• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পৰিৱেশ সজাগতা! : পেলনীয়া প্লাষ্টিকেৰে ভূমিস্খলন প্ৰতিৰোধী গাৰ্ড ৱাল নিৰ্মাণ; পিছে ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 12, 2020 7:03 pm

2 min read

পৰিৱেশ সজাগতা! : পেলনীয়া প্লাষ্টিকেৰে ভূমিস্খলন প্ৰতিৰোধী গাৰ্ড ৱাল নিৰ্মাণ; পিছে ক’ত?
219
VIEWS
Share on FacebookShare on Twitter

শিল বা ইটাৰে নহয়, পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছ ভূমিস্খলন প্ৰতিৰোধী গাৰ্ড ৱাল।

‘প্লাষ্টিক ৱাল’ প্ৰকল্পৰ অধীনত তামিলনাডুৰ নীলগিৰি জিলাত আৰম্ভ কৰা হৈছে এই অভিনৱ প্ৰকল্পৰ কাম।

যোৱা ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ দিনাই নীলগিৰি জিলাৰ কুনুৰ পৌৰ নিগমে আৰম্ভ কৰা এই প্ৰকল্পটোৰ ২৬.৭৬ মিটাৰ গাৰ্ড ৱাল ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

উক্ত গাৰ্ড ৱালখনত প্ৰায় ১,২০,০০ কিলোগ্ৰাম পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে বুলি জনাইছে কুনুৰ পৌৰ সভাই।

কুনুৰ পৌৰ সভাৰ চেনিটাৰি পৰিদৰ্শক পি এম মালামুৰুগানে কয়, “সাধাৰণতে এই ধৰণৰ ৱাল ইটাৰে নিৰ্মাণ কৰা হয়। কিন্তু ইয়াত মাটি আৰু পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰ সভাৰ স্বাস্থ্য বিষয়া জে ৰাঙ্গানাথনে এই পৰামৰ্শ আগবঢ়ালে। এই প্লাষ্টিকবোৰ সম্ভৱতঃ ১২০ বছৰলৈকে কাৰ্যক্ষম হৈ থাকিব!”

এই প্ৰকল্প কাম অন্যান্য ঠাইলৈ সম্প্ৰসাৰিত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

“আৰু কিছুমান ঠাইতো আমি এই কাম আৰম্ভ কৰিম। যদি সম্ভৱ হয় আমি ইয়াক দীৰ্ঘম্যাদী কৰিব খুজিছো।” তেওঁ লগতে আৰু কয়।

কুনুৰ পৌৰ সভাই ২০১৬ চনৰ পৰা প্লাষ্টিকৰ গাৰ্ড ৱাল নিৰ্মাণৰ এই প্ৰকল্প স্বচ্ছ ভাৰত অভিযানৰ অধীনত ‘প্লাষ্টিক বিৰোধী আইন ২০১৬’ৰে আৰম্ভ কৰিছিল।

উল্লেখ্য যে, নীলগিৰি জিলা প্ৰশাসনে ২০১৯ চনত এবাৰ ব্যৱহাৰ্য প্লাষ্টিক জিলাখনত ব্যৱহাৰ কৰি নিষিদ্ধ কৰিছিল।

পৰিৱেশ প্ৰদূষণ হ্ৰাসকৰণৰ লগতে ভূগৰ্ভৰ পানী দূষিতকৰণ ৰোধৰ কৰাৰ বাবে জিলা প্ৰশাসনে পানীৰ বটল, চফ্ট ড্ৰিংকছ আৰু অন্যান্য খাদ্য সামগ্ৰী পেকেটৰ লগতে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক ব্যৱহাৰ কৰাতো নিষিদ্ধ কৰিছিল।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd