• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে

৩৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮ হাজাৰ ২৪২ জন ভোটাৰে

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , December 5, 2020 7:42 pm

2 min read

a twa
204
VIEWS
Share on FacebookShare on Twitter

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিতব্য তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে।

আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে।

জিলা উপায়ুক্ত গৰাকীয়ে সদৰি কৰা মতে নগাঁও জিলাত প্ৰশাসনৰ অধীনত ১০ টা তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টি আছে। এই সমষ্টি সমূহ হৈছে-বাৰপূজীয়া, টোপাকুচি, জৰাবাৰী, জোঙালবলহু, চহৰী, লুটুমাৰী, কমাৰগাঁও, নামবৰ লালুংগাওঁ আৰু লালুংপাৰ। এই ১০ টা পৰিষদীয় সমষ্টিত ৩৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব।

ইয়াৰ ভিতৰত বিজেপিৰ ১০ জন,।কংগ্ৰেছৰ ১০ জন, অগপৰ ২ জন আৰু অন্যান্য ১৬ জন।ভোটগ্ৰহণৰ বাবে ১০১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ ভিতৰত ১৭ টা স্পৰ্শকাতৰ আৰু ৩৩ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে।

বাৰপূজীয়া, টোপাকুচি, চহৰী, কমাৰগাঁও সমষ্টিত ৩ টা অতি স্পৰ্শকাতৰ,।জৰাবাৰীত ৯ টা অতি স্পৰ্শকাতৰ, জোঙালবলহুত ৫ টা অতি স্পৰ্শকাতৰ, নামবৰ লালুং গাঁৱত এটা অতি স্পৰ্শকাতৰ আৰু ৪ টা স্পৰ্শকাতৰ,।লুটুমাৰীত ৬ টা অতিস্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে।

উপায়ুক্ত গৰাকীয়ে জনোৱা মতে তিৱা পৰিষদীয় সমষ্টিত ৮ হাজাৰ ২৪২ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪০৬১৭ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৩৯৬২৫ গৰাকী।ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ১৮৭ জন প্ৰিজাইডিং বিষয়া আৰু ৩৯৮ জন পুলিং বিষয়া নিযুক্তি দিয়া হৈছে।

তেওঁলোকক অহা ৭ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰত নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও নাট্য মন্দিৰ আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত প্ৰশিক্ষণ দিয়া হ’ব।নিৰ্বাচনৰ এই সমগ্র প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে ৩ টা দলক দায়িত্ব দিয়া হৈছে।

এটা কন্ট্ৰল ৰুমৰ নম্বৰ দিয়া হৈছে। এই নম্বৰ হৈছে-০৩৬৭২-২৩৬৮২৭। সংবাদমেলখনত অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা, জয়ন্ত কুমাৰ বৰা, জিলা নিৰ্বাচনী বিষয়া ৰাজ বৰা আদিও উপস্থিত থাকে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd