• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাইবাৰ সুৰক্ষা আৰু নিয়ম পালনত ব্যৰ্থতাৰ বাবে পাঁচটা বেংকক জৰিমনা ৰিজাৰ্ভ বেংকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 3:00 pm
147
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰিজাৰ্ভ বেংকে চাইবাৰ সুৰক্ষা, লেনদেন, আৰু নীতিৰ সৈতে জড়িত নিয়ম ভংগ কৰাৰ অভিযোগত পাঁচটা প্ৰমুখ বেংকৰ ওপৰত জৰিমনা আৰোপ কৰিছে। জৰিমনা বিহা বেংকসমূহ হৈছে আইচিআইচিআই বেংক, বেংক অৱ বৰোদা, আইডিবিআই বেংক, বেংক অৱ মহাৰাষ্ট্ৰ, আৰু এক্সিছ বেংক।

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, এই বেংকসমূহে বিভিন্ন নিয়মৰ লংঘন কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হৈছে। সৰ্বাধিক জৰিমনা আৰোপ কৰা হৈছে আইচিআইচিআই বেংকৰ ওপৰত, য’ত বেংকটোৱে ৯৭.৮০ লাখ টকা জৰিমনা ভৰিবলগীয়া হৈছে। চাইবাৰ সুৰক্ষা আৰু গ্ৰাহকৰ তথ্যৰ সৈতে জড়িত (KYC) নিয়ম পালনত ব্যৰ্থতাৰ বাবে এই জৰিমনা বিহা হৈছে বুলি সদৰী কৰিছে।

আনহাতে বেংক অৱ বৰোদাক ৬১.৪০ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে। এই বেংকটোৱেও আৰ বি আইৰ নিৰ্দেশিত নিয়মসমূহ মানি চলাত ব্যৰ্থ হৈছে।  ইয়াৰ বিপৰীতে আইডিবিআই বেংকক কিষাণ ক্ৰেডিট কাৰ্ডৰ সৈতে জড়িত নিয়ম পালন নকৰাৰ বাবে ৩১.৮০ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ইফালে মূলতঃ কেৱাইচি (KYC) সম্পৰ্কীয় নিয়ম উলংঘনৰ বাবে বেংক অৱ মহাৰাষ্ট্ৰকো একে পৰিমাণৰ, অৰ্থাৎ ৩১.৮০ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে।  এক্সিছ বেংকৰ ওপৰত একাউণ্টৰ লেনদেন আৰু আভ্যন্তৰীণ কাৰ্যকলাপত অনিয়মৰ বাবে ২৯.৬০ লাখ টকাৰ জৰিমনা বিহা হৈছে।

ৰিজাৰ্ভ বেংকে স্পষ্ট কৰিছে যে এই জৰিমনাসমূহ বেংকসমূহৰ অনিয়মৰ বাবে আৰোপ কৰা হৈছে আৰু ইয়াৰ পৰা গ্ৰাহকৰ দৈনন্দিন লেনদেনৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। গ্ৰাহকসকলে স্বাভাৱিকভাৱে তেওঁলোকৰ বেংকিং সেৱা ব্যৱহাৰ কৰি যাব পাৰিব।

উল্লেখ্য যে গ্ৰাহক হিচাপে চাইবাৰ সুৰক্ষাৰ প্ৰতি সচেতন হৈ থকা আৰু নিয়মিতভাৱে

নিজৰৰ একাউণ্টৰ তথ্য পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰিজাৰ্ভ বেংকৰ এই কঠোৰ পদক্ষেপে বেংকসমূহক নিয়ম পালনৰ ক্ষেত্ৰত অধিক দায়বদ্ধ হ’বলৈ বাধ্য কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত গ্ৰাহকৰ সুৰক্ষা আৰু বেংকিং ব্যৱস্থাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd