• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰে নিযুক্তি কেলেংকাৰি, বিত্তীয় অৰাজকতা আৰু লুণ্ঠনৰাজৰে অভিলেখ গঢ়িছেঃ ডিৱাইএফআই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 26, 2024 6:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “স্বচ্ছ আৰু নিকা” নিযুক্তিৰ শ্লোগানৰ আঁ‌ৰত চলাই থকা দুৰ্নীতি, ৰাজকোষৰ ধন য’তে ত’তে খৰচ কৰি ৰাজ্যখনক ভয়ংকৰ বিত্তীয় সংকটৰ মাজলৈ নিয়া আৰু ৰাজহুৱা সম্পদ লুণ্ঠনৰ বিৰুদ্ধে অহা ২৮ অক্টোবৰত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে। দিনৰ ১১ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

স্বচ্ছ আৰু নিকা নিযুক্তিৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে ভয়ংকৰ দুৰ্নীতি কৰি গৈছে ।তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২৬০০ টা খালী পদত নিযুক্তি দিবলৈ পুনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু পূৰ্বৰ নিযুক্তিৰ দৰে এইবাৰো অন্যায় আৰু স্বজন তোষণ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ মূল সুৰঙাটো হ’ল ৰাজহুৱা ভাবে সম্পূৰ্ণ ফলাফল ঘোষণা নকৰা আৰু মৌখিক সাক্ষাৎকাৰ (ভাইভা)ৰ জৰিয়তে নিজৰ বিশেষ প্ৰাৰ্থীক বাছনি কৰা। ইয়াৰ ফলতেই বিগত বৰ্ষত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত শুৱালকুছিৰ ৫৬/৫৭ বছৰীয়া বিশেষ প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হৈছিল।

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা বিয়োগম কেলেংকাৰিত জড়িত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বতে নানা প্ৰকাৰে চেষ্টা চলাইছে। প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ আৰু ২০১৪ বৰ্ষৰ দুয়োটা বেটচৰ কেলেংকাৰি সম্পৰ্কত তদন্ত কৰি তথ্যসহ প্ৰতিবেদন দাখিল কৰাৰ পাছতো ৰাজ্য চৰকাৰে কেলেংকাৰিৰে এপিএছ, এচিএছ হোৱা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি তেওঁলোকক পদোন্নতি দিয়াৰহে ব্যৱস্থা কৰিছে। ২৯ কৃষি উন্নয়ন বিষয়া (এডিঅ)ক বিশেষ ন্যায়ালয়ে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰাৰ পাছতো চৰকাৰে বৰ্খাস্ত কৰাৰ সলনি তেওঁলোকক জামিন লোৱাৰ সুযোগ কৰি দিছে। এপিএছচি কেলেংকাৰিত জড়িত সকলৰ জামিন পোৱাৰ ক্ষেত্ৰত চৰকাৰৰ ভুমিকা সন্দেহজনক।

Apply Now

শেহতীয়াকৈ ১৭ জনকৈ এছ আই (আৰক্ষী)ৰ বিৰুদ্ধে বিভাগে বৰ্খাস্তৰ বাবে প্ৰস্তুতি চলাইছে, কিন্তু আচৰিত কথাটো হৈছে ঘটনাটো পোহৰলৈ অহাৰ পাছতো আজি ১৬ বছৰে এইসকল বিষয়াই চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ প্ৰাণকেন্দ্ৰ অসম সচিবালয়ত কৌশলেৰে কেৱল মৌখিক সাক্ষাৎকাৰ পাতিয়ে এই বছৰত ৫০ জন প্ৰাৰ্থীক নিযুক্তি দিছে, ইয়াৰে ভিতৰত অধ্যক্ষৰ ভতিজা, উপাধ্যক্ষৰ আত্মীয়, সচিব পৰ্যায়ৰ বিষয়াৰ কন্যা-বোৱাৰীয়ে চাকৰি পাইছে। বিগত তিনি বছৰত ডেৰ শতাধিক লোকক এনেকৈ নিযুক্তি দিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত লিখিত পৰীক্ষা পাতি মৌখিক সাক্ষাৎকাৰ পতা চৰকাৰে বিধানসভাৰ ৰাজপত্ৰিত পদত এনেকৈ কৌশলেৰে নিজৰ প্ৰাৰ্থীক নিযুক্তি দিছে। জনস্বাস্থ্য বিভাগৰ ১০১ এটা পদত লিখিত পৰীক্ষা অবিহনেই নিযুক্তি দি বিশেষ প্ৰাৰ্থীক নিযুক্তি লাভৰ সুবিধা কৰি দিছে। এইক্ষেত্ৰত অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীসকলেও চাকৰি লাভৰ পৰা বঞ্চিত হৈছে। কোনো বাদ-প্ৰতিবাদক কেৰেপ নকৰি চৰকাৰে স্বজন-তোষণ আৰু অনিয়মেৰে নিযুক্তি প্ৰক্ৰিয়া চলাই গৈছে আৰু তেওঁলোকে শ্লোগান দিছে “স্বচ্ছ আৰু নিকা নিযুক্তি”।

অকল নিযুক্তি কেলেংকাৰিতেই সীমাবদ্ধ হৈ আছে তেনে নহয়। এইখন চৰকাৰে বিত্তীয় অৰাজকতাৰে ৰাজ্যবাসীক বিপদৰ মাজলৈ ঠেলি দিছে। অসম চৰকাৰে প্ৰশাসন চলাবলৈ যি হাৰত ঋণ লৈছে সিয়ে ৰাজ্যখনক ডাঙৰ বিপদৰ ফালে লৈ গৈছে। অনুৎপাদনমূলক খণ্ডত হাজাৰ হাজাৰ কোটি ঋণৰ টকা খৰচ কৰি ৰাজ্যবাসীলৈ বিপদ মাতি আনিছে। এতিয়ালৈ চৰকাৰে ১ লাখ ৫৭ হাজাৰ কোটি টকা ঋণ লৈছে। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত , এমাহতেই দুবাৰকৈ ঋণ লৈছে। ইয়াৰে বেছি সংখ্যক টকা কৰ্মচাৰীৰ দা-দৰমহা, হিতাধিকাৰী আৰু উৎসৱ-পাৰ্বনৰ নামত বিতৰণ কৰিছে। ৰাজ্য চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে কেগেও সতৰ্ক কৰি দিছে। খৰচ আৰু আয়ৰ মাজত সামঞ্জস্য ৰখাব নোৱাৰিলে ৰাজ্যখনে ভয়ংকৰ বিত্তীয় সংকটত পৰিব।

ৰাজ্যবাসীক বিপদৰ মাজলৈ ঠেলি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আন এক ডাঙৰ দুষ্কাৰ্য হৈছে- ৰাজহুৱা সম্পদৰ লুণ্ঠন। চৰকাৰী সম্পদ আদানি-আম্বানিৰ নামত গতাই দিয়াৰ লগতে নিজৰ পৰিয়ালৰ নামতো অবাধে সংগ্ৰহ কৰিছে। বেছি সংখ্যক মন্ত্ৰী-বিধায়কে মাটি-বাৰীৰে সম্পত্তিৰ পাহাৰ গঢ়িছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৰাজ্যৰ কিমান ঠাইত মাটি ক্ৰয় কৰিছে তাৰ হিচাপ নাই। চাহবাগান, পুখুৰী, ৰিজৰ্ট, স্কুল আদি মুখ্যমন্ত্ৰীৰ পৰিয়ালে সকলো বিধি ব্যৱস্থা ভৰিৰে মোহাৰি অনায়েসে নিজৰ নামত কৰি গৈছে। অথচ কোনো মতে মূৰটো গুজি থকা সাধাৰণ মানুহে নিজৰ ঘৰটোও উচ্ছেদৰ নামত হেৰুৱাইছে।

স্মাৰ্ট মিটাৰৰ মাজেৰে জনতাক লুণ্ঠন কৰিব এৰি দি আদানিক হাজাৰ কোটি টকা লাভ দিবলৈ সুযোগ কৰি দিছে। মূল্যবৃদ্ধিয়ে ৰাইজক জ্বলাকলা খুৱাইছে। খাদ্য সামগ্ৰী আৰু ঔষধৰ দামৰ লগতে টোল টেক্স, জি এছ টি, মাটিৰ খাজানা, বজাৰ, নদীৰ ঘাট, মটৰ-গাড়ীৰ টেক্স ব্যাপক হাৰত বঢ়াই ৰাজ্যবাসীক বিপদৰ মাজলৈ ঠেলি দিছে আৰু জীৱন-জীৱিক শেষ কৰিব ওলাইছে। ইয়াৰ লগতে ৰাজ্যৰ প্ৰায় ৩৫ হাজাৰ টেট শিক্ষক, কম্পিউটাৰ শিক্ষক আৰু ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলে দীৰ্ঘদিনে উত্থাপন কৰি অহা ন্যায্য দাবীসমূহ আজিলৈকে পূৰণ কৰাৰ ব্যৱস্থা নকৰিলে। এয়া কেৱল শিক্ষক সকলৰ প্ৰতিয়ে নহয় বৰং সমগ্ৰ শিক্ষা ব্যৱস্থা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি ডাঙৰ অন্যায় কৰি আহিছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে উক্ত বিষয়সমূহলৈ ৰাইজৰ মাজত সজাগত সৃষ্টিৰ লগতে প্ৰতিৰোধ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। তাৰেই অংশ হিচাপে অহা ২৮ অক্টোবৰ তাৰিখে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ওলাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd