অসমৰ ৰাজনৈতিক আকাশত এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো দলেই ব্যাপক প্ৰস্তুতি চলাইছে। প্ৰতিটো সমষ্টিতে এতিয়া চলিছে নিৰ্বাচনী কুচকাৱাজ। অৱশ্যে শাসকীয় মিত্ৰজোঁটৰ বিপৰীতে বিৰোধী শিবিৰত আসন বুজাবুজিক লৈ এতিয়াও সম্পূৰ্ণ স্পষ্ট ছবি এখন ফুটি উঠা নাই। বিশেষকৈ কংগ্ৰেছৰ সৈতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ কথা কিছু আগবাঢ়িছে যদিও আন বহুতো বিৰোধী দলৰ সৈতে আলোচনা এতিয়াও থমকি আছে। কিন্তু ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, যদিহে বিৰোধী দলসমূহ সঁচাকৈ ঐক্যবদ্ধ হয়, তেন্তে বিশেষকৈ পাৰ্বত্য এলেকাত বিজেপি প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলে ইতিমধ্যে তাৰ স্পষ্ট ইংগিত দি থৈছে।
বিগত লোকসভা নিৰ্বাচনত ডিফু সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত বিজেপি আৰু বিৰোধীৰ ভোটৰ অংকই এটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিছে। দেখা গৈছে যে যোৱাবাৰ বিৰোধী ঐক্যবদ্ধ নোহোৱাৰ ফলত বিজেপিৰ বাবে বিজয় সহজ হৈ পৰিছিল। উদাহৰণস্বৰূপে, অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া জন ইংতি কাথাৰৰ নেতৃত্বাধীন এপিএইচএলচি আৰু কংগ্ৰেছে পৃথককৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদি এই দুই শক্তি একগোট হ’লহেঁতেন, তেন্তে কেইবাটাও বিধানসভা সমষ্টিত বিজেপিৰ পৰাজয় প্ৰায় নিশ্চিত আছিল। এই সত্যটো বিজেপি নেতৃত্বইও উপলব্ধি কৰিছে আৰু সেই অনুসৰিয়েই তেওঁলোকে নিজা কৌশল ৰচনা কৰিছে।
শেহতীয়া সমষ্টি পুনৰ গঠনৰ পিছত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত এটা সমষ্টি বৃদ্ধি পাইছে। লোকসভা নিৰ্বাচনৰ তথ্য অনুসৰি, যদি কংগ্ৰেছ আৰু এপিএইচএলচি একগোট হয়, তেন্তে ৰংখং আৰু হাওৰাঘাটৰ বাহিৰে বাকী চাৰিটা সমষ্টিত বিজেপি শ’লঠেকত পৰিব পাৰে। বোকাজান সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে লাভ কৰা ৫২,০৯৭ টা ভোটৰ বিপৰীতে কংগ্ৰেছ আৰু এপিএইচএলচিৰ মুঠ ভোট আছিল ৫৭,৬৪১ টা। একেদৰে ডিফু সমষ্টিতো বিজেপিৰ ৫৮,৬২১ টা ভোটৰ বিপৰীতে বিৰোধীৰ দুই শক্তিৰ মুঠ ভোট আছিল ৬৫,৭৯৩ টা। আমৰি সমষ্টিতো বিজেপিৰ ৩০,৪১৩ টা ভোটৰ তুলনাত বিৰোধীৰ ভোট আছিল ৩৬,৭৮৪ টা। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে বিৰোধীৰ মাজত ভোট বিভাজন নহ’লে বিজেপিৰ বাবে জয়লাভ কৰাটো অত্যন্ত কঠিন হৈ পৰিব।
পৰিস্থিতিৰ গম্ভীৰ্য বুজি ইতিমধ্যে এপিএইচএলচিৰ নেতা জন ইংতি কাথাৰে ঘোষণা কৰিছে যে বিজেপিক প্ৰতিহত কৰিবলৈ তেওঁলোক ঐক্যবদ্ধ হ’বলৈ সাজু। তেওঁলোকে ইতিমধ্যে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে যদিও বাকী তিনিটা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিবলৈ মান্তি হৈছে। হাফলং সমষ্টিতো বিজেপি আৰু বিৰোধীৰ মাজত ভোটৰ ব্যৱধান অতি কম আছিল। গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত পাৰ্বত্য জিলা কেইখনত বিৰোধীয়ে যদি সঁচাকৈয়ে একতা প্ৰদৰ্শন কৰিব পাৰে, তেন্তে গেৰুৱা বাহিনীৰ বাবে এই যাত্ৰা মুঠেই সুখকৰ নহ’ব।





