DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছবিখনে বহু কথাই ক’লে; মানৱতাৰ অনন্য দৃষ্টান্ত দাঙি ধৰি ভাইৰেল অসমীয়া বোৱাৰী নীহাৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2021 9:01 am
Niharika
304
VIEWS
Share on FacebookShare on Twitter

এগৰাকী অসমীয়া বোৱাৰীৰ এখন ছবি ভাইৰেল হৈ পৰাৰ পাছতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। স্বাভাৱিকতেই এগৰাকী গাঁৱলীয়া অসমীয়া বোৱাৰীয়ে দাঙি ধৰা দৃষ্টান্তই নেটিজেনসকলৰ মন প্ৰাণ উদ্বেলিত কৰি তুলিছে।

ৰহাৰ ভাটিগাঁৱৰ ৭৫বছৰীয়া থলেশ্বৰ দাস নামৰ অসুস্থ ব্যক্তিগৰাকীক বোৱাৰীয়েক নীহাৰিকা দাসে পিঠিত তুলি স্থানীয় স্বাস্থ্যকেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ আনিছিল। তাৰ পৰা থলেশ্বৰ দাসক ১০৮ এম্বুলেন্সেৰে নগাঁৱলৈ নিয়া হয়।

কোভিড পজিটিভ চিনাক্ত হোৱা শহুৰেক থলেশ্বৰ দাসক এইদৰে স্বাস্থ্য কেন্দ্ৰলৈ পিঠিত কঢ়িয়াই অনা বোৱাৰীয়েক নীহাৰিকাৰো কোভিড পজিটিভ ধৰা পৰে।

নীহাৰিকাৰ স্বামী চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰত থাকিবলগীয়া হোৱাত শহুৰেকৰ সমস্ত দায়িত্ব বোৱাৰীয়েকে লৈ আহিছে।

আনহাতে, স্বাস্থ্য বিভাগে কোভিড আক্ৰান্ত থলেশ্বৰ দাসক কোভিড কেয়াৰ চেন্টাৰলৈ পঠিয়াই বোৱাৰীয়েক নীহাৰিকাক হোম আইছ’লেশ্যনত থকাৰ কথা কৈছিল যদিও শহুৰেকক এনে অৱস্থাত অকলশৰে হাস্পাতাললৈ পঠিয়াবলৈ ৰাজী নহ’ল নীহাৰিকা।

অৱশেষত স্থানীয় হাস্পাতলৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে দুয়োগৰাকীকে ১০৮ এম্বুলেন্স সেৱাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পাতাললৈ পঠিয়াই দিয়ে৷

শহুৰেক আৰু বোৱাৰীয়েক দুয়োগৰাকীয়ে এতিয়া কোভিড ৰোগী আৰু দুয়োৱে এতিয়া চিকিৎসাধীন।

বৰ্তমানৰ কোভিড পৰিস্থিতিত নীহাৰিকাই যি দৃষ্টান্ত দাঙি ধৰিলে সেয়া সঁচাকৈয়ে এক আদৰ্শ হিচাপে সকলোকে অনুপ্ৰাণিত কৰিব। এগৰাকী অসমীয়া বোৱাৰীৰ এনে কাৰ্যক সকলোৱে একেমুখে কৈ উঠিছে- নীহাৰিকা, তুমি মহান!

Recent News

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Assam

গোৱালপাৰাত অঘটন: ভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ

Gauhati High Court home guard

গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Nitish Kumar Bihar

নীতিশ কুমাৰৰ পদত্যাগ: নতুন সিদ্ধান্তৰ পূৰ্বে সাক্ষাৎ লালুপুত্ৰ তেজস্বীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd