DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বজাৰত জুই, আলু ৫০, পিঁয়াজ ৬০, বিজেপিক আসন লাগে ১০০+

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 9, 2020 7:13 am
WhatsApp Image 2020-10-08 at 9.22.33 PM
528
VIEWS
Share on FacebookShare on Twitter

বজাৰত লাগিছে জুই। আকাশলঙ্ঘী মুল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে।

পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰ শাসনলৈ আহিয়েই মূল্যবৃদ্ধি ৰোধ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত। তাৰ বিপৰীতে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আঁতৰিল চাউল, দালি, আলু পিঁয়াজ, মিঠাতেল আৰু নিমখ।

এতিয়া নিজ ইচ্ছা অনুসৰি অসাধু ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰিব পাৰিব মানুহৰ অতিকৈ লাগতিয়াল এই কেইপদ সামগ্ৰী।

তাৰ প্ৰভাৱো নপৰা নহয় মহানগৰীৰ বজাৰত। লকডাউনৰ পূৰ্বৰে পৰা মহানগৰীত হুৰা-হুৰে বৃদ্ধি পাই আহিছে আলু-পিঁয়াজৰ মূল্য।

বৰ্তমান মহানগৰীৰ বজাৰত আলুৰ দাম প্ৰতি কিল’ত ৪৫-৫০ টকা আৰু পিঁয়াজৰ মূল্য প্ৰতিকিলোত ৫৫-৬০ টকা পৰ্য্যন্ত হৈছে।

তথাপি মহানগৰবাসীৰ উপায় নাই এইসমূহ সামগ্ৰী যিকোনো ব্যঞ্জনৰ সৈতে অতিকৈ প্ৰয়োজনীয় গতিকে ক্ৰয় কৰিবই লাগিব।

এফালে চিণ্ডিকেটৰ অভিযোগ আনফালে আকৌ জনসাধাৰণৰ ওপৰতে মূল্যবৃদ্ধিৰে মাধমাৰ সোধাইছে চৰকাৰে।

এই সন্দৰ্ভত আমি কথা পাতিছিলো বিভিন্ন শ্ৰেণীৰ মহানগৰবাসীৰ লগত।

ৰমেন চৌধুৰী নামৰ ছয়মাইলৰ নিৱাসী এগৰাকীয়ে এই সন্দৰ্ভত কয় ‘পৰিৱৰ্তন বিচাৰিছিলো আমি সেয়েহে বিজেপিক ভোট দিছিলো। কংগ্ৰেছৰ দিনত বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই আমি বিজেপিক শাসনলৈ অনাত হাত উজান দিছিলো। এতিয়া কি হ’ল? ক’ত মূল্যবৃদ্ধি ৰোধ হ’ল? দিনক দিনে আলু-পিঁয়াজৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গৈ আছে। আমিও আকৌ পৰিৱৰ্তন বিচাৰিবলৈ বাধ্য হ’ম।‘

আন এগৰাকী সচেতন মহানাগৰিক চুমি ভুঞাই আমাৰ সাংবাদিকৰ আগত কয় ‘বিজেপিৰ পৰিৱৰ্তন বহু ভাল লাগিছে। পৰিৱৰ্তন সঁচাকৈ হৈছে। মূল্যবৃদ্ধি ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে এয়াও এক পৰিৱৰ্তনেই দিয়ক। আমি বহু আশাৰে ভোট দি এই চৰকাৰক শাসনলৈ আনিছিলো। কিন্তু এতিয়া আমাৰ জনসাধাৰণকে হাৰাশাস্তি দিছে।‘

উল্লেখ কৰিব পাৰি যে, যোগান মন্ত্ৰীৰ ব্যৰ্থতা ইতিমধ্যে প্ৰকাশ পাইছে।

তাৎপয্যপূৰ্ণভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ পাছতো ১০০+ আসন লাভ কৰিব বুলি দাবী কৰিছে শাসকীয় বিজেপিয়ে।

মূল্যবৃদ্ধি ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে বিজেপিৰ সকলো নেতা-মন্ত্ৰী এতিয়া ব্যস্ত আছে ১০০+ আসন লাভৰ কুচকাৱাজত।

এনেধৰণে আলুৰ ৫০, পিঁয়াজৰ ৬০ টকা প্ৰতি কিলোগ্ৰামৰ মূল্য হ’লে বিজেপিক সাধাৰণ জনতাই পুনৰবাৰ চৰকাৰ গঠনৰ সুযোগ দিবনে?

এইখিনিতে, আমি প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰসংগও উল্লেখ কৰিব লাগিব। সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য হোৱাৰ পাছতো তেওঁলোকে বৰ্তমান প্ৰেক্ষাপটত কোনোধৰণৰ প্ৰতিবাদ বা ইয়াৰ বিৰুদ্ধে মাত মতা দেখিবলৈ পোৱা নাই। অথচ কংগ্ৰেছৰো দাবী বিজেপি বিৰোধী শক্তিৰে একত্ৰিত হৈ তেওঁলোকেও দখল কৰিব ১০০ খনকৈ আসন।

কংগ্ৰেছৰ শাসনৰ আকাশলঙ্ঘী মূল্যৰ কথাও নিশ্চয়কৈ জনসাধাৰণে পাহৰা নাই।

এতিয়া আলু-পিঁয়াজকে ধৰি ব্যৱহাৰ্য্য প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ পাছতো বিজেপি-কংগ্ৰেছ কেৱল ১০০+ আসন লাভ কৰাৰ দৌৰত।

এসময়ত পিঁয়াজৰ মূল্য বৃদ্ধি হওঁতে বিজেপিৰ বিজয়া চক্ৰৱৰ্তীকে ধৰি অন্যান্য নেতাসকলে পিঁয়াজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰিছিল। কিন্তু আজি সকলো নিশ্চুপ, কিয়নো কাকনো বুলিম ককা সকলোৰে দাড়ি-চুলি পকা।

পিচে, অত্যাধিক মূল্যবৃদ্ধিৰ পৰিণামৰ প্ৰতিক্ৰিয়া ইভিএম মেছিনত প্ৰতিফলিত হ’বনে?

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd