• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2026 3:21 pm
122
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ জনপ্ৰিয় গায়ক তথা ইউটিউবাৰ অঙ্কিত বালিয়ানক অতি নৃশংসভাৱে হত্যা কৰা হৈছে। ৩২ বছৰীয়া গায়কজনক লক্ষ্য কৰি দুৰ্বৃত্তই ১৮ জাঁই গুলী চলায়। ইয়াৰে পাঁচ জাঁই গুলী অঙ্কিতৰ শৰীৰত লাগে। এটাকৈ গুলী মূৰ ভেদ কৰি ওলাই যায়। ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনাটো উত্তৰ প্ৰদেশৰ শামলীত সংঘটিত হয়। বুধবাৰে নিশা শামলীৰ এখন ব্যায়ামাগাৰলৈ গৈছিল অঙ্কিত। ব্যায়ামাগাৰৰ পৰা ওলাই অহাৰ সময়তে বাহিৰত ৰৈ থকা দুৰ্বৃত্তই তেওঁলৈ লক্ষ্য কৰি গুলী চলাবলৈ আৰম্ভ কৰে। অঙ্কিতে নিজৰ এছ ইউ ভিৰ আঁৰত আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰিছিল যদিও গুলীৰ পৰা বাচিব নোৱাৰিলে।

Apply Now

ঘটনাক কেন্দ্ৰ কৰি হাৰিয়ানাৰ লগতে উত্তৰ প্ৰদেশতো ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশৰ বিৰোধী দলপতি তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে ঘটনাক লৈ ৰাজ্যখনৰ আইন-শৃংখলা ব্যৱস্থাক কঠোৰ সমালোচনা কৰিছে। কেইমাহমান পাছতেই উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়ে এই হত্যাকাণ্ড নিৰ্বাচনৰ সময়ত এক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ মাজত ভাষা আৰু সংস্কৃতিৰ মিল থকাৰ বাবে অঙ্কিতৰো অঞ্চলটোত যথেষ্ট জনপ্ৰিয়তা আছিল।

হত্যাৰ পিছতেই অঙ্কিতৰ অনুৰাগীয়ে নিশাই তেওঁৰ মৃতদেহ লৈ দিল্লী-মুজাফফৰনগৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে। সেই সময়ত অঙ্কিতৰ মাকে পুত্ৰৰ মূৰ কোলাত লৈ পথতে বহি পৰে। কান্দি কান্দি তেওঁ উপস্থিত লোকসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনাই কয়, “অনুগ্ৰহ কৰি অলপ মনে মনে থাকক। মোৰ ল’ৰা শুই আছে।”

হাৰিয়ানাৰ সামলিৰ বান্টিখেড়া গাঁৱৰ বাসিন্দা অঙ্কিত মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে ইউটিউবতো যথেষ্ট জনপ্ৰিয় আছিল। তেওঁৰ বহু গীতৰ দৃশ্যত এছ ইউ ভি আৰু বিভিন্ন ধৰণৰ আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ দেখা গৈছিল। তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত ‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ অন্যতম।

হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি উত্তৰ প্ৰদেশ আৰক্ষীৰ মীৰাট মণ্ডলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভানু ভাস্কৰে সংবাদ মাধ্যমক জনায়। আৰক্ষীৰ মতে, আক্ৰমণকাৰীৰ সংখ্যা আছিল চাৰিজন। তেওঁলোকে ব্যায়ামাগাৰৰ বাহিৰত দুখন মটৰচাইকেল লৈ অঙ্কিতৰ অপেক্ষাত আছিল। গুলী চলাই তেওঁৰ মৃত্যু নিশ্চিত কৰাৰ পাছত তেওঁলোকে ঘটনাস্থলীৰ পৰা পলাই যায়।

পশ্চিম উত্তৰ প্ৰদেশৰ এই অঞ্চলত পেছাদাৰী ভাড়াতীয়া হত্যাকাৰী দল সক্ৰিয় হৈ থকাৰ কথাও পোহৰলৈ আহিছে। অঙ্কিতক হত্যাৰ ক্ষেত্ৰতো তেনে ভাড়াতীয়া হত্যাকাৰীৰ ব্যৱহাৰ কৰা হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

প্ৰাথমিক তদন্তত আৰক্ষীয়ে অঙ্কিতৰ হত্যাকাণ্ডৰ সৈতে হাৰিয়ানাৰ এখন স্থানীয় নিৰ্বাচনৰ যোগসূত্ৰ থকাৰ সন্দেহ কৰিছে। আৰক্ষীয়ে অঙ্কিতৰ চিনাকি লোকসকলৰ সৈতে কথা পাতি জানিবলৈ পাইছে যে তেওঁ স্থানীয় পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰাৰ প্ৰস্তুতি চলাই আছিল। এই দিশটো অধিক গভীৰভাৱে তদন্ত কৰিবলৈ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা আৰক্ষীয়ে যৌথ তদন্তকাৰী দল গঠন কৰিব পাৰে বুলি ইংগিত পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd