• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 1:31 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ‘টাইগাৰ ষ্টেট’ অৰ্থাৎ বাঘৰ ৰাজ্য বুলি জনাজাত মধ্যপ্ৰদেশত এতিয়া এক ভয়াৱহ সমস্যাই দেখা দিছে। ৰাজ্যখনত বাঘ আৰু চিতাবাঘৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যিটো সংৰক্ষণৰ ফালৰ পৰা এক ডাঙৰ সফলতা। কিন্তু বন্যপ্ৰাণীৰ সংখ্যা বঢ়াৰ লগে লগে মানুহ আৰু জীৱ-জন্তুৰ মাজত সংঘাতো অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলত অৰণ্যৰ কাষৰীয়া গাঁওবোৰত এতিয়া ভয় আৰু চিন্তাৰ সৃষ্টি হৈছে।

 শেহতীয়া কিছুমান তথ্য মতে, ২০২৬ চনৰ প্ৰথম আঠটা মাহতে মধ্যপ্ৰদেশত বন্যপ্ৰাণীৰ আক্ৰমণত কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। আনফালে এই একে সময়ছোৱাতে ৪৫ টাৰো অধিক বাঘৰ মৃত্যু হৈছে। ইয়াৰ পৰা স্পষ্ট হয় যে এই সংঘাতৰ প্ৰভাৱ কেৱল মানুহৰ ওপৰতেই পৰা নাই, বন্যপ্ৰাণীবোৰো সমানে ক্ষতিগ্ৰস্ত হৈছে। বন বিভাগৰ তথ্য অনুসৰি, এই বছৰ বাঘৰ আক্ৰমণত আটাইতকৈ বেছি ২২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বাহিৰেও বনৰীয়া গাহৰিৰ আক্ৰমণত ৮ জন, হাতীৰ আক্ৰমণত ৭ জন, ভালুকৰ আক্ৰমণত ৪ জন আৰু চিতাবাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত কমেও ১৬ গৰাকী মহিলা আৰু কিশোৰী আছিল।

Apply Now

 বিগত মাৰ্চ, এপ্ৰিল আৰু মে’—এই তিনিটা মাহত আক্ৰমণৰ ঘটনা আটাইতকৈ বেছি হৈছিল। ৫০ জন মৃত ব্যক্তিৰ ভিতৰত ৩০ জনেই এই তিনিটা মাহতে প্ৰাণ হেৰুৱাইছিল। মাৰ্চত ৭ জন, এপ্ৰিলত ১৩ জন আৰু মে’ মাহত ১০ জন লোকৰ মৃত্যু হয়। এই সময়ছোৱাত বহু গাঁওবাসী আৰু বিশেষকৈ আদিবাসী সম্প্ৰদায়ৰ লোকসকলে মহুৱা ফুল আৰু তেঁদু পাত তুলিবলৈ হাবিলৈ যায়। ফলত হাবিৰ ভিতৰত বন্যপ্ৰাণীৰ মুখামুখি হোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যায়। বাঘৰ আক্ৰমণৰ ভিতৰত আটাইতকৈ বেছি ১৪ টা আক্ৰমণ মহাকৌশল অঞ্চলত হৈছিল, বিশেষকৈ সিওনী আৰু ইয়াৰ কাষৰীয়া ঠাইবোৰত। ইয়াৰ উপৰি বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভ আৰু ইয়াৰ আশে-পাশে ৭ জন লোকৰ মৃত্যু হয়।

 কেৱল বাঘেই নহয়, আন বন্যপ্ৰাণীয়েও একেদৰে আক্ৰমণ চলাইছে। ছত্তীশগড়ৰ সীমান্তৰ কাষৰীয়া অনুপ্পুৰ, সিধি আৰু শাহদোলৰ দৰে জিলাবোৰত হাতীৰ আক্ৰমণত ৭ জন লোকৰ মৃত্যু হৈছে। ছত্তীশগড়ৰ পৰা মধ্যপ্ৰদেশলৈ হাতী অহাযোৱা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পথ গঢ়ি উঠিছে। ভালুকৰ ৪ টা আক্ৰমণৰ ঘটনাৰ ভিতৰত ৩ টা এই পূব অঞ্চলতে হৈছে। ২০২০-২১ ৰ পৰা ২০২৪-২৫ চনৰ ভিতৰত ৰাজ্যখনত বন্যপ্ৰাণীৰ আক্ৰমণত মুঠ ৪০৬ জন লোকৰ মৃত্যু হৈছিল আৰু এই পাঁচ বছৰত মৃত্যুমুখী হোৱা লোকৰ সংখ্যা আছিল ক্ৰমান্বয়ে ৯০, ৮০, ৮৬, ৭৯ আৰু ৭১ জন। এই সময়ছোৱাত ৫,৮০৪ জন লোক আহত হৈছিল আৰু ৭২,৬২৭ টা পোহনীয়া গৰু-মহ ক্ষতিগ্ৰস্ত হৈছিল। চৰকাৰে ক্ষতিপূৰণ হিচাপে ৮৮.৩৮ কোটি টকাতকৈও অধিক ধন খৰচ কৰিছে, কিন্তু এই ধনে কাৰো জীৱন ঘূৰাই আনিব নোৱাৰে।

 এই সংঘাতৰ মুখ্য কাৰণ হ’ল মানুহৰ বসতি, খেতিপথাৰ আৰু হাবিৰ পৰিসৰ ইটোৱে সিটোৰ অতি কাষ চাপি অহা। আক্ৰমণবোৰ কেৱল গভীৰ অৰণ্যতে নহয়, হাবিৰ কাষৰীয়া এলেকাটো সংঘটিত হৈছে। ২০২২ চনৰ গণনামতে মধ্যপ্ৰদেশত ৭৮৫ টা বাঘ আছিল, যিটো এতিয়া প্ৰায় ১,০০০ টা ছোঁৱাৰ সম্ভাৱনা আছে। কিন্তু বাঘৰ সংখ্যা বৃদ্ধি পালেও সিহঁতৰ বিচৰণৰ বাবে সংৰক্ষিত বনাঞ্চলৰ পৰিসৰ সেই অনুপাতে বঢ়া নাই। ৰাজ্যখনৰ ৯ টা টাইগাৰ ৰিজাৰ্ভৰ আয়তন প্ৰায় ১৬,২৩৩ বৰ্গকিলোমিটাৰ, কিন্তু এটা পূৰ্ণবয়স্ক মতা বাঘক ৫০ ৰ পৰা ১০০ বৰ্গকিলোমিটাৰ এলেকাৰ প্ৰয়োজন হয়। গতিকে সুৰক্ষিত ঠাইৰ অভাৱত বাঘবোৰ হাবিৰ বাহিৰলৈ ওলাই আহে।

 

চলিত বছৰৰ প্ৰথম আঠ মাহত ৪৫ টাৰো অধিক বাঘৰ মৃত্যুৰ খবৰ সমুখলৈ আহিছে। প্ৰাকৃতিক মৃত্যু, নিজৰ মাজত যুঁজ, বেমাৰ আৰু বৃদ্ধ বয়সৰ উপৰিও পথ দুৰ্ঘটনা, ৰেলৰ খুন্দা, বিদ্যুৎস্পৃষ্ট হোৱা, বিষক্ৰিয়া আৰু চোৰাং চিকাৰীৰ বাবেও বাঘৰ মৃত্যু হৈছে। এনটিচিএৰ ২০২৬ চনৰ তালিকাতো মধ্যপ্ৰদেশৰ একাধিক বাঘৰ মৃত্যুৰ তথ্য আছে। যোৱা এপ্ৰিল মাহত পেঞ্চ টাইগাৰ ৰিজাৰ্ভৰ ওচৰত ১৩ দিনৰ ভিতৰত বাঘৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হৈছিল। তাৰে ভিতৰত দিনেশ সেৱতকৰ নামৰ এজন ৩০ বছৰীয়া যুৱক সন্ধিয়াৰ সময়ত জলাশয়ৰ ওচৰত বাঘৰ আক্ৰমণত নিহত হোৱাৰ পিছত স্থানীয় লোকসকল ক্ষোভত ফেটে পৰিছিল। তেওঁলোকে ৰিজাৰ্ভৰ গেট ভাঙচৰ কৰাৰ লগতে গাড়ীত আক্ৰমণ চলায় আৰু হাবিৰ একাংশত জুই লগাই দিয়ে।

 ৰাস্তা, ৰেললাইন আৰু খেতিপথাৰ আদি সম্প্ৰসাৰণৰ বাবে বন্যপ্ৰাণীৰ চলাচলৰ পথ সলনি হৈছে। বাঘক যেনেকৈ নিজৰ বাবে নতুন এলেকাৰ প্ৰয়োজন, ঠিক তেনেকৈ মানুহকো জীৱিকাৰ বাবে হাবিৰ কাঠ, মহুৱা আৰু তেঁদু পাতৰ প্ৰয়োজন। গতিকে মধ্যপ্ৰদেশৰ বাবে এতিয়া প্ৰশ্নটো কেৱল বাঘৰ সংখ্যা কিমান, সেয়া নহয়। মূল প্ৰশ্নটো হৈছে মানুহ আৰু বাঘ দুয়োৰে বাবে সুৰক্ষিত ঠাই কিমান বাকী আছে। সংৰক্ষণৰ সফলতাই যদি নতুন সংঘাতৰ সৃষ্টি কৰে, তেন্তে কেৱল সংখ্যা বঢ়োৱাই নহয়, মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ বাবে উপযুক্ত পৰিৱেশ গঢ়ি তোলাটোৱেই হ’ব আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd