লোকসভাৰ আগুন্তুক শীতকালীন অধিৱেশনত সলনি হ’ব পাৰে সংসদত প্ৰশ্ন সোধাৰ নিয়ম। লোকসভাৰ সাংসদ মহুৱা মৈত্ৰৰ শেহতীয়া বিতৰ্কৰ পিছতেই চৰ্চালৈ আহিছে এই প্ৰসংগ।
খবৰ অনুসৰি লোকসভাত সাংসদে উত্থাপন কৰা প্ৰশ্ন সাংসদে নিজেই উত্থাপন কৰিব লাগিব। কোনো সহায়ক বা কোনো ব্যক্তিয়ে সাংসদৰ হৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব। এনেধৰণৰ নিয়ম প্ৰৱৰ্ত্তনৰ বাবে আইন প্ৰণয়ণ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য যে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে সংসদত ধনৰ সলনি প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন হৈছিল। সংসদত মোদী চৰকাৰ আৰু ব্যৱসায়ী আদানীক আক্ৰমণ কৰিবলৈ ডুবাইৰ ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ২ কোটি টকা আৰু কেইবাটাও দামী উপহাৰ লোৱাৰ অভিযোগ উত্থাপন হৈছিল মহুৱা মৈত্ৰৰ বিৰুদ্ধে।
মহুৱা মৈত্ৰই ব্যৱসায়ী দৰ্শন হিৰণনন্দনীক প্ৰশ্ন কৰিবলৈ সংসদীয় ইমেইল আইডিৰ লগইন আৰু পাছৱৰ্ড প্ৰদান কৰিছিল। এই অভিযোগৰ পিছতেই বিষয়টো লোকসভাৰ নৈতিকতা সমিতিৰ ওচৰলৈ গৈছিল।
নৈতিকতা সমিতিয়ে তদন্ত আৰু বিবেচনা কৰি মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্যপদ বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এতিয়া মহুৱাৰ সাংসদ পদ থাকিব নে নাই সেয়া শীতকালীন অধিৱেশন আৰম্ভ হ’লেহে গম পোৱা যাব।
ইফালে, মহুৱা মৈত্ৰৰ পাছৱৰ্ড প্ৰদান কৰাৰ কেলেংকাৰীৰ পিছত লোকসভাত সাংসদসকলৰ প্ৰশ্নৰ অধিকাৰ সম্পৰ্কীয় নিয়মৰ সালসলনি কৰা হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, এই সময়ৰ পৰা সাংসদসকলৰ সহায়কসকলে অনলাইনযোগে প্ৰশ্ন দাখিল কৰিব নোৱাৰিব। নিৰ্ভৰশীল লোকৰ এই অধিকাৰ অনিৰ্দিষ্টকাললৈ প্ৰত্যাহাৰ কৰা হৈছে।
৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। সূত্ৰ অনুসৰি, লোকসভাত মহুৱা মৈত্ৰৰ সাংসদ পদ সন্দৰ্ভত নৈতিকতা সমিতিৰ পৰামৰ্শ সংসদত দাখিল কৰা হ’ব। প্ৰতিবেদনত তৃণমূল সাংসদগৰাকীক অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে চৰকাৰী তদন্তৰ পৰামৰ্শ দিয়া হৈছে।