• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাধ্যমৰ ক্ষেত্ৰত লোৱা অবিবেচকী-হঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 6, 2022 3:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে অসমৰ বিজেপিৰ চৰকাৰখনে শিক্ষাৰ মাধ্যম সম্পর্কে লোৱা সিদ্ধান্তই ৰাজ্যৰ মাতৃভাষাৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি দাবূী কৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই। উল্লেখযোগ্য যে, অসম চৰকাৰে যোৱা ২৮ জুলাইত চৰকাৰী মাতৃভাষাৰ বিদ্যালয়ত তৃণীৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাত প্ৰচলন কৰিবলৈ সিদ্ধান্ত লৈছিল।

অসম তৃণমূল কংগ্ৰেছ দলে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনেকুৱা জাতি আৰু মাতৃভাষা বিৰোধী হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ লগতে ধিক্কাৰ দিয়ে। দিলীপ শৰ্মাই লগতে কয় “অসমৰ বিজেপি চৰকাৰখনে এফালে জাতি প্ৰেমৰ কথা বাৰে বাৰে দোহাৰে আনফালে জাতি, ভাষা বিৰোধী সিদ্ধান্তবোৰ লৈ আহিছে। এই কাম কৰিছে একমাত্ৰ নাগপুৰ আৰু দিল্লীৰ নির্দেশত। আঞ্চলিক ভাষাসমূহক মষিমূৰ কৰিবলৈ বিজেপি-আৰএছএছৰ এয়া এক কৌশল”।

Apply Now

“সম্প্ৰসাৰণবাদী মানসিকতাৰ বিজেপি আৰু আৰ এছ এছৰ ওচৰত আঞ্চলিক তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাতৃভাষা যে সুৰক্ষিত নহয় শেহতীয়াকৈ চৰকাৰে লোৱা সিদ্ধান্তবোৰে প্ৰমাণ কৰি দিছে”। সংবাদমেলত শৰ্মাই এইদৰে কয়। ইয়াৰোপৰি, ৰাজ্য চৰকাৰে ২০২০ চনৰ ২৪ নৱেম্বৰত অসম লোকসেৱা আয়োগৰ পূৰ্বৰে পৰা থকা অসমীয়া ভাষাৰ বাধ্যতামূলক প্রশ্ন কাকতখন প্রত্যাহাৰ কৰাৰ পিছত যোৱা ২৮ জুলাই পুনৰ কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাত শিকাবলৈ সিদ্ধান্ত লয়।

এই সন্দৰ্ভত শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “অথচ যি সময়ত দেশৰ শিক্ষাবিদ সমাজতত্ত্ববিদ-বিজ্ঞানী সমন্বিতে বিজ্ঞমহলকে ধৰি আনকি ৰাষ্ট্ৰ সংঘৰ সংস্থা ইউনেস্কোৱে প্ৰাথমিক আৰু মাধ্যমিক স্তৰত মাতৃভাষাৰ মাধ্যমতে শিক্ষা হ’ব লাগে বুলি মতপোষণ কৰি আহিছে। তেনে ক্ষেত্ৰত বিজেপি চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্তই সমগ্র জাতিটোৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে”। “মেডিকেল-ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম মাতৃভাষাত পঢ়ুৱাম বুলি ওফাইদাং মৰা ৰাজ্যৰ বিজেপি চৰকাৰে গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ লোৱা আৰু ভবিষ্যতে শিক্ষক নিযুক্তিত ইংৰাজীত দক্ষতা বাধ্যতামূলক কৰা সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ পৰিপন্থী। য’ত ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীৰ পৰা মাতৃভাষাত শিক্ষা দিবলৈ নিৰ্দেশনা দিয়া হৈছে।

অথচ এইখন চৰকাৰে মাজে মাজে চমক সৃষ্টি কৰিবলৈ আনকি শিক্ষকৰ চাকৰি পাবলৈ মাতৃভাষাৰ জ্ঞান অপৰিহাৰ্য বুলি কোৱাটোও সর্বজনবিদিত”। শৰ্মাই লগতে কয়। যি সময়ত ৰাজ্য চৰকাৰে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব পৰা নাই, চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰিব পৰা নাই, বিদ্যালসসমূহত অৰ্হতাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, যি সময়ত দেশৰ ভিতৰতে আধাতে শিক্ষা সামৰি ওলাই অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অসমত সর্বাধিক তেনে সময়ত অসম চৰকাৰৰ এনে অবিবেচক সিদ্ধান্ত বোৰে মাতৃভাষাৰ বিদ্যালয়ৰ ক্ষতি কৰাৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যমক উৎসাহিত কৰিব বুলি অভিযোগ তোলে শৰ্মাই। যাৰ ফলত চৰকাৰে বিচৰাধৰণেই মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ ক্ৰমান্বয়ে বন্ধ হৈ পৰিব বুলি শৰ্মাই সন্দেহ প্ৰকাশ কৰে।

অসম তৃণমূল কংগ্ৰেছ দলে অসমৰ বিজেপিৰ চৰকাৰখনৰ এনেকুৱা হঠকাৰী, অবিবেচক আৰু জাতি-মাতৃভাষা বিৰোধী সিদ্ধান্তক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। লগতে ৰাজ্যৰ চৰকাৰী মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি নির্মাণ, বিদ্যালয় প্ৰাদেশীকিকৰণ, শিক্ষক নিযুক্তি, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ আদি বিষয়বোৰক অগ্ৰাধিকাৰ দি অসমৰ শিক্ষা খণ্ডক এক সন্মানজনক স্থিতিত উপনীত কৰিবলৈ দাবী উত্থাপন কৰে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd