বুধবাৰে কলিয়াবৰৰ মিছাৰ সমীপৱৰ্তী বৰালিগাঁওত স্থানীয় ৰাইজে উদ্ধাৰ কৰা ঠিকনা বিহীন জীৰমিকা তিমুংপিক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ বাতৰি নৰ্থ ইষ্ট নাওত প্ৰকাশ পোৱাৰ পাছতে আজি জীৰমিকা তিমুংপিৰ বায়েক আহি মিছা আৰক্ষী চকীত উপস্থিত হয়।
জানিব পৰা মতে জীৰমিকা তিমুংপি কলিয়াবৰৰ আঁঞ্জুকপানীৰ বৰদেউতাকৰ ঘৰলৈ আহিছিল আৰু বায়েক গোলাঘাটৰ পৰা ডিফুলৈ বুলি আহি আছিল।
লগতে পঢ়ক: ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ
দুয়ো বাই-ভনী মিছাত একেলগ হোৱা কথা আছিল যদিও মোবাইলৰ সংযোগ বিছিন্ন হোৱাত পথভষ্ট হৈ জীৰমিকা মিছাৰ সমীপৱৰ্তী বৰালিগাঁওত উপস্থিত হৈছিল আৰু বৰালিগাঁওৰ স্থানীয় ৰাইজে জীৰমিকাৰ সঠিক ঠিকনা নাপাই মিছা আৰক্ষীক গতাই দিয়ে।
মিছা আৰক্ষীয়ে কণমানি জীৰমিকাৰ সঠিক ঠিকনা নাপাই জীৰমিকাক নগাঁও চাইল্ড লাইনক হস্তান্তৰ কৰিছিল।
অৱশ্যে আজি জীৰমিকাৰ বায়েক গ্ৰেছলি তিমুংপি আৰক্ষী চকীত উপস্থিত হোৱাৰ পাছতে আৰক্ষীয়ে জীৰমিকাৰ বায়েকক লগত লৈ নগাঁও চাইল্ড লাইনত উপস্থিত হয় আৰু জীৰমিকাৰ বায়েক গ্ৰেছলি তিমুংপিৰ হাতত জীৰমিকাক লগ লগাই দিয়ে।
লগতে পঢ়ক: ‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ
আনহাতে, গ্ৰেছলি তিমুংপিয়ে জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ ঘৰ কাৰ্বি আলং জিলাৰ ডিফুৰ আঠ আলি লামডিং পথত। জীৰমিকাক উদ্ধাৰ কৰাৰ বাবে মিছা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে গ্ৰেছলি তিমুংপিয়ে।