• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুবছৰ সম্পূৰ্ণ কৰিলে দ্য অ’পিনিয়নে! সংবাদ মাধ্যমৰ নিৰপেক্ষতা আৰু স্বতন্ত্ৰতাৰ সম্পৰ্কত সভাত আলোকপাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2024 6:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৯ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ ডিজিটেল মিডিয়াৰ জগতখনত ইতিমধ্যে নিজৰ এক স্থান উলিয়াই লোৱা নিউজ পর্টেল The Opinion ৰ দুটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এখন সভা অনুষ্ঠিত হ’য়।

সভাত সভাপতিত্ব কৰে অপিনিয়ন ট্রাষ্টৰ স্থায়ী সভাপতি নজিবুদ্দিন আহমেদে। দ্বিতীয় বর্ষপূর্তি অনুষ্ঠাণ উপলক্ষে আয়োজিত বক্তৃতা অনুষ্ঠাগত “বর্তমান সময়ত সংবাদ মাধ্যমৰ সম্মুখত প্রত্যাহান” শীর্ষক বক্তৃতা অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকে সাংবাদিক, বিশিষ্ট লেখিকা মাইনী মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° অখিল ৰঞ্জন দত্ত।‍

Apply Now

অনুষ্ঠানত নিজৰ ভাষণত মাইনী মহন্তই কয় যে বৰ্তমান সংবাদ মাধ্যমলৈ অগণতান্ত্ৰিক চৰকাৰখনে ভাবুকি কঢ়িয়াই আনিছে। সংবাদ মাধ্যমে নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰিবলৈ ভয় খোৱা হৈছে।

লগতে মাইনী মহন্তই নিৰপেক্ষ আৰু স্বতন্ত্ৰ সংবাদ মাধ্যমক নিয়ন্ত্ৰণ চৰকাৰে নিয়ন্ত্ৰণ কৰিব খোজা সম্পৰ্কত কয়, ব্যক্তিগতভাবে চোৱা হয় বাবে পৰ্ণগ্ৰাফী নিষিদ্ধ কৰা নাই কিন্তু ধ্ৰুৱ ৰাথীৰ দৰে নিৰপেক্ষ বাতৰি দিওতাক নিয়ন্ত্ৰণ কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আহিছে যাতে চৰকাৰৰ বেয়া কামবোৰৰ প্ৰচাৰ হ’ব নোৱাৰে। এইখন দেশত পৰ্ণগ্ৰাফী প্ৰচাৰ কৰাত আপত্তি নাই কিন্তু নিৰপেক্ষ বাতৰি পৰিৱেশনত আপত্তি আছে।

আনহাতে নিৰ্দিষ্ট বক্তা অখিল ৰঞ্জন দত্তই ভাৰত বৰ্ষত সংবাদ মাধ্যমৰ ইতিহাস সম্পৰ্কে আলোচনা কৰে। তেওঁ কয় যে সংবাদ মাধ্যমবোৰ যেতিয়া পুঁজিপতি আৰু চৰকাৰী পক্ষৰ হাতলৈ গ’ল তেতিয়াই সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা শেষ হৈ যাবলৈ আৰম্ভ কৰিলে।

উল্লেখ্য যে The Opinion-News Protal এ বিগত দুটা বছৰত সীমিত সামর্থ্যৰে এক বিকল্প মিডিয়া হিচাপে জনজীৱনৰ বিভিন্ন সমস্যা আৰু বিষয়সমূহৰ বস্তুনিষ্ঠ বিশ্লেষণ তুলি ধৰাৰ চেষ্টা কৰি আহিছে।

স্বাধীনতাৰ ৭৫ বছৰৰ পূৰ্তি আৰু ৯ আগষ্টৰ ভাৰতত্যাগ আন্দোলনৰ ঐতিহ্যপূৰ্ণ দিনটোৰ স্মৃতি ৰক্ষাৰ লক্ষ্যৰে ২০২২ চনৰ ৯ আগষ্টত ‘ দা অপিনিয়ন’ নিউজ পর্টেলটো আৰম্ভ কৰা হৈছিল। সিদিনাৰে পৰা নিউজ পর্টেলটো ইউটিউব আৰু ফেচ বুকৰ জৰিয়তে নিৰবচ্ছিন্ন ভাৱে দৰ্শকৰ মাজত প্ৰচাৰিত হৈ আছে।

কেইজনমান প্রগতিশীল আৰু স্বাধীনচিতীয়া মনৰ ব্যক্তিয়ে সত্য আৰু নিৰপেক্ষ বাতৰি, প্ৰগতিশীল আলোচনা, ঘৃণাৰ বাতাৱৰণৰ প্ৰতিৰোধ, বিভিন্ন জাতি-জনজাতিৰ আশা আকাংক্ষা, ক্ষোভ, প্ৰতিবাদ আদি চৰকাৰ আৰু সাধাৰন জনতাৰ দৃষ্টিগোচৰ কৰাৰ লগতে চৰকাৰৰ জনবিৰোধী কাম-কাজক সমালোচনা কৰাৰ উদ্দেশ্যে এটা ওৱেৱ পৰ্টেলৰ চিন্তা আৰু পৰিকল্পনা কৰিছিল। তেওঁলোকৰ সংগৃহীত পুঁজি আৰু বিভিন্নজনৰ আৰ্থিক সাহাৰ্যৰে অপিনিয়ন ট্রাষ্ট নামৰ এটা গ্যাস গঠণ কৰি ন্যাসৰক্ষী আৰু গভর্ণিংবোডীৰ তত্বাবধানেৰে ” দা অপিনিয়ন” নামাকৰনেৰে নিউজ পৰ্টেলটো ২০২২ চনৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে ৯ আগষ্টৰ ভাৰত ত্যাগ আন্দোলনৰ স্মৃতিৰে শুভ উদ্ধোধন কৰা হৈছিল। সম্পাদকীয় প্রতিবেদনত জনায় যে পৰ্টেল টোৰ প্ৰথম বছৰৰ বৰ্ষপূৰ্তিত ইউ-টিউবৰ মুঠ subscriber আছিল ১৫০০ জন। সেইটো বাঢ়ি এতিয়ালৈ ১০ হাজাৰ Subcriberহৈছে। যোৱা বছৰ বৰ্ষপূৰ্তিলৈকে ফেচবুক ফলোৱাৰ আছিল ১১,৫০০ আৰু আজি দ্বিতীয় বছৰৰ শেষত আমাৰ ফেচবুক ফলোৱাৰ ২২,৮০০ জন। যোৱা দুয়োটা বছৰ গোটাই আমাৰ মুঠ ভিডিও হৈছে ১৫৭৫ টা। আনহাতে সর্বমুঠ ভিউ হৈছে ২১লাখ ৫০ হাজাৰ।

পর্টেলটোৱে কেইবাজনো বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি ৰাইজক প্ৰদৰ্শন কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিত কেইজনমান প্রবীন ব্যক্তিৰ পৰা স্বাধীনতা সংগ্ৰামৰ সময়ৰ অভিজ্ঞতা সম্পর্কে সাক্ষাৎকাৰৰ ভিডিও প্ৰচাৰ কৰাও হৈছিল। তেখেত সকল হ’ল প্রাক্তণ প্রখ্যাত অভিযন্তা শ্রদ্ধেয় বিনয় দাস, প্রবীন মার্ক্সবাদী নেতা হেমেন দাস, অঞ্জলী বৰা (কিছুদিন আগেয়ে তেখেতৰ দেহাৱসান হৈছে)। তাৰোপৰি, আমি ড. হীৰেন গোঁহাই, সাংবাদিক হাইদৰ হুচেইন, ৰাজ্যসভাৰ সদস্য আৰু সাংবাদিক অজিত ভূঞাঁ, নাট্যকাৰ আৰু অভিনেতা শ্রদ্ধেয় কুলদা কান্ত ভট্টাচার্য্য, সঙ্গীত শিল্পী লোকনাথ গোস্বামী, সফল অসমীয়া হোটেল ব্যৱসায়ী অম্বিকা চৰণ বৰ্মণ (অলপতে ঢুকাইছে) জে এন ইউৰ অধ্যাপক সুৰজিৎ মজুমদাৰ, কেৰেলাৰ প্ৰাক্তণ অর্থনীতিবিদ থমাচ আইজাক, এন পি এছ সম্পর্কত শ্রমিক নেতা গৰ্গ তালুকদাৰ, অসমৰ ৰেল যাত্ৰাৰ সমস্যা সম্পৰ্কত দীপাঙ্কৰ শৰ্মা, দেশৰ ৰাজনীতি সম্পৰ্কত মনোৰঞ্জন তালুকদাৰ, শ্রমিক আন্দোলন সম্পর্কত চিটু নেতা তপন শৰ্মা আদিৰ উপৰিও কেবাজনো সঙ্গীত আৰু চিনেমা জগতৰ উদীয়মান শিল্পীৰ সাক্ষাৎকাৰৰ ভিডিও পৰ্টেলটোৰ জড়িয়তে প্ৰচাৰিত হৈছে।

পৰ্টেলটোৰ অনুৰাগীৰে ভৰি পৰা সভাগৃহত উপস্থিত সকলো শুভাকাংক্ষীকে অপিনিয়ন ট্রাষ্টৰ স্থায়ী সম্পাদক বিপুল দেৱ শৰ্মাই আদৰণি ভাষনেৰে শুভেচ্ছা আৰু উপস্থিতিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd