• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূৰত ২১৪ লাখ কোটি টকাৰ ঋণৰ বোজা লৈ আজি লোকসভাত গৃহীত হ’ব কেন্দ্ৰীয় বাজেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2026 8:52 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূৰত ২১৪ লাখ কোটি টকাৰ ঋণৰ বোজা লৈ আজি সংসদত গৃহীত হ’ব কেন্দ্ৰীয় বাজেট। ১ এপ্ৰিলৰ পৰা ব্যয়ৰ হিচাপ আৰম্ভ হ’ব। আগন্তুক বিত্তীয় বৰ্ষত মোডী চৰকাৰে প্ৰায় ৫৩.৫ লাখ কোটি টকা ব্যয় কৰাৰ লক্ষ্য লৈয়েই আজি সংসদত চূড়ান্ত অনুমোদন হ’ব।

ইয়াৰে ৩৮২ কোটি ২২ লাখ টকা অসমকে ধৰি চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ নিৰ্বাচন আৰু অন্যান্য খৰচৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক দিয়া হৈছে। এনে চমু আলোচনাৰ অন্তত কিছু সংশোধনীৰে বাজেট গৃহীত হ’ব।

Apply Now

চৰকাৰে যেনেকৈ ‘বিত্ত বিধেয়ক ২০২৬’ত সংশোধনী আনিব, একেদৰে এন কে প্ৰেমচন্দ্ৰনৰ দৰে বিৰোধীসকলেও সংশোধনী দাখিল কৰিছে। অৱশ্যে বিৰোধীৰ সংশোধনী মানি লোৱা নহ’ব।

জানিব পৰা মতে চৰকাৰে নিজাববীয়াকৈ বাজেট গৃহীত কৰিব। সংসদত বাজেট দাখিল কৰাৰ ৫০ দিনৰ পাছত আজি লোকসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হ’ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰিছিল।

যদিও মোডী চৰকাৰে অহা এবছৰত ৫৩,৪৭,৩১৫ কোটি টকা খৰচ হ’ব বুলি সংসদৰ অনুমোদন সাপেক্ষে বাজেটখন গৃহীত কৰিলেও ২০২৭ চনৰ শেষৰ ফালে পুনৰ যে অতিৰিক্ত ধন নিবিচাৰিব তাৰ কোনো নিশ্চয়তা নাই বুলিয়েই মত প্ৰকাশ কৰিছে অৱগত সূত্ৰই। কিয়নো এইবাৰে মাৰ্চ মাহত শেষৰ ২০ দিনত প্ৰায় দুই লাখ কোটি টকা বাজেটৰ বহিৰ্ভূত ধন খৰচ কৰাৰ বাবে চৰকাৰে সংসদৰ অনুমোদন লৈছে।

অহা বছৰো একেই হ’ব। কাৰণ, ইৰাণ-ইজৰাইল যুদ্ধ পৰিস্থিতিয়ে ভাৰতত পৰোক্ষ প্ৰভাৱ পেলাইছে। টকাৰ মূল্য কমি আহিছে। আমেৰিকান ডলাৰৰ মূল্য বৃদ্ধি পাইছে। তাৰ লগতে চৰকাৰৰ ঋণৰ বোজাও বাঢ়িছে। যিটো পৰিচালনা কৰাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।

চৰকাৰী তথ্য অনুসৰি আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰৰ আনুমানিক ৰাজহ আয় হ’ব ৩৬,৫১,৫৪৭ কোটি টকা। ২০২৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত চৰকাৰৰ মুঠ ঘৰুৱা আৰু বিদেশী ঋণ আৰু দায়বদ্ধতা ২১৪,৮২,০৫০ কোটি টকা হ’ব।

গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ কেবিনেট সদস্যসকলে ভাৰত অতি সোনকালে তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব বুলি যিমানেই ফুটনি নামাৰক কিয়, বিষয়টো ‘ঋণং কৃত্বা ঘৃতাং পিবেত!’ৰ বিষয় হৈ পৰিছে। অৰ্থাৎ ধাৰ লৈ ঘিউ খোৱাৰ দৰে। ফলত আগন্তুক দিনত চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে যে ৰাইজৰ ওপৰতে চাপ বৃদ্ধি কৰিব, সেয়া কোৱা বাহুল্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd