• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰ্জন বহুত কিন্তু বৰষুণ নাই! সমগ্ৰ দেশত ইডিৰ গোচৰত মাত্ৰ ১ শতাংশহে দোষী সাব্যস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 9:00 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিক লৈ দেশজুৰি চলি থকা তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সংসদত এক চাঞ্চল্যকৰ পৰিসংখ্যা দাখিল কৰিছে। বিৰোধী দলবোৰে ইডিক মোডী চৰকাৰৰ ৰাজনৈতিক অস্ত্ৰ বুলি অভিযোগ কৰি অহাৰ সময়তে চৰকাৰৰ নিজা তথ্যই এতিয়া বিৰোধীৰ হাতত নতুন শক্তি প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিছে যে সমগ্ৰ দেশত ইডিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ হাৰ মাত্ৰ এক শতাংশতকৈ অলপহে বেছি। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে ইডিয়ে যিমান তৎপৰতাৰে তালাচী অভিযান চলাই, সেই একে তৎপৰতাৰে অপৰাধীক দোষী সাব্যস্ত কৰিব পৰা নাই।

তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দাস্তিদাৰ আৰু মহুৱা মৈত্ৰাই সংসদত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে এই তথ্য দাঙি ধৰে। চৰকাৰৰ উত্তৰ অনুসৰি, ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈকে এই ১২ বছৰৰ ভিতৰত ইডিয়ে সমগ্ৰ দেশতে মুঠ ১১,৩৫৩ টা স্থানত তালাচী চলাইছিল। কিন্তু ইমানবোৰ অভিযানৰ পাছতো মাত্ৰ ১২৩ জন লোককহে আদালতত দোষী সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সফলতাৰ হাৰ অতি দুৰ্বল।

Apply Now

বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনৰ ঠিক আগৰ বছৰটোত অৰ্থাৎ ২০২৩-২৪ চনত ইডিয়ে সকলোতকৈ বেছি সক্ৰিয়তা দেখুৱাইছিল। সেই সময়ত দেশৰ প্ৰায় ২৬০০ টা স্থানত অভিযান চলোৱা হৈছিল যদিও মাত্ৰ ১৯ জন ব্যক্তিকহে দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী বছৰবোৰতো একেই স্থিতি দেখিবলৈ পোৱা গৈছে। বিৰোধী দলবোৰে দাবী কৰিছে যে মোডী চৰকাৰে ইডিক কেৱল ৰাজনৈতিক শত্ৰুক দমন কৰিবলৈহে ব্যৱহাৰ কৰিছে আৰু চৰকাৰে দাখিল কৰা এই পৰিসংখ্যাই সেই কথাকে প্ৰমাণ কৰিছে।

কেৱল বিৰোধীয়েই নহয়, শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়েও ইডিৰ কাৰ্যকলাপক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহ বহু ক্ষেত্ৰত ৰাজনৈতিক যুঁজৰ অংশ হৈ পৰিছে। আনকি অভিযুক্তক দীৰ্ঘদিন ধৰি কাৰাগাৰত ৰখাৰ বাবে ইডিয়ে যি কৌশল অৱলম্বন কৰে, তাক লৈও আদালতৰ মজিয়াত সমালোচনা হৈছে। আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াৰ জামিনৰ সময়তো আদালতে তদন্তৰ ধাৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। চৰকাৰৰ এই তথ্যৰ পাছত এতিয়া ইডিৰ নিৰপেক্ষতাক লৈ সমগ্ৰ দেশতে পুনৰ চৰ্চা আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

প্ৰতি ৪৫ ঘণ্টাত এজন শ্ৰমিকৰ কৰুণ মৃত্যু: হাতেৰে মল চাফা কৰা বৰ্বৰ প্ৰথা বন্ধৰ দাবীত দিল্লীত প্ৰতিবাদ

September 3, 2026 9:08 am
ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am
ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

ভাৰতৰ স্থিতি দেখি ভয় খালে নেকি পাকিস্তানে? সিন্ধু জলচুক্তিক লৈ নিজেই বিচাৰিলে আলোচনা

September 3, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd