• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ স্বাৰ্থত কোনো ৰাজনৈতিক দল নাই, সেয়ে মই নিৰ্দলীয়: উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2019 6:31 pm
There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

উপমন্যু হাজৰিকা। ছবি- ফে’চবুকৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কোনো ৰাজনৈতিক দল নাই।‘ মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই এই মন্তব্য কৰে।

সেয়েহে তেওঁ গুৱাহাটী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বুলি সদৰী কৰি কয় ‘নৰেন্দ্ৰ মোদী, চোনীয়া গান্ধী অথবা প্ৰফুল্ল মহন্তই মোক ঘৰত আহি টিকেট দিলেও নিৰ্বাচনত কোনো দলৰ হৈ উঠিব নোৱাৰো।‘

Apply Now

তেওঁ আৰু কয় ‘যিসমূহ বিষয় লৈ আমি আগবাঢ়িছো, সেই বিষয়সমূহ সমাধান কৰাৰ বাবে কোনো ৰাজনৈতিক দল নাই। ময়ো নিৰ্দলীয় প্ৰাৰ্থী, গতিকে খিলঞ্জীয়াই নিৰ্দলীয়ক ভোট দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই।‘

ইয়াৰোপৰি, গুৱাহাটী লোকসভা সমষ্টিত প্ৰায় ১৮ লাখ ‘খিলঞ্জীয়া’ ভোটাৰ থকা বুলি সংবাদমেলত তেওঁ দাবী কৰে।

ইপিনে,  ২০১৬ চনত মুখ্য মন্ত্ৰী সোণোৱালে ‘এজনো বিদেশীক অসমত স্থান দিয়া নহ’ব’ বুলি কোৱা কথাষাৰ উনুকিয়াই দি সংবাদমেলত হাজৰিকাই কয় ‘কিন্তু আজি সেই প্ৰতিশ্ৰুতি ক’ত গ’ল? ’

‘এইক্ষেত্ৰত কংগ্ৰেছো ধোৱা তুলসীৰ পাত নহয় ।‘ বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘২০১৫ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেৱল ভোটৰ স্বাৰ্থতে  বাংলাদেশী ৰক্ষণাবেক্ষণৰ বাবে শপতনামা দাখিল কৰিছিল আৰু এতিয়া ক্ষমতা হেৰুৱাৰ পাছত নিজকে নিৰ্দোশী সজাবলৈ CABৰ বিৰুদ্ধে কৈ আহিছে।‘

ইয়াৰোপৰি কোনো এক ৰাজনৈতিক দলেই বিদেশী সমস্যা সমাধানৰ পক্ষত নাই বুলি দাবী কৰে হাজৰিকাই।

তেওঁ কয় ‘আজি খিলঞ্জীয়াই যদি এওঁলোকক বুজি নুঠে ভৱিষ্যতে অসমৰ ভুমিপুত্ৰ অসমতে সখ্যালঘু হ’ব।‘

আনহাতে, বিগত বৰ্ষৰ ২৮ আগষ্টৰ দিনা উচ্চতম ন্যায়ালয়ে ১০% নমুনা পুনৰ পৰীক্ষণৰ বাবে নিৰ্দেশ দিলে কিন্তু চৰকাৰ আৰু সকলো ৰাজনৈতিক দলে বিপৰীত স্থিতি লৈ বাদ পৰা বিদেশীসকলকহে অন্তৰ্ভুক্ত কৰিবলৈ তৎপৰতা দেখুৱাইছে বুলিও অভিযোগ কৰে হাজৰিকাই।

ইপিনে, গুৱাহাটী লোকসভা সমষ্টিৰে অন্তৰ্গত বহু অঞ্চলত সন্দেহযুক্ত বাংলাদেশীয়ে ভূমি বেদখল কৰাৰ অভিযোগ তোলে হাজৰিকাই।

‘সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল কৰা লাখ লাখ বিঘা সংৰক্ষিত ভূমি বেদখলমুক্ত নকৰি স্থানীয় ভুক্তভোগী খিলঞ্জীয়া ৰাইজক সকাহ নিদিলে চৰকাৰখনে।‘ হাজৰিকাই এইদৰে কয়।

ইয়াৰোপৰি, হাজো, দোকনিয়া, পলাশবাৰী, ছয়গাওঁ, দক্ষিণ সৰুবংশী মৌজা, বকো, দুধনৈ, নগৰবেৰা ইত্যাদি অঞ্চলসমূহৰ ভূমি বেদখলমুক্ত নহ’ল বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, গুৱাহাটীৰ অন্যান্য সমস্যা যেনে খোৱা পানীৰ সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কয় ‘পানীৰ অভাৱৰ ফলত গুৱাহাটীৰ প্ৰায় ৮০ শতাংশ বাসিন্দাই খোৱা আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে পানী কিনিব লাগে। জনসাধাৰণৰ যিমান প্ৰয়োজন বৃদ্ধি হৈছে, তাৰ বাবে অতিৰিক্ত পানীৰ উৎস অনুসন্ধান কৰা অনিবাৰ্য। গুৱাহাটীৰ লগতে অসম এখন বৰষুণ প্ৰধান এলেকা আৰু বৈজ্ঞানিক প্ৰযুক্তিৰে সেই বৰষুণৰ পানীৰে কমি যোৱা ভূ-গৰ্ভৰ জলাশয় সহজে বৃদ্ধি কৰিব পাৰে।‘

ইপিনে, গুৱাহাটী মহানগৰৰ ওচৰে-পাজৰে অঞ্চলসমূহত উদ্যোগসমূহ গঢ় লৈ উঠিছে যদিও শিক্ষিত যুৱকসকল উপকৃত হোৱা নাই বুলিও সংবাদমেলত হাজৰিকাই সদৰী কৰে।

‘বি.এ. পাছ কৰিলেও ৮-১০ হাজাৰ টকাৰে চাকৰি কৰিবলগীয়া হৈছে স্থানীয় খিলঞ্জীয়া যুৱকসকলে। মান্দাকাটা, হাজো, ছয়গাওঁ, আমিনগাওঁ ইত্যাদি অঞ্চলসমূহত বহুসংখ্যক উদ্যোগ গঢ় লৈ উঠিছে যদিও তাৰ পৰা উপকৃত হোৱা নাই যুৱক-যুৱতীসকল।‘ হাজৰিকাই এইদৰে কয়।

হাজৰিকাৰ প্ৰশ্ন ’৪৫ হাজাৰ টকা দৰমহা দি এজন ব্যক্তিক অন্ধ্ৰপ্ৰদেশৰ পৰা অনাতকৈ অসমৰে স্থানীয় যুৱক এজনক প্ৰশিক্ষণ দি ২৫ হাজাৰ টকাৰ এটা চাকৰি দিব নোৱাৰি নেকি?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd