• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যক্তিগতকৰণৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগম : পুঁজিপতিৰ হাতলৈ যাব বেতকুছিৰ আই এছ বি টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 3:36 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত অসমৰ ৰাজপথত দপদপাই থকা ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচিত ‘ৰঙা বাছ’সমূহ এতিয়া যেন ইতিহাস হ’বলৈ গৈ আছে। ৰাজ্য চৰকাৰে উন্নয়নৰ দাবী কৰি থকাৰ সময়তে নিগমৰ বিত্তীয় আৰু আন্তঃগাঁথনিগত অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে। স্বাৱলম্বী হোৱাৰ সলনি নিগমে এতিয়া ক্ৰমাৎ ব্যক্তিগতকৰণৰ পথ বাছি লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা নিগমৰ বহুমূলীয়া ভূ-সম্পত্তিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা কৰ্তৃপক্ষই এতিয়া চকু দিছে গুৱাহাটীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ ওপৰত।

জানিব পৰা মতে, নিজৰ প্ৰশাসনিক ব্যৰ্থতা লুকুৱাবলৈ নিগমৰ শীৰ্ষ বিষয়াসকলে এতিয়া আই এছ বি টিৰ পৰিচালনা ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ যো-জা চলাইছে। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বাছ আস্থানটোৰ পাৰ্কিং ব্যৱস্থাটো ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অৰ্থাৎ, আস্থানটোলৈ অহা প্ৰতিখন বাছৰ পৰা প্ৰৱেশ মাচুল সংগ্ৰহ কৰাৰ দায়িত্ব এতিয়াৰে পৰা ব্যক্তিগত প্ৰতিষ্ঠানে লাভ কৰিব।

Apply Now

যোৱা ১৩ মে’ তাৰিখে নিগমে এই সন্দৰ্ভত এক আনুষ্ঠানিক নিবিদা প্ৰকাশ কৰিছে। চুক্তিৰ অনুসৰি, নিৰ্বাচিত ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰাৰম্ভিকভাৱে ৩ বছৰৰ বাবে পাৰ্কিঙৰ দায়িত্ব অৰ্পণ কৰা হ’ব। বাছৰ পৰা সংগ্ৰহ কৰিবলগীয়া মাচুলৰ হাৰ নিগমে নিজেই নিৰ্ধাৰণ কৰি দিব।

নিবিদাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিষ্ঠানে ন্যূনতম ১১.৫০ লাখ টকাৰ নিৰিখ দাখিল কৰিব লাগিব। ইয়াৰ বাবে আমানত ধন হিচাপে মাত্ৰ ১ লাখ টকা জমা দিব লাগিব।

কোটিটকীয়া চৰকাৰী সম্পত্তি এনেদৰে নামমাত্ৰ মূল্যত ব্যক্তিগত খণ্ডক গতাই দিয়া কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশেষকৈ আই এছ বি টিৰ লগত জড়িত বাছ চালক আৰু কৰ্মচাৰীসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে। বৰ্তমান ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত ব্যক্তিগত প্ৰতিষ্ঠানে পাৰ্কিং মাচুল বৃদ্ধি কৰিলে পৰিবহণ খণ্ডটোৱে আৰু অধিক লোকচানৰ সন্মুখীন হ’ব বুলি তেওঁলোকে গভীৰ আশংকা প্ৰকাশ কৰিছে।

দৈনিক উজনি, নামনি, উত্তৰ অসমৰ লগতে বহিঃৰাজ্যৰ শ শ বাছৰ সমাগম ঘটা এই গুৰুত্বপূৰ্ণ বাছ আস্থানটো বৰ্তমান অতিশয় ব্যস্ত এক কেন্দ্ৰ। ক্ৰমৱৰ্ধমান যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি নিগমে নিজাববীয়াকৈ ইয়াৰ আন্তঃগাঁথনি আৰু সা-সুবিধা উন্নত কৰাত গুৰুত্ব দিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে এসময়ৰ গৌৰৱময় ৰাজ্যিক পৰিবহণ নিগমে নিজৰ সা-সম্পত্তি ৰক্ষণাবেক্ষণ দিয়াৰ সলনি এনেদৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰক্ৰিয়াক সচেতন মহলে এক গভীৰ উদ্বেগৰ বিষয় হিচাপে অভিহিত কৰিছে। ই নিগমৰ ভৱিষ্যতৰ প্ৰতি এক অশুভ সংকেত কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd