• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰত জুই, আলু ৫০, পিঁয়াজ ৬০, বিজেপিক আসন লাগে ১০০+

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 9, 2020 7:13 am
WhatsApp Image 2020-10-08 at 9.22.33 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজাৰত লাগিছে জুই। আকাশলঙ্ঘী মুল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাইছে।

পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰ শাসনলৈ আহিয়েই মূল্যবৃদ্ধি ৰোধ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত। তাৰ বিপৰীতে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা আঁতৰিল চাউল, দালি, আলু পিঁয়াজ, মিঠাতেল আৰু নিমখ।

Apply Now

এতিয়া নিজ ইচ্ছা অনুসৰি অসাধু ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰিব পাৰিব মানুহৰ অতিকৈ লাগতিয়াল এই কেইপদ সামগ্ৰী।

তাৰ প্ৰভাৱো নপৰা নহয় মহানগৰীৰ বজাৰত। লকডাউনৰ পূৰ্বৰে পৰা মহানগৰীত হুৰা-হুৰে বৃদ্ধি পাই আহিছে আলু-পিঁয়াজৰ মূল্য।

বৰ্তমান মহানগৰীৰ বজাৰত আলুৰ দাম প্ৰতি কিল’ত ৪৫-৫০ টকা আৰু পিঁয়াজৰ মূল্য প্ৰতিকিলোত ৫৫-৬০ টকা পৰ্য্যন্ত হৈছে।

তথাপি মহানগৰবাসীৰ উপায় নাই এইসমূহ সামগ্ৰী যিকোনো ব্যঞ্জনৰ সৈতে অতিকৈ প্ৰয়োজনীয় গতিকে ক্ৰয় কৰিবই লাগিব।

এফালে চিণ্ডিকেটৰ অভিযোগ আনফালে আকৌ জনসাধাৰণৰ ওপৰতে মূল্যবৃদ্ধিৰে মাধমাৰ সোধাইছে চৰকাৰে।

এই সন্দৰ্ভত আমি কথা পাতিছিলো বিভিন্ন শ্ৰেণীৰ মহানগৰবাসীৰ লগত।

ৰমেন চৌধুৰী নামৰ ছয়মাইলৰ নিৱাসী এগৰাকীয়ে এই সন্দৰ্ভত কয় ‘পৰিৱৰ্তন বিচাৰিছিলো আমি সেয়েহে বিজেপিক ভোট দিছিলো। কংগ্ৰেছৰ দিনত বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই আমি বিজেপিক শাসনলৈ অনাত হাত উজান দিছিলো। এতিয়া কি হ’ল? ক’ত মূল্যবৃদ্ধি ৰোধ হ’ল? দিনক দিনে আলু-পিঁয়াজৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গৈ আছে। আমিও আকৌ পৰিৱৰ্তন বিচাৰিবলৈ বাধ্য হ’ম।‘

আন এগৰাকী সচেতন মহানাগৰিক চুমি ভুঞাই আমাৰ সাংবাদিকৰ আগত কয় ‘বিজেপিৰ পৰিৱৰ্তন বহু ভাল লাগিছে। পৰিৱৰ্তন সঁচাকৈ হৈছে। মূল্যবৃদ্ধি ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে এয়াও এক পৰিৱৰ্তনেই দিয়ক। আমি বহু আশাৰে ভোট দি এই চৰকাৰক শাসনলৈ আনিছিলো। কিন্তু এতিয়া আমাৰ জনসাধাৰণকে হাৰাশাস্তি দিছে।‘

উল্লেখ কৰিব পাৰি যে, যোগান মন্ত্ৰীৰ ব্যৰ্থতা ইতিমধ্যে প্ৰকাশ পাইছে।

তাৎপয্যপূৰ্ণভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ পাছতো ১০০+ আসন লাভ কৰিব বুলি দাবী কৰিছে শাসকীয় বিজেপিয়ে।

মূল্যবৃদ্ধি ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে বিজেপিৰ সকলো নেতা-মন্ত্ৰী এতিয়া ব্যস্ত আছে ১০০+ আসন লাভৰ কুচকাৱাজত।

এনেধৰণে আলুৰ ৫০, পিঁয়াজৰ ৬০ টকা প্ৰতি কিলোগ্ৰামৰ মূল্য হ’লে বিজেপিক সাধাৰণ জনতাই পুনৰবাৰ চৰকাৰ গঠনৰ সুযোগ দিবনে?

এইখিনিতে, আমি প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰসংগও উল্লেখ কৰিব লাগিব। সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য হোৱাৰ পাছতো তেওঁলোকে বৰ্তমান প্ৰেক্ষাপটত কোনোধৰণৰ প্ৰতিবাদ বা ইয়াৰ বিৰুদ্ধে মাত মতা দেখিবলৈ পোৱা নাই। অথচ কংগ্ৰেছৰো দাবী বিজেপি বিৰোধী শক্তিৰে একত্ৰিত হৈ তেওঁলোকেও দখল কৰিব ১০০ খনকৈ আসন।

কংগ্ৰেছৰ শাসনৰ আকাশলঙ্ঘী মূল্যৰ কথাও নিশ্চয়কৈ জনসাধাৰণে পাহৰা নাই।

এতিয়া আলু-পিঁয়াজকে ধৰি ব্যৱহাৰ্য্য প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ পাছতো বিজেপি-কংগ্ৰেছ কেৱল ১০০+ আসন লাভ কৰাৰ দৌৰত।

এসময়ত পিঁয়াজৰ মূল্য বৃদ্ধি হওঁতে বিজেপিৰ বিজয়া চক্ৰৱৰ্তীকে ধৰি অন্যান্য নেতাসকলে পিঁয়াজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰিছিল। কিন্তু আজি সকলো নিশ্চুপ, কিয়নো কাকনো বুলিম ককা সকলোৰে দাড়ি-চুলি পকা।

পিচে, অত্যাধিক মূল্যবৃদ্ধিৰ পৰিণামৰ প্ৰতিক্ৰিয়া ইভিএম মেছিনত প্ৰতিফলিত হ’বনে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd