• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ২০ হাজাৰতকৈ অধিক তৃতীয় লিংগৰ ব্যক্তিৰ লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 14, 2019 10:46 am

2 min read

swati bidhan baruah assam
349
VIEWS
Share on FacebookShare on Twitter

‘অসম তৃতীয় লিংগ আঁচনি’খন কাৰ্যকৰী কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছতো কাৰ্যকৰী নকৰাত ক্ষুভিত হৈ পৰিছে সদৌ অসম তৃতীয় লিংগ সন্থা।

ৰাজ্যৰ তৃতীয় লিংগসকলৰ উন্নয়নৰ বাবে প্ৰণয়ন কৰা আঁছনিখন যদি ৰাজ্য চৰকাৰে শীঘ্ৰে কাৰ্যকৰী নকৰে তেতিয়া ৰাজ্যৰ ২০ হাজাৰতকৈ অধিক তৃতীয় লিংগৰ ব্যক্তিয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি সদৌ অসম তৃতীয় লিংগ সন্থাই হুংকাৰ প্ৰদান কৰে।

বুধবাৰে অৰ্থাৎ ১৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে সন্থাৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাই এই কথা উল্লেখ কৰি কয় যে ‘অসমৰ তৃতীয় লিংগৰ লোকসকলৰ উন্নয়নৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিগত ফেব্ৰুৱাৰি মাহৰ ভিতৰতে ‘অসম তৃতীয় লিংগ আঁচনি’খন কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। আঁচনিখন অনুসৰি, তৃতীয় লিংগৰ বাবে উন্নয়ন পৰিষদ গঠন কৰা, স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থা কৰা, তৃতীয় লিংগৰ লোকক লেখা-পঢ়া আৰু চাকৰিৰ ব্যৱস্থা চৰকাৰে কৰিব। কিন্তু, ফেব্ৰুৱাৰি মাহ অতিক্ৰম কৰাৰ পাছতো ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নাই। চৰকাৰৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। অসমৰ প্ৰায় বিছ হাজাৰ তৃতীয় লিংগ ভোটাৰে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বাতিল কৰিবলৈ বাধ্য হ’ম।‘

আনহাতে এটা বেচৰকাৰী সংস্থাই তৃতীয় লিংগক লৈ নিৰ্মাণ কৰি থকা ‘আউটকাষ্ট’ নামৰ চলচ্চিত্ৰখনৰ বিৰুদ্ধেও সদৌ অসম তৃতীয় লিংগ সন্থা সৰৱ হৈ পৰে। চলচ্চিত্ৰখনত তৃতীয় লিংগৰ মানুহক বিকৃতভাৱে উপস্থাপন কৰাৰ অভিযোগ তুলি চলচ্চিত্ৰখনৰ নিৰ্মাণ শীঘ্ৰে বন্ধ কৰিবলৈ সন্থাই দাবী জনাইছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd