নাইজেৰিয়াৰ নাছাৰাৱা ষ্টেটত এক অতি আচৰিত আৰু অস্বস্তিকৰ পাৰিবাৰিক ঘটনা সংঘটিত হৈছে। ৪৫ বছৰীয়া কৃষক আৰু কাঠমিস্ত্ৰী জন উলাহাৰ বিৰুদ্ধে তেওঁৰ ৪২ বছৰীয়া শাহুৱেক আখেতু ইগবাচুৱেক গৰ্ভৱতী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সকলোৱে ইয়াক লৈ ব্যাপক সমালোচনা কৰিছে।
জানিব পৰা মতে, যোৱা ছেপ্টেম্বৰ মাহত শাহুৱেক আখেতু খেতি চপোৱা কামৰ বাবে সেই অঞ্চললৈ আহিছিল। তাতেই জোঁৱায়েকৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে। সংবাদ মাধ্যমৰ আগত তেওঁ জনায় যে প্ৰথমতে কথাটো ধেমালিৰ চলেৰে আৰম্ভ হৈছিল যদিও পিছলৈ ই নিয়মীয়া শাৰীৰিক সম্পৰ্কলৈ ৰূপান্তৰিত হয়। দিনৰ কাম শেষ হোৱাৰ পিছত নিশা তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক হৈছিল আৰু প্ৰায় তিনি মাহৰ ভিতৰতে তেওঁ গৰ্ভৱতী হয়।
আখেতুৱে জানিবলৈ দিয়া মতে, তেওঁৰ বয়সত যে গৰ্ভধাৰণ সম্ভৱ সেয়া তেওঁ সপোনতো ভবা নাছিল। পৰিস্থিতি জটিল হৈ পৰাত তেওঁ নিজেই নিজৰ জীয়েকক অৰ্থাৎ জনৰ পত্নীক কথাটো জনায় যাতে কিবা এটা সমাধান ওলায়। কিন্তু জীয়েকে খঙতে গোটেই কথাটো ৰাজহুৱা কৰি দিয়ে। আখেতুৱে কয় যে তেওঁ নিজৰ ভুলৰ বাবে অনুতপ্ত আৰু জীয়েকৰ ওচৰত ক্ষমা বিচাৰিছে। লগতে তেওঁ গৰ্ভপাত কৰাৰ সিদ্ধান্ত লৈছে বুলিও জানিবলৈ দিয়ে।
আনহাতে, জোঁৱায়েক জন উলাহাৰ দাবী সম্পূৰ্ণ বেলেগ। তেওঁৰ মতে, শাহুৱেকেহে তেওঁক প্ৰলোভিত কৰিছিল। খেতি পথাৰত কাম কৰি থকাৰ সময়ত শাহুৱেকৰ আচৰণেই তেওঁক আকৰ্ষিত কৰিছিল আৰু পিছলৈ দুয়োৰে সন্মতিতেই এই সম্পৰ্ক চলি আছিল বুলি তেওঁ দাবী কৰে।
এই সমগ্ৰ ঘটনাত জনৰ পত্নী তথা আখেতুৰ জীয়েক ভিক্টোৰিয়া মানসিকভাৱে ভাঙি পৰিছে। তেওঁৰ মতে, স্বামীৰ এনে আচৰণ অতি লজ্জাজনক আৰু ই পাৰিবাৰিক সম্পৰ্কৰ সকলো সীমা অতিক্ৰম কৰিছে। অৱশ্যে তেওঁ লগে লগে বিবাহ বিচ্ছেদৰ পথ বাছি লোৱা নাই। ভৱিষ্যতে কি সিদ্ধান্ত ল’ব সেই বিষয়ে তেওঁ পিছত সুস্থিৰভাৱে ভাবিব বুলি জানিবলৈ দিছে।
এই ঘটনাটোৱে স্থানীয় সমাজত নৈতিকতা, পাৰিবাৰিক দায়িত্ব আৰু সম্পৰ্কৰ সীমাৱদ্ধতাক লৈ নতুনকৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। পৰিয়ালৰ ভিতৰৰ এই অবাঞ্ছিত সম্পৰ্কই এতিয়া তেওঁলোকৰ বৈবাহিক জীৱনত গভীৰ প্ৰভাৱ পেলাইছে আৰু পৰিস্থিতি অনাগত দিনত কোন দিশে আগবাঢ়ে, সেয়া সকলোৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে।





