• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2026 3:02 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু ইয়াৰ পিছত হোৱা খেলিমেলিক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক উদ্দেশ্যি উচ্চতম ন্যায়ালয়ে কয় যে বাৰে বাৰে এনে ভুল বা খেলিমেলি চলি থাকিবলৈ দিব নোৱাৰি। ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ অলোক আৰাধেৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে এই পৰীক্ষাৰ সুৰুঙা সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ আৰু আগন্তুক দিনত নীট পৰীক্ষা সম্পূৰ্ণৰূপে কম্পিউটাৰ ভিত্তিক বা অনলাইন মাধ্যমত অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰৰ কি পৰিকল্পনা আছে। ইয়াৰ লগতে বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে পৰীক্ষা ব্যৱস্থাৰ এই ত্ৰুটি দূৰ নোহোৱা পৰ্যন্ত উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ ওপৰত কঠোৰ নজৰ ৰাখিব আৰু ইয়াৰ নিয়মীয়া শুনানি গ্ৰহণ কৰি থাকিব।

আদালতে কেন্দ্ৰক সোধে যে নীট পৰীক্ষা সম্পূৰ্ণ অনলাইন বা কম্পিউটাৰ নিৰ্ভৰ কৰিবলৈ তেওঁলোকে কি কি পদক্ষেপ গ্ৰহণ কৰিছে আৰু অনলাইন মাধ্যমত পৰীক্ষা হ’লে পৰীক্ষাৰ্থীৰ তথ্য তথা চাইবাৰ সুৰক্ষা কেনেকৈ নিশ্চিত কৰা হ’ব। সমগ্ৰ প্ৰক্ৰিয়াটোৱে যাতে এক নিৰ্দিষ্ট আৰু স্থায়ী ৰূপ পায়, সেয়া আদালতে নিশ্চিত কৰিব বুলিও সকীয়াই দিয়ে। ইয়াৰ উত্তৰত কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক আশ্বস্ত কৰি কয় যে ছাত্ৰ-ছাত্ৰীৰ সমস্যা আৰু উদ্বেগ দূৰ কৰিবলৈ চৰকাৰে দহ খোজ আগুৱাই কাম কৰি আছে। পৰীক্ষা ব্যৱস্থাৰ সামগ্ৰিক সংস্কাৰ আৰু চৰকাৰৰ দৃষ্টিভংগী আদালতৰ সন্মুখত দাঙি ধৰিবলৈ তেওঁ কিছু সময় বিচাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা তিনি আগষ্টত নিৰ্ধাৰণ কৰা হৈছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ এই কঠোৰ স্থিতি এনে এক সময়ত পোহৰলৈ আহিছে যেতিয়া দিল্লীৰ যন্তৰ মন্তৰত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে বিশাল আন্দোলন গঢ়ি তুলিছে। ককৰোচ জনতা পাৰ্টিৰ বেনাৰত চলি থকা এই প্ৰতিবাদৰ মূল দাবী হৈছে সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে সংসদ অভিমুখে সমদল উলিওৱাৰ চেষ্টা কৰোঁতে আৰক্ষীৰ সৈতে সংঘৰ্ষ হয় আৰু প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়। আনহাতে, এই আন্দোলনলৈ সমৰ্থন জনাই যোৱা আঠাইশ জুনৰ পৰা অনশনত বহা সমাজকৰ্মী সোণম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতি ঘটাত ওঠৰ জুলাইত তেওঁক ছফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ পত্নী গীতাঞ্জলী আংমোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চপাত আদালতৰ নিৰ্দেশত ৱাংচুকক গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। অৱশেষত শুকুৰবাৰে চৰকাৰৰ লিখিত আশ্বাস পোৱাৰ পিছত তেওঁ অনশন ভংগ কৰে।

সূত্ৰৰ খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ৰ অসন্তুষ্টিৰ পিছত প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত হোৱা জালিয়াতি ৰোধ কৰিবলৈ মোদী চৰকাৰে বৰ্তমানৰ আইন অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে, পাব্লিক এগজামিনেশ্যনছ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এক্ট, ২০২৪ আইনখনত বৃহৎ সংশোধনী অনা হ’ব পাৰে। শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক কোৰ্ট বা দ্ৰুত ন্যায়ালয় গঠনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে, এনে জালিয়াতি চক্ৰৰ লগত জড়িত দোষীৰ কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি আৰু জৰিমনা হিচাপে বৃহৎ পৰিমাণৰ আৰ্থিক শাস্তি বিহাৰ ব্যৱস্থাও কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd