয়ে একেটা ৰায়তে চি বি আই তদন্ত ঘোষণা কৰিছিল বুলি জানিবলৈ দিয়ে কৃষক নেতাগৰাকীয়ে।

আনহাতে, বৰ্তমানলৈকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চি বি আইৰ তদন্ত আৰম্ভ কৰা নাই বুলি অভিযোগৰ আঙুলি তুলি তেওঁ লগতে কয় ‘অতি সোনকালে উচ্চ ন্যায়ালয়ত  সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননা কৰা গোচৰ ৰুজু কৰা হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd