তেজপুৰৰ পৰা অৰুণাচললৈ যোৱা এখন বলেৰো গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৩জন লোক নিহত হোৱাৰ লগতে আন ৬জন লোক আহত হয়। অৰুণাচল প্ৰদেশৰ চেপাৰ খুপি নামৰ এক দুৰ্গম অঞ্চলত পথ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বলেৰোখনৰ নম্বৰ এ এছ ১২ এ চি ৮২৮৯ বুলি জানিব পৰা গৈছে।
বুধবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত বাহনখন পথৰ পৰা প্ৰায় ৩০০ ফুট তললৈ বাগৰি পৰে। এই দুৰ্ঘটনাটোত তেজপুৰৰ ৰবীন শইকীয়া, লখিমপুৰৰ বাবুল গগৈ নামৰ লোক দুজনৰ লগতে আন এজন লোক নিহত হয়। নিহত হোৱা আনজন লোকক চিনাক্ত কৰিব পৰা হোৱা নাই।
আনহাতে, দুৰ্ঘটনাটোত তেজপুৰৰ নাজিম উদ্দিন ৰহমান, ঢেকিয়াজুলিৰ নবুল আহমেদ আৰু জাবেদ আহমেদকে ধৰি ৬জন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত আহত আন তিনিজনক চিনাক্ত কৰিব পৰা হোৱা নাই। গুৰুতৰভাৱে আহত লোককেইজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখযোগ্য যে উক্ত পথত ভূমিস্খলনৰ বাবে বালিপৰাৰ পৰা ব’মডিলা হৈ টাৱাং সংযোগী মূখ্য পথটোত দীৰ্ঘদিন ধৰি যাতায়াত বন্ধ হৈ আছিল। ইয়াৰ মাজতে বুধবাৰে তেজপুৰৰ পৰা বলেৰো বাহনখন চেপা অভিমুখে ৰাওনা হৈছিল। অতি দুৰ্গম পথৰ বাবেই নিশা নিয়ন্ত্ৰণ হেৰুৱাই চেপাত প্ৰায় ৩০০ ফুট তললৈ বাহনখন সৰি পৰে।
আনহাতে, স্থানীয় লোকে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে দুৰ্ঘটনাত পতিত বাহনখনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰাৰ চেষ্টা চলায়। জানিব পৰা মতে বৃহস্পতিবাৰে পুৱালৈকেহে নিহত আৰু আহত হোৱা যাত্ৰীকেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।