• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া জিলাত তিনিচুকীয়া নগৰ, মাকুম, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটাত গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2026 8:39 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আৰম্ভ কৰা দ্বিতীয় পৰ্যায়ৰ ‘সময় পৰিৱৰ্তনৰ’ শীৰ্ষক যাত্ৰা আজি তিনিচুকীয়া জিলাত প্ৰৱেশ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এই যাত্ৰা আজি জিলাখনৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু মাৰ্ঘেৰিটা সমষ্টিৰ মাজেৰে পদযাত্ৰাৰ জৰিয়তে অগ্ৰসৰ হয়। “আলি কাটি জালি দিম বৰপীৰা পাৰি দিম/এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম/এইবাৰ সকলোৱে হাততেই ভোট দিম”… শীৰ্ষক গীতৰ তালে তালে এনেদৰে উজনিত বৃদ্ধি পাইছে কংগ্ৰেছৰ নিৰ্বাচনী উত্তাপ।

সময় পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচীৰে গৌৰৱ গগৈয়ে আজি তিনিচুকীয়াত পদাৰ্পন কৰিয়েই কয় যে এয়া কেৱল পৰিবৰ্তনৰ যাত্ৰা নহয়, এয়া হৈছে সমন্বয়ৰ যাত্ৰা, অসমবাসীৰ আত্মৰক্ষাৰ যাত্ৰা। এয়া হৈছে নিবনুৱা সকলৰ আশাৰ যাত্ৰা, অসমক হিটলাৰী শাসন ব্যৱস্থাৰ পৰা মুক্ত কৰা যাত্ৰা। পদযাত্ৰাৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসু, শ্বহীদ পিয়লি ফুকন আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। তিনিচুকীয়াৰ পৰা বিয়লি ভাগত কংগ্ৰেছৰ এই যাত্ৰা ডুমডুমাত উপস্থিত হয়। ডুমডুমা নগৰত প্ৰৱেশ কৰাৰ পিছতে স্থানীয় কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে দলটোক আদৰণি জনায়। “আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম, এইবাৰ সকলোৱে কংগ্ৰেছক ভোট দিম, কংগ্ৰেছ চৰকাৰ আনি দিম” এই নতুন গীতেৰে ৰাজপথ মুখৰিত কৰি দলটোৱে ডুমডুমা নগৰৰ মাজমজিয়াৰে আহি কলিয়াপানী চাৰিআলিত ৰাইজক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে এইবাৰ অসমৰ ৰাইজে ভয়-ভাবুকিৰ পৰিৱৰ্তে এখন শান্তিপূৰ্ণ নতুন বৰ অসম বিচাৰিছে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয়, এতিয়া অসম মাত্ৰ এজন মানুহৰ বাবে চলে, এজন মানুহৰ ঘৰৰ উন্নয়নৰ বাবে চলে। এইখন চৰকাৰৰ দিনতেই এজন মানুহৰ ঘৰৰ ভিতৰতে ১২ হেজাৰ বিঘা ভূমি বিভিন্ন জন সদস্যৰ নামত পঞ্জীয়ন হৈছে। তেওঁ কয়, এই চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতি যাম। আজি অসমত চৰকাৰী বিদ্যালয় বন্ধ কৰি গাঁৱে-ভূঞে মদৰ দোকান খুলিবলৈ দিছে। অসমত এতিয়া চাহ উদ্যোগৰ অৱস্থা বেয়া হৈ গৈছে। কংগ্ৰেছে বিচাৰে, অসমৰ ৰাইজ শান্তি সম্প্ৰীতি আৰু স্বাভিমানেৰে জীয়াই থাকক। অসমৰ ৰাইজ জুবিন গাৰ্গৰ দৰে নিৰ্ভয় আৰু স্পষ্টবাদী হোৱাটো বিচাৰোঁ। তেওঁ লগতে কয়, ৰাইজে এইবাৰ যুঁজিব, ৰাইজ জিকিব আৰু কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ হ‘ব যিখন চৰকাৰৰ দিনত ৰাইজ নিৰ্ভয়ে থাকিব পাৰিব।

Apply Now

ৰাইজক সম্বোধন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অসমৰ দৰিদ্ৰ ৰাইজে ভূমিৰ পট্টা বিচাৰিছে যদিও এই চৰকাৰখনে বসুন্ধৰা এক, দুই, তিনিৰ পিছতো ৰাইজক মাটিৰ পট্টা দিয়াত ব্যৰ্থ হৈছে। কিন্তু ইয়াৰ বিপৰীতে মাটিৰ খাজনা পূৰ্বতকৈ বহুগুণে বৃদ্ধি কৰি দিছে। পৰৱৰ্তী সময়ত এই যাত্ৰা ডিগবৈ আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ দিশে ৰাওনা হয়। ডিগবৈ আৰু মাৰ্ঘেৰিটা সমষ্টিতো গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ এই যাত্ৰাক ৰাইজে উষ্ম আদৰণি জনায়। 

উল্লেখ্য যে, আজি যাত্ৰাৰ সময়ত সমগ্ৰ তিনিচুকীয়া জিলা ”আলিকাটি জালি দিম, বৰপীৰা পাৰি দিম, এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম’’ গীতেৰে মুখৰিত হৈ পৰে। আনহাতে, ৰাইজৰ সৈতে মত বিনিময়ৰ উপৰিও এই যাত্ৰা সু-শৃংখলিতভাৱে সমাপনৰ ক্ষেত্ৰত প্ৰতিটো সৰু বৰ দিশ‌ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিজেই তদাৰক কৰে। ৰাইজৰ মাজত থাকি সকলো কামত ‍এনেদৰে নিজেই আগভাগ লোৱাতো প্ৰত্যক্ষ কৰি প্ৰতিগৰাকী প্ৰত্যক্ষদৰ্শী অভিভূত হৈ পৰে। আজিৰ এই যাত্ৰাত গৌৰৱ গগৈক অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, নিৰ্বাচনী পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক দিলীপ মৰাণ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহু, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি তথা ডুমডুমা সমষ্টিৰ দুবাৰৰ বিধায়ক দুৰ্গা ভূমিজ সহ বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই সংগ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd