বিয়াৰ মেনুত মাছ নথকাটোও হৈ পৰিল এখন বিবাহৰ হিংসাত্মক ৰূপ লোৱাৰ কাৰণ৷এই সংঘৰ্ষত দৰাও আহত হৈ পৰে। এই হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ টাবে বিয়াৰ পাৰ্টীত আৰক্ষীও উপস্থিত হয়। পৰিস্থিতিয়ে ইমানেই ভয়ংকৰ ৰূপ লয় যে কইনাৰ পিতৃয়েও থানাত কইনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। সূত্ৰ অনুসৰি, অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দৰা-কইনা পক্ষৰ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।
এই কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশত ডিঅ’ৰিয়াত।দৰা অভিষেক শৰ্মাৰ সৈতে সুষমাৰ বিবাহ ঠিক কৰা হৈছিল। শনিবাৰে আছিল দুয়োৰে বিয়া। বিশেষ সময়ত দৰা আহি কইনাগৃহত উপস্থিত হয়। কিন্তু বিবাহ আৰম্ভ হোৱাৰ দৰাপক্ষ এটা কথাতে লাগি থাকে যে মেনুত পনীৰকে ধৰি একাধিক নিৰামিষ খাদ্য আছিল যদিও মাছ নাছিল। কিছুমান বৰযাত্ৰীৰ জৰিয়তে ঘটনাটো জানি খঙত দৰা অগ্নিশৰ্মা হৈ উঠিল।
ছ’চিয়েলৰ জৰিয়তে ভাইৰেলৰ ৫ মিনিটৰ ভিডিঅ’। দেখা গ’ল যে তৰ্কাতৰ্কিৰৰ সময়ত দৰাজনে নিজেই এগৰাকী মহিলাৰ গালত মাৰিছিল। মহিলাগৰাকীৰ স্বামীয়ে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিল। অভিযোগ কৰা হৈছে যে দৰাজনেও তেওঁকো আক্ৰমণ কৰিবলৈ গৈছিল। লগে লগে দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হ’ল৷যাৰ ফলত গুৰুতৰভাৱে আহত হয় পাঁচজন লোক।
পাছত পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী সেই স্থানলৈ আহে। কইনাৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দৰা-কইনাৰ বিৰুদ্ধে গোচৰ তৰিছে। ইতিমধ্যে এই কাণ্ডত আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে।